ৰাতিপুৱাই পৰম্পৰাগত ফানেক আৰু ইনাফিছ পৰিধান কৰি এগৰাকী ইমা বজাৰখনত তেওঁৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ঠাইখনত বহেহি৷ আগদিনা সংঘৰ পৰা লোৱা টকাৰে আজি অলপ বেছি বস্তু আনিছে তেওঁ৷ পাহাৰীয়া কল, শাক-পাচলি আৰু বাঁহেৰে নিৰ্মিত কেইপদমান সামগ্ৰী৷ এই ইমাগৰাকীৰ নিজৰ ওপৰত অগাধ বিশ্বাস আছে৷ ‘ইমা কেইথেল’ত হোৱা ব্যৱসায়ৰ ওপৰত তেওঁৰ বিশ্বাস আছে৷ নাৰীশক্তিৰ এক গৌৰৱময় ইতিহাস এই ইমা কেইথলে শতিকাজুৰি কঢ়িয়াই লৈ ফুৰিছে৷
১৬ শতিকাৰ মণিপুৰৰ শাসনকৰ্তাই লালুপ-কাবা নামৰ এটা প্ৰথাৰ প্ৰচলন কৰিছিল৷ এই প্ৰথা অনুসৰি মেইতেই সম্প্ৰদায়ৰ পুৰুষসকল দূৰণিবটীয়া অঞ্চলত খেতি আৰু যুদ্ধৰ বাবে যাবলৈ বাধ্য হৈ পৰিছিল৷ পুৰুষসকলৰ অনুপস্থিতিত ঘৰ চলোৱাৰ দায়িত্ব আহি পৰে মহিলাসকলৰ ওপৰত৷ তেওঁলোকে পথাৰত বিভিন্ন খেতি কৰিবলৈ লয় আৰু কাপোৰ ব’বলৈ আৰম্ভ কৰে আৰু এই সামগ্ৰীসমূহ এখন বজাৰত বিক্ৰী কৰিবলৈ আৰম্ভ কৰে৷ বহুজনে বিশ্বাস কৰে যে এই বজাৰখনেই পাছলৈ ব্যৱস্থিত ৰূপ লয় আৰু বিশ্বত ‘ইমা কেইথেল’ নামেৰে পৰিচিত হৈ পৰে৷
মেইতেই ভাষাৰ শব্দ ‘ইমা’ৰ অৰ্থ হৈছে ‘আই’ বা ‘মাতৃ’ আৰু ‘কেইথেলৰ’ অৰ্থ হৈছে ‘বজাৰ’৷ সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত এছিয়াৰ সৰ্ববৃহৎ বজাৰ হৈছে ‘ইমা কেইথেল’ বা ‘মাতৃ বজাৰ’৷ ইমা কেইথেল ‘নুপি কেইথেল’ অৰ্থাৎ মহিলা বজাৰ নামেৰেও বিখ্যাত৷
ব্ৰিটিছ ঔপনিৱেশিককালত শাসন ব্যৱস্থাৰ কিছুমান সিদ্ধান্তই বজাৰখনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়৷ এনে সিদ্ধান্তৰ বিৰোধিতা কৰিয়েই আৰু তাৰ লগতে অন্য কিছু কাৰণত মণিপুৰৰ বিখ্যাত ‘নুপি লান’ বা নাৰী সংগ্ৰাম সংঘটিত হৈছিল৷ স্বাধীনতাৰ পাছত বজাৰখনে বাণিজ্যিক, সামাজিক আৰু ৰাজনৈতিক গুৰুত্ব লাভ কৰে৷ ২০১০ চনত বজাৰখন ইম্ফল পৌৰ নিগমে নিৰ্মাণ কৰা খাৱাইৰামবন্দ বজাৰলৈ স্থানান্তৰিত কৰা হয়৷
ইমা কেইথেলত কেৱল বিবাহিত মহিলাকহে ব্যৱসায় কৰিবলৈ দিয়াৰ প্ৰথা প্ৰচলিত আছে, বিশেষকৈ ঘৰৰ প্ৰধান মহিলাগৰাকীয়ে ইয়াত অংশ লয় (Market of Matriarchs)৷ এই প্ৰথা এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ প্ৰচলিত হৈ আছে৷ ইয়াত বৰ্তমান প্ৰায় পাঁচ সহস্ৰাধিক এনে মহিলাই ব্যৱসায় কৰি আছে৷ এই মহিলাসকলে এটা বিশেষ সংঘ তৈয়াৰ কৰি লৈছে যি বজাৰ পৰিচালনা কৰে আৰু বজাৰখনৰ মহিলাসকলৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ ঋণো প্ৰদান কৰে৷
“ইয়াত কেৱল ব্যৱসায়ে নহয়, ইয়াত আমি ইমাসকলে নিজৰ সুখ-দুখৰ ভাগ-বাটোৱাৰাও কৰোঁ৷ ক’ভিডকালত বিক্ৰী কম হৈছিল যদিও এতিয়া আগৰ অৱস্থালৈ ঘুৰি আহিছে৷ নিংগল চাহ্লোওবাৰ (মণিপুৰৰ এক উৎসৱ) সময়ত মোৰ বিক্ৰী যথেষ্ট ভাল হয়”
লইথংগবাম অংগবি পিছাক মাছা
ছাগলবন্দ ছায়াং, পশ্চিম ইম্ফলৰ এগৰাকী ইমা কণ্ঠোজাম মানিট’ম্বিয়ে কেইথেলত স্থানীয় ছয়াবিন ছেলিং বৰি বিক্ৰী কৰে৷ তেওঁ কয়, “মোৰ শাহুআয়ে ইয়াত কেইথেল আৰম্ভ কৰিছিল৷ তেওঁৰ পাছত এতিয়া মই ইয়াত ব্যৱসায় কৰা প্ৰায় ১০ বছৰ হ’ল৷ মই ল’ৰালিৰ পৰাই দেখা পাইছোঁ ইমা কেইথলে পৰিয়ালসমূহক জীৱিকাৰ পথ দেখুৱাই আহিছে৷ ভাল বিক্ৰী হোৱা সময়ত মই দিনে প্ৰায় ২০,০০০ টকাৰ বৰি বিক্ৰী কৰোঁ আৰু প্ৰায় ৩০০০ টকাৰ উপাৰ্জন কৰোঁ৷”
কাকৱাৰ প্ৰ’ম’ৱে কেইথেলত কাবক আৰু চেংবাক (চাউলৰ পৰা নিৰ্মিত মিঠাই) বিক্ৰী কৰে৷ লাংথাবলৰ ৰঞ্জন এবেমচাই স্বামীৰ মৃত্যুৰ পাছৰ পৰা পৰিয়াল চলাবলৈ আজি ২০ বছৰ ধৰি কেইথেলত ব্যৱসায় কৰি আহিছে৷
আবক (আইতা)ৰ পৰা উত্তৰাধিকাৰীসূত্ৰে পোৱা দোকানখনত কাৱাকেইথলৰ লইথংগবাম অংগবি পিছাক মাছাই ২০০২ চনৰ পৰা স্থানীয় মাছ বিক্ৰী কৰি আহিছে৷ তেওঁ কয়, “ইয়াত কেৱল ব্যৱসায়ে নহয়, ইয়াত আমি ইমাসকলে নিজৰ সুখ-দুখৰ ভাগ-বাটোৱাৰাও কৰোঁ৷ ক’ভিডকালত বিক্ৰী কম হৈছিল যদিও এতিয়া আগৰ অৱস্থালৈ ঘূৰি আহিছে৷ নিংগল চাহ্লোওবাৰ (মণিপুৰৰ এক উৎসৱ) সময়ত মোৰ বিক্ৰী যথেষ্ট ভাল হয়৷”
‘‘মই সুবিধা পালেই ইমা কেইথেললৈ যাওঁ৷ তাত মণিপুৰৰ স্থানীয় শাক-পাচলি, ফল-মূলৰ পৰা আদি কৰি, বিভিন্ন ধৰণৰ কাপোৰ, আঁঠুৱা, বাচন-বৰ্তন, মাছ, হস্তনিৰ্মিত সামগ্ৰী, গহনা আদি অসংখ্য সামগ্ৰী পোৱা যায়,” অসম ৰাইফলছত কৰ্মৰত অসমৰ নিভা হিলৈধাৰীয়ে অসম বাৰ্তাক এনেদৰে কয়৷ তেওঁ লগতে কয়, “এখন ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাটোত নাৰীৰ অংশগ্ৰহণ আৰু অগ্ৰাধিকাৰ দেখা পালে মনটো ভাল লাগি যায়৷ মণিপুৰত মই এনে বহুকেইখন বজাৰ দেখা পাইছোঁ য’ত মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হয়৷ এই ইমাসকলৰ লগত কথা পাতিও ভাল লাগে, তেওঁলোকৰ কথা-বতৰাৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁলোকে কিমান কষ্ট কৰিব পাৰে৷”
২০১৬ চনৰ ৪ জানুৱাৰীত অহা ইম্ফলৰ ভূমিকম্পত ইমা কেইথেলৰ বজাৰ ভৱনটো যথেষ্ট ক্ষতিগ্ৰস্ত হয় আৰু পাছত ইয়াক পুনৰ্নিৰ্মাণ কৰা হয়৷ ইমা কেইথেলৰ চৰ্চা বিশ্বজুৰি দেখা যায় আৰু ই মণিপুৰৰ বাণিজ্যিক কেন্দ্ৰ হোৱাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো অৰিহণা যোগাইছে৷ নাৰী সবলীকৰণৰ দিশটোক গুৰত্ব প্ৰদান কৰি মণিপুৰ চৰকাৰে ইমা কেইথেলৰ আৰ্হিত আন সাতখন মহিলা বজাৰ মুকলি কৰিছে ক্ৰমে ছুৰাচান্দপুৰ, উখৰুল, জিৰিবাম, কাংপকপি, তামেংলং, সেনাপতি আৰু চাণ্ডেলত৷ ২০১৮ চনৰ ১৬ মাৰ্চত ছুৰাচান্দপুৰৰ নুটে বজাৰখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল৷
অসমতো ভিন্ন সময়ত সৰুকৈ হ’লেও এনে মহিলা বজাৰ স্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে যদিও ইমা কেইথেলৰ আৰ্হিত ব্যৱস্থিত ৰূপত মহিলা বজাৰ নিৰ্মানৰ সম্ভাৱনীয়তা অসমতো নোহোৱা নহয়৷