তেতিয়া পুৱা ১০ বাজিছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত অটল অমৃত কাৰ্ড সেৱা কেন্দ্ৰৰ সন্মুখত শাৰী পাতিছে গোসাঁইগাঁৱৰ সুজন দাসে (৪৩)৷ তেওঁৰ ৭৫ বছৰীয়া মাতৃ সাধনা দাস বৃক্কৰ সমস্যাত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছে৷ এটা সৰু ব্যৱসায় কৰি পৰিয়ালটোক পোহপাল দিয়া সুজন দাসে কয়, “অটল অমৃত কাৰ্ডৰ বাবে মাৰ চিকিৎসাত যথেষ্ট সহায় হৈছে৷ ইয়াৰ বাবে চৰকাৰখনক ধন্যবাদ জনাবই লাগিব৷”
চলিত বৰ্ষৰ ১৫ আগষ্টলৈকে সুজন দাসৰ দৰে ৩,১৮,৬৮৩গৰাকী হিতাধিকাৰীয়ে আঁচনিখনৰ অধীনত তালিকাভুক্ত চিকিৎসালয়সমূহত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিছে৷ ইয়াৰ ভিতৰত, ১,৭৫,২৭৬জন পুৰুষ আৰু ১,৪৩,৪০৭গৰাকী মহিলা৷
সুজন দাসৰ দৰে ৰাজ্যখনৰ দৰিদ্ৰ পৰিয়ালসমূহে দীৰ্ঘম্যাদী বা আকস্মিক আৰু দুৰাৰোগ্য ব্যাধিৰ চিকিৎসাৰ বাবে অত্যধিক ব্যয় বহন কৰিবলগীয়া হয়৷ ৰাজ্যখনৰ দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰা আৰু নিম্ন উপাৰ্জনৰ পৰিয়ালসমূহে সন্মুখীন হোৱা এই সমস্যা লাঘৱ কৰিবলৈ অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ স্বাস্থ্য নিশ্চয়তা আঁচনি ‘অটল অমৃত অভিযান’ আৰম্ভ কৰিছে৷ আঁচনিখনে তেওঁলোকক ৯১খন চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত মানসম্পন্ন চিকিৎসা সেৱা লাভৰ সুবিধা প্ৰদান কৰে৷ ইয়াৰে ৬৮খন চিকিৎসালয় অসমত (৯খন চৰকাৰী আৰু ৫৯খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়) আৰু আন ২৩খন চিকিৎসালয় ৰাজ্যৰ বাহিৰত অৱস্থিত৷
২০১৬ চনৰ ২৫ ডিচেম্বৰত আঁচনিখন মুকলি হোৱাৰে পৰা হিতাধিকাৰীসকলৰ চিকিৎসাৰ বাবে এই তালিকাভুক্ত চিকিৎসালয়সমূহক ৪১৩.৯১ কোটি টকা পৰিশোধ কৰা হৈছে৷ ১৮ এপ্ৰিল, ২০১৮-ৰ পৰা আঁচনিখনক নগদবিহীন মডেললৈ ৰূপান্তৰিত কৰা হৈছিল৷
“এই আঁচনিয়ে বিশেষকৈ চৰকাৰী চিকিৎসালয়সমূহক বিত্তীয় গতিশীলতা লাভ কৰাৰ অৱকাশ দিছে৷ চিকিৎসালয়সমূহে আঁচনিখনৰ অধীনত উপাৰ্জনো কৰিব পাৰে আৰু তাৰ বাবে দৰিদ্ৰ ৰাইজে কোনোধৰণৰ ব্যয় কৰাৰো প্ৰয়োজন নাই যদিহে তেওঁলোক আঁচনিখনৰ আওতালৈ আহে,” অটল অমৃত অভিযানৰ মিছন সঞ্চালক আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সিদ্ধাৰ্থ সিঙে কয়৷ তেওঁ লগতে কয়, “আনকি ব্যক্তিগত চিকিৎসালয়সমূহেও এনে বহু ৰোগী লাভ কৰিছে যিসকলে এই আঁচনিৰ সুবিধা নাপালে হয়তো তেওঁলোকৰ ওচৰলৈ নগ’লহেঁতেন৷”
গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নেমকেয়াৰ হস্পিটেলৰ পৰিচালন সঞ্চালক ডাঃ হিতেশ বৰুৱাই অসম বাৰ্তাক কয় যে তেওঁলোকৰ চিকিৎসালয়ত অটল অমৃত অভিযানৰ অধীনত জুয়ে পোৰা আৰু হৃদৰোগ নিৰাময় বিভাগত প্ৰতিমাহে প্ৰায় ৬০-৭০গৰাকীকৈ ৰোগী চিকিৎসাৰ বাবে আহে৷ তেওঁ লগতে কয়, “এই আঁচনিয়ে দুখীয়া ৰোগীসকলক যথেষ্ট সকাহ দিছে৷ আমাৰ চিকিৎসালয়ত যদিও অটল অমৃতৰ বাবে এতিয়াও যথেষ্ট পৰিমাণৰ প্ৰাপ্য বকেয়া হৈ আছে তথাপি চৰকাৰে দৰিদ্ৰ ৰাইজৰ কল্যাণৰ বাবে হাতত লোৱা এই পদক্ষেপক আমি সমাজ সেৱাৰ দৃষ্টিৰে আগুৱাই নিয়াৰ সকলো প্ৰচেষ্টাই অব্যাহত ৰাখিছোঁ৷”
নগাঁৱৰ মৌখাটিৰ নয়ন ভূঞাই তেওঁৰ মাতৃ লিলি ভুঞাৰ এনজিঅ’প্লাষ্টিৰ বাবে এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নাৰায়ণা ছুপাৰ স্পেচিয়েলিটী হস্পিটেললৈ হঠাতে যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ নয়ন ভূঞাই কয়, “দুই লাখ টকাতকৈ কিছু কম বিল হোৱাত বিলৰ সমুদায় ধন আমি অটল অমৃত কাৰ্ডৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হ’লোঁ৷ কোনো অসুবিধা নোহোৱাকৈ মাত্ৰ এদিনতে সকলোখিনি কাম হৈ গৈছিল৷ কিছুমান সৰু-সুৰা খৰচ আছিল যিবোৰ আঁচনিৰ আওতালৈ নাহে৷ কিন্তু, সেইবোৰৰ বাবে মই বিশেষ চিন্তা কৰিবলগীয়া হোৱা নাছিল৷’’
ৰাজ্যখনৰ দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ আৰু ওপৰৰ যিসমূহ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন ৫ লাখ টকাতকৈ কম তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব৷ আঁচনিখনে অসমৰ ভিতৰত আৰু বাহিৰত তালিকাভুক্ত (ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ) চিকিৎসালয়সমূহত পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে বছৰি ২ লাখ টকালৈকে চিকিৎসাৰ সুবিধা প্ৰদান কৰে য’ত ছটা ৰোগৰ বাবে ৪৩৮টা প্ৰক্ৰিয়া সামৰি লোৱা হৈছে৷ তালিকাভুক্ত এই ছবিধ ৰোগ হৈছে- হৃদজনিত ৰোগ, কৰ্কট ৰোগ, বৃক্ক ৰোগ, স্নায়ু ৰোগ, নৱজাতকৰ ৰোগসমূহ আৰু জুয়ে পোৰা৷
কেইটিমান গুৰুত্বপূৰ্ণ নতুন সা-সুবিধাৰ অন্তৰ্ভুক্তিৰে ২০১৯ চনৰ ২৫ অক্টোবৰত আঁচনিখনক সম্প্ৰসাৰিত কৰি বিস্তাৰিত অটল অমৃত অভিযান নাম দিয়া হয়৷ আইচিইউ পেকেজ, ট্ৰ’মা, শিশুৰ জটিল ৰোগ, শিশুৰোগ শল্য চিকিৎসা, জাপানীজ এনকেফেলাইটিছ তথা একিউট এনকেফেলাইটিছ ছিণ্ড্ৰম আৰু পৰিপূৰক পেকেজৰ দৰে ক্ষেত্ৰসমূহ বিস্তাৰিত আঁচনিখনৰ অধীনত সাঙুৰি লোৱাত ই এতিয়া ১২টা তালিকাভুক্ত ৰোগৰ বাবে ৭৩২টা প্ৰক্ৰিয়াক সামৰি লৈছে৷
বিপিএল পৰিয়ালসমূহৰ বাবে আঁচনিখনৰ অধীনত পঞ্জীয়ন বিনামূলীয়া৷ পৰিয়ালৰ বাৰ্ষিক আয় পাঁচ লাখ টকা বা তাতকৈ কম থকা হিতাধিকাৰীসকলে প্ৰতি বছৰে প্ৰতিজন ব্যক্তিৰ বাবে ১০০ টকাকৈ পৰিশোধ কৰিব লাগিব৷ প্ৰতি বছৰে নৱীকৰণ কৰাৰ সুবিধাও আছে৷ বিপিএল পৰিয়ালৰ ক্ষেত্ৰত নৱীকৰণ বিনামূলীয়া আৰু এপিএল পৰিয়ালৰ ক্ষেত্ৰত নৱীকৰণ শুল্ক প্ৰতিজন ব্যক্তিৰ বাবে ১০০ টকা৷ জিলাসমূহত অৱস্থিত পঞ্জীয়ন কেন্দ্ৰত যোগ্য হিতাধিকাৰীৰ পঞ্জীয়ন কৰা হয়৷