যোৱা ১৯ আগষ্টৰ কেবিনেট বৈঠকখনত গ্ৰহণ কৰা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তই অসমত চৰ্চা লাভ কৰিছে৷ ইয়াৰে এটা লেখত ল’বলগীয়া সিদ্ধান্ত হ’ল ‘চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ অৱসৰৰ বয়স ৬৫ৰ পৰা ৭০ বছৰলৈ বৃদ্ধি’৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিশু শল্য চিকিৎসা বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ জয়ন্ত কুমাৰ গোস্বামীয়ে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “এয়া চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ আৰু ইতিবাচক সিদ্ধান্ত৷ আমাৰ দেশত ৰোগী-চিকিৎসকৰ অনুপাত ১০,০০০ ৰোগীৰ বিপৰীতে এজন৷ এই ব্যৱধান হ্ৰাস কৰিবলৈ অসম চৰকাৰে নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনকে আদি কৰি বহু পদক্ষেপ গ্ৰহণ কৰিছে৷ এই মহাবিদ্যালয়সমূহত নতুন চিকিৎসক গঢ় দিবলৈ অভিজ্ঞতাসম্পন্ন অধ্যাপকৰ প্ৰয়োজন৷ এই সিদ্ধান্তই অসমৰ চিকিৎসা শিক্ষাক অভিজ্ঞতাপূৰ্ণ কৰি ৰখাত সহায় কৰিব৷”
তেওঁ লগতে কয়, “ব্যক্তিগত দৃষ্টিভংগীৰে চাবলৈ গ’লেও অৱসৰৰ পাছত বহু অধ্যাপকে ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয়ত পাঠদান কৰে৷ এই সিদ্ধান্তৰ ফলত তেওঁলোকৰ অভিজ্ঞতাই চৰকাৰী খণ্ডক উপকৃত কৰিব৷”
আনহাতে স্বাস্থ্যসেৱা খণ্ডতেই আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই কেবিনেট বৈঠকত লোৱা হয়৷ ২০২২-২৩ বৰ্ষৰ বাবে ‘চাহ বাগিচাকে ধৰি বিনামূলীয়া ঔষধ আৰু ব্যৱহাৰযোগ্য সামগ্ৰী’ আঁচনিৰ বাবে ১৩৬.৮ কোটি টকা অনুমোদন কৰা হয়৷ এই পূঁজিৰ জৰিয়তে চৰকাৰী স্বাস্থ্যসেৱা কেন্দ্ৰ সমূহত ঔষধ, অস্ত্ৰোপচাৰ সামগ্ৰী, চিলাই সামগ্ৰী, বীজাণুনাশক আদিৰ উপলভ্যতা বৃদ্ধি কৰা হ’ব৷
নগাঁৱৰ ননৈ চাহ বাগিচা চিকিৎসালয়ৰ এগৰাকী চিকিৎসক ডাঃ জয়ন্ত কুমাৰ দাসে কয়, “যদিও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত থকা বাগিচাৰ চিকিৎসালয়সমূহত ঔষধ বিনামুলীয়া হয় তথাপি কেতিয়াবা কিছুমান ঔষধ উপলভ্য নহয়৷ এই পুঁজিয়ে নিশ্চয় এনে সমস্যা নোহোৱা কৰিব৷”