অসমৰ স্বাস্থ্য আন্তঃগাঁথনিলৈ এক নৱ সংযোজনেৰে কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই কামৰূপ (গ্ৰাম্য) জিলাৰ চাংসাৰিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ (নাইপাৰ) এটা নতুন চৌহদৰ ভাৰ্চুৱেলী উদ্বোধন কৰে।
২৭,৬৮৮ বৰ্গ মিটাৰৰ এই নতুন চৌহদটো ১৫৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নাইপাৰ গুৱাহাটীৰ লগতে নাইপাৰ হায়দৰাবাদ আৰু ৰায়বেৰেলী ৰাইজলৈে উৎসৰ্গা কৰে আৰু অসমৰ কেইবাটাও স্বাস্থ্যসেৱা আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী- আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ (পিএম-এবিএইম) অধীনত কেইবা কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰা হ’ব আৰু প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনাৰ (পিএমএছএছৱাই) অধীনত অসম চিকিৎসা মহাবিদ্যালয়ৰ উন্নীতকৰণৰ বাবে ১৫০ কোটি টকাৰ অনুমোদন জনোৱা হৈছে।
এই স্বাস্থ্য সেৱা আন্তঃগাঁথনি প্ৰকল্পসমূহৰ ভিতৰত আছে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ১০০খনকৈ বিছনাযুক্ত মাতৃ আৰু শিশু স্বাস্থ্য শাখাৰ উদ্বোধন। উক্ত কাৰ্যসূচীতে নলবাৰীৰ ঘগ্ৰাপাৰ, ওদালগুৰিৰ খৈৰাবাৰী কোকৰাঝাৰৰ গোসাঁইগাঁও, মৰিগাঁৱৰ লাহৰীঘাট, নগাঁৱৰ বৰাপুজীয়া, যোৰহাটৰ নাকছাৰী, বাক্সাৰ মুছলপুৰ, চিৰাঙৰ বল্লামগুৰিত একোটাকৈ খণ্ড প্ৰাথমিক স্বাস্থ্য গোট মুকলি কৰা হয়।
আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ১৬ টা স্বাস্থ্য আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলাও এই অনুষ্ঠানত স্থাপন কৰা হয়।
ড০ মাণ্ডৱিয়াই তেওঁৰ ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক আধাৰ হিচাপে লৈ আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ দিশত নাইপাৰসমূহ ফাৰ্মাচিউটিকেল আৰু মেড-টেক্ খণ্ডত জ্ঞান, শিক্ষা, গৱেষণা আৰু ব্যৱসায়ক সংযোগ কৰাৰ সেতু হৈ পৰিছে। “নাইপাৰ সমগ্ৰ দেশৰ কাৰিকৰী আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ এক বৃহৎ নাম হিচাপে প্ৰতিষ্ঠিত হৈছে আৰু প্ৰায় ৮,০০০ শিক্ষাৰ্থীয়ে ইয়াত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি পেছাদাৰী ক্ষেত্ৰত সফলতা লাভ কৰিছে। নাইপাৰৰ নামত ৩৮০টাৰো অধিক পেটেণ্ট পঞ্জীয়ন হৈছে।”
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে এক প্ৰগতিশীল উত্তৰ-পূৰ্বাঞ্চল আৰু এক দেশৰ উদ্দেশ্য সাধনৰ দিশত নাইপাৰ হৈছে চৰকাৰৰ অটল সমৰ্পণৰ জীৱন্ত উদাহৰণ।
তেখেতে টাটা মেম’ৰিয়েল ইনষ্টিটিউট আৰু দেশৰ ১৪খন কৰ্কট প্ৰতিষ্ঠানৰ সহায়ত ৰাজ্যখনত কৰ্কট ৰোগ চিকিৎসা কেন্দ্ৰৰ এক সংহত ব্যৱস্থা তৈয়াৰ কৰাৰ বাবে অসমক প্ৰশংসা কৰে।
ৰাসায়নিক আৰু সাৰ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই উল্লেখ কৰে যে এই নতুন পদক্ষেপসমূহ প্ৰধানমন্ত্ৰীৰ “সবকা সাথ সবকা বিকাশ”ৰ দৃষ্টিভংগীৰ আধাৰত গঢ় লৈ উঠিছে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ এই স্বাস্থ্য আন্তঃগাঁথনি প্ৰকল্পসমূহ অঞ্চলটোৰ জনসাধাৰণৰ স্বাস্থ্য আৰু সুস্থ জীৱনৰ বাবে এক আশীৰ্বাদস্বৰূপ। অসমৰ এই অভূতপূৰ্ব বিকাশ আৰু উন্নয়নৰ যাত্ৰাক গতি প্ৰদান কৰাৰ বাবে বাবে তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অমৃত কালৰ সময়ছোৱাত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত স্থাপন হোৱা আৰু হ’বলগীয়া স্বাস্থ্য আন্তঃগাঁথনিসমূহ দেশৰ উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহে ইয়াৰ জৰিয়তে দেশৰ উন্নয়নৰ যাত্ৰাত অৰিহণা যোগাবলৈ সক্ষম হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এইমছ, নাইপাৰ, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদকে আদি কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত থকা সকলো গুৰুত্বপূৰ্ণ স্বাস্থ্য প্ৰতিষ্ঠানৰ সৈতে কামৰূপ জিলা ৰাজ্যখনৰ এক গুৰুত্বপূৰ্ণ স্বাস্থ্য সেৱা প্ৰদানকৰ্তা হিচাপে পৰিগণিত হৈছে।
ড০ শৰ্মাই কয় যে এই প্ৰতিষ্ঠানসমূহে ফাৰ্মাচিউটিকেল শিক্ষা আৰু গৱেষণাৰ মান আৰু উৎকৰ্ষ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ লগতে স্নাতকোত্তৰ, ডক্টৰেট আৰু প’ষ্টডক্টৰেট পাঠ্যক্ৰম প্ৰদান কৰিব। তেওঁ ফাৰ্মাচিউটিকেল শিক্ষাৰ গৱেষণা, ফাৰ্মাচিউটিকেল ক্ষেত্ৰখনৰ কৰ্মশক্তিৰ গৱেষণা আৰু প্ৰশিক্ষণক সাঙুৰি এই প্ৰতিষ্ঠানসমূহে এক বহুমুখী দৃষ্টিভংগী বিকশিত কৰিব বুলি আশা প্ৰকাশ কৰে।