অসমৰ স্বাস্থ্যখণ্ডত এক নৱ-সংযোজনেৰে যোৱা ২৬ জুনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰপৰা এক বিশেষ আইচিইউ প্ৰকল্পৰ শুভাৰম্ভ কৰে৷ ই-গভ ফাউণ্ডেচন, কৰুণা ট্ৰাষ্ট আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ১০ খনকৈ বিছনাযুক্ত আইচিইউ প্ৰকল্পৰ অধীনত ২১ খন জিলাৰ ২৩খন অসামৰিক আৰু মহকুমা অসামৰিক চিকিৎসালয়ত মুঠ ৩৬৫খন আইচিইউ বিছনা ৰাইজৰ বাবে উছৰ্গা কৰা হয়৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়, “ৰাজ্যৰ স্বাস্থ্যসেৱাৰ আধুনিকীকৰণ আৰু সবলীকৰণৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ অসম ক্ৰিটিকেল কেয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰকল্পৰ অধীনত আমি অসমৰ প্ৰতিখন চিকিৎসালয়তে আইচিইউৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছোঁ৷ ই-গভ ফাউণ্ডেচন আৰু কৰুণা ট্ৰাষ্টে এই ক্ষেত্ৰত বিশেষ প্ৰযুক্তিৰ সংযোজন কৰিছে৷ এই আইচিইউ বিছনাৰ তথ্য চিকিৎসা মহাবিদ্যালয়ৰপৰা নিয়ন্ত্ৰণ কৰিব পৰা যাব৷”
তেওঁ লগতে কয় যে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬% স্বাস্থ্যখণ্ডত বিনিয়োগ কৰা হৈছে আৰু এই বিনিয়োগৰ পৰিমাণ প্ৰতিবছৰে বৃদ্ধি পাব৷ ৰাজ্য চৰকাৰে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বিষয়েও তেখেতে উল্লেখ কৰে৷
অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অন্য ৫টা নতুন প্ৰকল্পৰো কেন্দ্ৰীয়ভাৱে শুভাৰম্ভ কৰে৷ এই প্ৰকল্পসমূহ হৈছে- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত নেচনেল ইমাৰজেন্সী লাইফ ছাপৰ্ট স্কিল লেব, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত মাল্টি ডিচিপ্লিনেৰী ৰিছাৰ্ছ ইউনিট, গুৱাহাটী ৰিফাইনেৰী আৰু ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পাৰিপাশ্বিৰ্ক দায়বদ্ধতা আঁচনিৰ অংশ হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ৩২টা শ্লাইচ চিটি স্কেন মেছিন, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নৱনিৰ্মিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মলিকুলাৰ অঙ্ক’লজী লেব, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ বাবে স্বাস্থ্য সম্পদ ব্যৱস্থাপনা প্ৰণালী৷