সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত অন্তৰ্ভুক্ত নোহোৱা অসমৰ অনুসূচিত জনজাতি আৰু ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ সামগ্ৰিক কাৰ্যকলাপৰ সৈতে জড়িত বিষয়সমূহক লৈ এখনি বিশেষ সন্মিলন অনুষ্ঠিত হয়। যোৱা জুনত গুৱাহাটীত অসম বিধান সভাৰ অধীনত আয়োজিত দুদিনীয়া সন্মিলনখন হৈছে ৰাজ্যৰ প্ৰথমখন এনে স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন ।
সন্মিলনখনত গুৰুত্ব লাভ কৰা বিষয়সমূহ আছিল ৰাজহুৱা আকাংক্ষা পূৰণ কৰাৰ বাবে স্থানীয় আৰু তৃণমূল গণতান্ত্ৰিক ব্যৱস্থাটোক শক্তিশালী কৰা, পৰিষদৰ অধীনৰ আইন ব্যৱস্থাৰ নিৰ্দিষ্ট আইনী প্ৰক্ৰিয়া আগবঢ়োৱা, বাজেট সম্পৰ্কীয় বিষয় আৰু বাজেট আবণ্টন ইত্যাদি।
অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে প্ৰাসংগিক আইন, নীতি-নিয়ম, বিধান, উপ-আইন আদিৰ ব্যৱস্থা কাৰ্যকৰী ৰূপায়ণৰ বাবে স্বায়ত্তশাসিত পৰিষদসমূহক সবল আৰু শক্তিশালী কৰাটো আছিল এই সন্মিলনৰ উদ্দেশ্য।
জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সন্মিলনখন উদ্বোধন কৰাৰ সময়ত এই পৰিষদসমূহ গঠনৰ পৃষ্ঠভূমি সম্পৰ্কে আলোকপাত কৰে। তেওঁ ভাষণত কয়, “এই স্বায়ত্তশাসিত পৰিষদসমূহক জনজাতীয় লোকসকলৰ শৈক্ষিক আৰু অৰ্থনৈতিক বিকাশৰ লগতে তেওঁলোকক ভাষিক, সাংস্কৃতিক আৰু জাতিগত সুৰক্ষা প্ৰদানৰ বাবে গঠন কৰা হৈছিল। পৰিষদসমূহে নিজৰ ভাষাৰ বিকাশ আৰু সংস্কৃতিৰ সংৰক্ষণৰ বাবে কাম কৰাৰ লগতে জনজাতীয় পৰম্পৰা, গৌৰৱ আৰু আত্মসন্মানৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব।”
জনজাতীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে স্বায়ত্তশাসিত পৰিষদসমূহক জনজাতীয় লোকসকলৰ বহু পুৰণি ভূমি সম্পৰ্কীয় সমস্যাসমূহৰ মীমাংসাৰ বাবে মিছন বসুন্ধৰা সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায়।
ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় ১৭.৫% জনসংখ্যা অনুসূচিত জনজাতিৰ আৰু ৰাজ্য চৰকাৰে তেওঁলোকৰ উন্নয়নৰ দিশত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ স্বায়ত্তশাসিত পৰিষদসমূহক শিক্ষাৰ দিশত গুৰুত্ব প্ৰদান কৰি অনুসূচিত জনজাতি আৰু অনুন্নত খিলঞ্জীয়া লোকসকলৰ বিকাশ সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।
কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্মই কয়, “এসময়ত স্বায়ত্তশাসনৰ আন্দোলনক নেতিবাচক দৃষ্টিৰে প্ৰদান কৰা হৈছিল। বৰ্তমান স্বায়ত্তশাসনক জনসাধাৰণে সমৰ্থন কৰি নিজকে বিকশিত কৰাৰ সুযোগ প্ৰদান কৰিছে।”
সন্মিলনখনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদ, তিৱা স্বায়ত্তশাসিত পৰিষদ, দেউৰী স্বায়ত্তশাসিত পৰিষদ, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, মৰাণ স্বায়ত্তশাসিত পৰিষদ, মটক স্বায়ত্তশাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, উপ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্য আৰু অধ্যক্ষসকল উপস্থিত আছিল।
অসম বিধান সভাৰ সচিব দুলাল পেগুৱে সন্মিলনখনক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি অসম বাৰ্তাক কয়, “এই ঐতিহাসিক সন্মিলনখনে ৰাজ্যখনৰ বিভিন্ন স্বায়ত্তশাসিত পৰিষদসমূহৰ মাজত আলোচনাৰ মাধ্যমেৰে ধাৰণা বিনিময় আৰু উত্তম পদ্ধতিসমূহৰ ভাগ-বাটোৱাৰা কৰাৰ বাবে এখনি মঞ্চ প্ৰদান কৰিছে।”
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই এই পৰিষদসমূহক পৰিচালনা কৰা আইন সম্পৰ্কে উল্লেখ কৰি কয়, “প্ৰথমবাৰৰ বাবে, আমি আমাৰ প্ৰশনসমূহক এখনি সঠিক মঞ্চত আলোকপাত কৰিবলৈ সক্ষম হৈছোঁ।”
তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ কোঁৱৰে এই পদক্ষেপৰ প্ৰশংসা কৰি কয় যে এয়া উন্নয়নৰ দিশত এটি খোজ। তেওঁ কয়, “স্বায়ত্তশাসিত পৰিষদসমূহক প্ৰদান কৰা পুঁজিৰ পৰিমাণ জনসংখ্যাৰ আধাৰিত হ’ব লাগে। দীৰ্ঘদিন ধৰি আমি স্বায়ত্তশাসিত পৰিষদসমূহৰ বাবে সাংবিধানিক মৰ্যাদা দাবী কৰি আহিছোঁ।”
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে সময়মতে পুঁজি আবণ্টনৰ লগতে এই পৰিষদসমূহক অধিক ক্ষমতা প্ৰদানৰ বাবে আহ্বান জনাই বৰ্তমানৰ আইনসমূহৰ পুনৰীক্ষণৰ দাবী জনায়।