সুৰঞ্জনা বেণ্ডে যেতিয়া আপোনাৰ ঘৰৰ সন্মুখেদি ‘কদম কদম বঢ়ায়ে যা’ বা দশম অসম আৰক্ষী বেটেলিয়নৰ কেন্দ্ৰীয় ব্ৰাছ বেণ্ডটোৱে ‘আলমৰা কুইক মাৰ্ছ’ আৰু ‘আহ আহ ওলাই আহ’ৰ ছন্দৰে লহৰ তুলিব, তেতিয়া আপুনি স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় উদযাপন সমাৰোহত থকাৰ দৰে অনুভৱ কৰিব৷ ৰাজ্যত উদযাপিত হ’বলগীয়া স্বাধীনতা দিৱসৰ পেৰেডক দিল্লীৰ কেন্দ্ৰীয় স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ পেৰেডৰ অনুৰূপ অনুষ্ঠিত কৰি অসমৰ ৰাইজক পোনপটীয়াকৈ সংযুক্ত কৰাৰ এক পৰিকল্পনা কৰা হৈছে৷
৭৭সংখ্যক স্বাধীনতা দিৱসৰ পেৰেড এইবাৰ পূৰ্বতকৈ সুকীয়াধৰণে আয়োজন কৰা হ’ব৷ ১৫ আগষ্টত হ’বলগীয়া অমৃতকালৰ এই পেৰেড খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰপৰা কাষৰ ৰাজপথলৈও উলিয়াই অনাৰ যো-জা চলাইছে অসম চৰকাৰে৷ প্ৰায় ২১টা বাহিনীয়ে কৰিবলগীয়া এই পেৰেড উপভোগ কৰিবলৈ ৰাইজৰ সুবিধাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷
লগতে আন এক বিশেষ পেৰেড ১৩ আগষ্টত গুৱাহাটী নগৰৰ মাজমজিয়াত (তথ্য অনুসৰি দীঘলী পুখুৰীৰ পাৰত হোৱাৰ সম্ভাৱনা অধিক) আয়োজন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ মূলতঃ এনচিচিৰ কেডেটসকলে এই বিশেষ পেৰেডত অংশ ল’ব৷ তেওঁলোকৰ সৈতে অসম আৰক্ষীৰ বহুকেইটা বাহিনী আৰু বেণ্ডেও এই পেৰেডত অংশ ল’ব৷
প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী, অসমৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিঙে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অমৃতকালৰ এই পেৰেড ব্যতিক্ৰমী ধৰণেৰে সজাবলৈ যত্ন কৰা হৈছে৷ আমি এইবাৰ পেৰেডত নৱ-নিযুক্তসকলক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ চেষ্টা কৰিছোঁ৷” তেওঁ লগতে কয়, “এইবাৰ পেৰেড যিহেতু পূৰ্বতকৈ অধিক সময়ৰ বাবে হ’ব আৰু মাৰ্ছিং দূৰত্বও বৃদ্ধি পাব, সেয়ে আমি কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ এটা বেণ্ডৰ লগতে আন কেইটামান বেণ্ডক আমাৰ পেৰেডত অংগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ৷”
বন বিভাগৰ এটি মহিলা বনকৰ্মী দল আৰু অসম আৰক্ষীৰ মহিলা বেণ্ড ‘সুৰঞ্জনা’ইও ১৫ আগষ্টৰ মূল পেৰেডত অংগ্ৰহণ কৰিব৷ অখিলেশ কুমাৰ সিঙে কয়, “নৱ-নিযুক্ত সকলক প্ৰদান কৰা অগ্ৰাধিকাৰে এইবাৰৰ পেৰেডক অধিক যুৱমুখী কৰি তুলিব আৰু বিশেষ বেণ্ডসমূহৰ উপস্থিতিয়ে ইয়াক অধিক উপভোগ্য কৰি তুলিব৷”
“দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰপৰা এইবাৰ প্ৰায় ২০০ সদস্যৰ সৈতে মুঠ তিনিটা বাহিনীয়ে পেৰেডত অংশ ল’বলৈ গুৱাহাটীলৈ আহিব,” উপমহাপৰিদৰ্শক(প্ৰশিক্ষণ) বিগ্ৰেডিয়াৰ চৰণদ্বীপ সিঙে কয়৷ তেখেতে কয় যে সকলোৱে উৎসাহেৰে এইকেইদিন প্ৰশিক্ষণত ব্যস্ত হৈ আছে৷
মান্দাকাটাৰ অসম আৰক্ষী কামাণ্ডো বেটেলিয়নতো স্বাধীনতা দিৱসৰ পেৰেডৰ বাবে প্ৰশিক্ষণ ১ তাৰিখৰপৰা আৰম্ভ হ’ব যদিও বৰ্তমান ইয়াত সকলোৱে দৈনন্দিন অভ্যাস আৰু অনুশীলন অব্যাহত ৰাখিছে৷
দশম অসম আৰক্ষী বেটেলিয়নৰ বেণ্ড মাষ্টাৰ ছুবেদাৰ অজিত গগৈয়ে কয়, “এইবাৰৰ স্বাধীনতা দিৱসৰ পেৰেডৰ বাবে আমি যথেষ্ট উৎসাহিত হৈ আছোঁ৷ আমি বেণ্ডসমূহৰ
প্ৰাক-প্ৰদৰ্শনৰ অনুশীলন আৰম্ভ কৰিম অহা ১ আগষ্টৰপৰা৷ ইতিমধ্যে গানসমূহ আমাৰ বেণ্ডে সাজু কৰিছেই৷ যিহেতু পেৰেডৰ সময় পূৰ্বতকৈ দীঘলীয়া হ’ব, আমি বহুকেইটা বেণ্ড-সংগীত সাজু কৰিম৷”
শিলপুখুৰীৰ নিৱাসী মামনি কাশ্যপে কয়, “আমি সৰু থাকোঁতে স্বাধীনতা দিৱসৰ পেৰেড কেৱল টিভিতহে উপভোগ কৰিছিলোঁ৷ আজি পৰিৱেশ সলনি হৈছে৷ এইবাৰ যিটো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিছে ইয়াৰ জৰিয়তে সকলোৱে স্বাধীনতা দিৱসৰ বিশেষ পেৰেডৰ গুৰুত্ব অনুধাৱন কৰি গৌৰৱাম্বিত হ’ব পাৰিব৷ আমাৰ সন্তানক আমি পেৰেড দেখুৱাবলৈ দুয়োটা দিনতে লৈ যাম৷”
কটন বিশ্ববিদ্যালয়ত কৰ্মৰত জিতমণি গগৈয়ে কয়, “পূৰ্বতে স্বাধীনতা দিৱসৰ আনন্দ খানাপাৰালৈ গৈহে উপভোগ কৰিব পৰা গৈছিল আৰু অধিক প্ৰশাসনীয় বিষয়াকেন্দ্ৰিক আছিল যেন অনুভৱ হৈছিল৷ ফিল্ডৰ ভিতৰত পেৰেড উপভোগ কৰাৰ ক্ষেত্ৰতো কিছুমান আনুষংগিক অসুবিধাও আছিল৷ এই ব্যৱস্থাই স্বাধীনতা দিৱসৰ পেৰেডক অধিক জনমুখী কৰি তুলি জন-অংশীদাৰিত্ব বৃদ্ধি কৰিব৷ ১৩ তাৰিখৰ পেৰেডটোৱে স্বাধীনতা দিৱসক আদৰাৰ বাবে গুৱাহাটীবাসীক উদ্বুদ্ধ কৰিব৷ যোৱা বছৰ ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচীৰ পাছত অমৃতকালৰ এয়া এক সুন্দৰ ব্যৱস্থা৷