• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Monday, January 30, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home জনসম্পৰ্ক

স্বাধীনতাৰ অমৃত মহোৎসৱত জনগণৰ মনৰ বাৰ্তা

AB Bureau by AB Bureau
September 1, 2022
in অসমীয়া, জনসম্পৰ্ক
0
0
স্বাধীনতাৰ অমৃত মহোৎসৱত জনগণৰ মনৰ বাৰ্তা

জনগণেই হৈছে এখন দেশৰ মূল চালিকাশক্তি৷ স্বাধীনতা সংগ্ৰামতো দেশবাসীয়ে একত্ৰিত হৈ ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিছিল৷ ২০২১ চনৰ ১৫ আগষ্টত আমাৰ দেশখন স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত উপনীত হয়৷ এই উপলক্ষে, ভাৰত চৰকাৰে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ লগতে বিদেশতো বিভিন্ন অনুষ্ঠানৰ জৰিয়তে “আজাদী কা অমৃত মহোৎসৱ” উদযাপনৰ বিষয়ে ঘোষণা কৰে৷ দেশবাসীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰাৰ সময়ত অসম বাৰ্তাই সমাজৰ ভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী ব্যক্তিৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ মনৰ বতৰা লয়৷

প্ৰশ্ন
১: আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিলে৷ স্বাধীনতাৰ এই যাত্ৰাক দেশবাসীয়ে ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ হিচাপে উদযাপন কৰাৰ সময়ত এগৰাকী নাগৰিক হিচাপে আপোনাৰ মনৰ ভাৱ কি?

প্ৰশ্ন ২: আগন্তুক সময়ত আমাৰ দেশখন কেনেদৰে আগুৱাই যোৱাটো আপুনি বিচাৰে?

ডাঃ ডিম্পী পাঠক দাস, সহকাৰী অধ্যাপক
অসম ডাউন টাউন ইউনিভাৰ্ছিটী, গুৱাহাটী

১. এয়া আমাৰ সৌভাগ্য যে আমি এখন স্বাধীন দেশৰ নাগৰিক আৰু ইয়াৰ বাবে মই প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীৰ প্ৰতি চিৰকৃতজ্ঞ৷ মই ভাবোঁ যে ভাৰত চৰকাৰে ‘আজাদী কা অমৃত মহোৎসৱ’ কাৰ্যসূচীৰ দ্বাৰা ১৩০ কোটি দেশবাসীক একত্ৰিত কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে নৱপ্ৰজন্মক ভাৰতৰ গৌৰৱময় ইতিহাস তথা সমৃদ্ধিশালী ঐতিহ্যৰ সৈতে পৰিচয় কৰাৰ এক প্ৰয়াস কৰা হৈছে৷ এখন ৰাষ্ট্ৰৰ উন্নতিৰ হকে জনসাধাৰণৰ মনত ৰাষ্ট্ৰীয়তাবাদী চেতনা থকাটো অতিকৈ প্ৰয়োজনীয় আৰু স্বাধীনতাৰ ৭৫ বছৰৰ এই মহোৎসৱে জনসাধাৰণৰ মনত সেই চেতনা জগাই তুলিছে৷

২. এই ৭৫ বছৰৰ যাত্ৰাত আমাৰ দেশে সময়ে সময়ে সামাজিক, অৰ্থনৈতিক তথা ৰাজনৈতিক সমস্যাকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যাৰ সৈতে যুঁজি প্ৰগতিৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে৷ মই আশা কৰিম যে ভাৰতৰ নাম পৃথিৱীৰ আতাইতকৈ উন্নত দেশসমূহৰ ভিতৰত উচ্চাৰিত হওক৷ কিন্তু, এয়া তেতিয়াহে সম্ভৱপৰ হ’ব যেতিয়া আমি সকলোৱে নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিম৷ আমি এই কথা মনত ৰখাটো উচিত যে স্বাধীনতা আৰু দ্বায়িত্ববোধ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি৷

ৰিপাংকৰ শইকীয়া, স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ, গহপুৰ

১. এগৰাকী ভাৰতীয় হিচাপে ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ উদযাপনত অতিকৈ গৌৰৱ অনুভৱ কৰিছোঁ৷ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল যদিও বৰ্তমানেও বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামীৰ বিষয়ে জানিবলৈ আমি অপাৰগ৷ কিন্তু, স্বাধীনতাৰ অমৃত মহোৎসৱৰ জৰিয়তে আমি এই সংগ্ৰামী শ্বহীদসকলৰ সৈতে পৰিচিত হোৱাৰ সুযোগ পাইছোঁ৷ বাটৰ নাট, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজিত কৰি দেশৰ প্ৰতিজন নাগৰিকে বিশ্বত ভাৰতক জিলিকাই তুলিবলৈ চেষ্টা কৰিছে৷ কিন্তু, এই বছৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ গৈ তিৰংগাখনক কিছুমান ঠাইত অপমান কৰা যেন লাগিল৷ ভৱিষ্যতে যাতে কেতিয়াও এনে নহয়, তাৰ প্ৰতি আমি সাৱধান হোৱা উচিত৷

২. আনহাতে, আগন্তুক দিনত আমাৰ দেশৰ সবৰ্তোপ্ৰকাৰৰ বিকাশ হোৱাটো মই বিচাৰোঁ৷ কেৱল আঁচনি প্ৰস্তুত কৰাতে সীমাবদ্ধ নাথাকি তাক প্ৰাথমিক পৰ্যায়ত সফলতাৰে ৰূপায়ণ কৰাৰ দিশতো গুৰুত্ব প্ৰদান কৰিব লাগিব৷ উদাহৰণস্বৰূপে কৃষি, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ কথাকে উনুকিয়াব পাৰি৷ কৃষি বিভাগৰ বিভিন্ন আঁচনি আছে যদিও বহুতো কৃষক এনে আঁচনিৰ বিষয়ে সজাগ নহয় বা তাৰ সঠিক ৰূপায়ণ হৈ উঠা নাই৷

নিপন বৰুৱা, হিচাপৰক্ষক, নগাঁও

১. ভাৰতৰ দৰে দেশ এখনে বহু বছৰৰ পৰাধীনতাৰ যন্ত্ৰণা নেওচি স্বাধীন দেশ হিচাপে ৭৫ বছৰ সম্পূৰ্ণ কৰাটো এক গৌৰৱৰ বিষয়৷ এই সুদীৰ্ঘ কালছোৱাত আৰু ইয়াৰ পূৰ্বে স্বাধীনতা আন্দোলনৰ সময়তো দেশৰ যুৱপ্ৰজন্মই এক নিৰ্ণায়ক ভূমিকা পালন কৰিছিল৷ ভাৰত এখন যুৱশক্তিৰে ভৰপূৰ ৰাষ্ট্ৰ য’ত মুঠ জনসংখ্যাৰ প্ৰায় ৬৬% হৈছে ৩৫ বছৰতকৈ কম বয়সৰ যুৱক-যুৱতী৷ এই যুৱ জনসংখ্যাই প্ৰাক-স্বাধীনতাকালৰে পৰা বৰ্তমানলৈ দেশক বিভিন্ন ক্ষেত্ৰত আগুৱাই নিয়াত সক্ৰিয় ভূমিকা পালন কৰিছে আৰু ভৱিষ্যতেও কৰি যাব বুলি মই আশাবাদী৷

২. আগন্তুক দিনতো আমাৰ দেশখন যুৱশক্তিৰে আগুৱাই যোৱাটো মই বিচাৰোঁ৷ এনে বহুতো ক্ষেত্ৰ আছে য’ত সৃষ্টিশীল কাম কৰি আমাৰ যুৱচামে আত্মনিৰ্ভৰ গ্ৰাম্য অৰ্থনীতি গঢ় দিয়াত সহায় কৰিব পাৰে৷ কৃষি, পশুপালন, ক্ষুদ্ৰ ব্যৱসায়িক গোট, থলুৱা সামগ্ৰীৰ বজাৰ সৃষ্টি কৰাৰ প্ৰতি যুৱপ্ৰজন্মক উৎসাহী কৰি তুলিবলৈ চৰকাৰে নতুন কাৰ্যপন্থা হাতত ল’ব পাৰে৷

সংগীতা শৰ্মা, অধিবক্তা, উত্তৰ লখিমপুৰ

১. ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ গৌৰৱোজ্জ্বল ‘অমৃত মহোৎসৱ’ৰ সাক্ষী হ’বলৈ পাই, এগৰাকী ভাৰতীয় নাগৰিক হিচাপে ধন্য হোৱাৰ লগতে নিজকে সৌভাগ্যৱান যেন অনুভৱ হৈছে৷ এই উপলক্ষে চৰকাৰীভাৱে বিভিন্ন কাৰ্যসূচী সমাপন কৰাৰ লগতে, নাগৰিকসকলেও এনে কাৰ্যসূচীসমূহত দলে-বলে যোগদান কৰি স্বাধীনতা যুদ্ধত প্ৰাণ আহুতি দিয়া দেশৰ অলেখ বীৰ-বীৰাংগনাৰ ত্যাগক স্মৰণ কৰি, ৰাষ্ট্ৰ নিৰ্মাণৰ এই গতি অবিৰতভাৱে চলাই নিয়াৰ বাবে অংগীকাৰবদ্ধ হয়৷

২. স্বাধীনতা সংগ্ৰামীসকলৰ সপোন বাস্তৱায়িত কৰি দেশত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ন্যায়েৰে এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰাটোৱেই এই মুহূৰ্তত দেশখনৰ সন্মুখত প্ৰধান প্ৰত্যাহ্বান৷ সকলো অসমতা দূৰ কৰি এখন সুস্থ-সবল সমাজ গঢ়িবলৈ সমাজৰ একেবাৰে নিম্ন স্তৰৰ লোকসকলৰ বাবে ন্যায়ৰ সু-ব্যৱস্থা গঢ়ি তোলাটো নিতান্তই প্ৰয়োজন৷ যোৱা ৭৫ বছৰত দেশৰ বিভিন্ন উত্থান-পতনৰ সময়ত দেশৰ নাগৰিকসকলে অতি সাহসেৰে মুখামুখি হৈ পৃথিৱীত নিজৰ এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হৈছে৷ এই ধাৰা আগলৈকো অব্যাহত ৰখা উচিত৷

স্নিগ্ধা দাস (ধুবুৰী), প্ৰযুক্তিবিদ্যা বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী
তেজপুৰ বিশ্ববিদ্যালয়

১. ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ উদযাপন কৰাটো এগৰাকী ভাৰতীয় হিচাপে যথেষ্ট আনন্দৰ বিষয়৷ এই সময়ছোৱাত আমাৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধি, কাৰিকৰী শিক্ষাৰ উন্নয়ন, পলিঅ’মুক্ত ভাৰতৰ জৰিয়তে স্বাস্থ্য খণ্ডৰ উন্নয়ন, আন্তৰ্জাতিক স্তৰত স্বাধীন ভাৰতৰ কূটনৈতিক সাফল্য, ঔষধ প্ৰস্তুতকৰণ ইত্যাদি আমাৰ দেশৰ সফলতাৰ যাত্ৰা হিচাপে উল্লেখ কৰিব পাৰি৷

২. হয়, আগন্তুক সময়ছোৱাত ভাৰতৰ কিছু কৰণীয় আছে যাৰ জৰিয়তে আমি বিশ্বৰ এখন শক্তিশালী দেশ হিচাপে পৰিগণিত হ’ব পাৰোঁ৷ আমাৰ চৰকাৰে জনমূৰি আয় বৃদ্ধি, শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ পৰিৱৰ্তন, গৱেষণা আৰু উন্নয়নত অধিক মনোযোগ প্ৰদান কৰাৰ লগতে আন্তৰ্জাতিক বিনিয়োগ বৃদ্ধি, নিবনুৱা সমস্যা নিবাৰণ, জনসংখ্যা নিয়ন্ত্ৰণ আদি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা উচিত৷

মধুসুধন উপাধ্যায়, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক,
লতিবাৰী-পাকৰিবাৰী মধ্য ইংৰাজী বিদ্যালয়, তামুলপুৰ

১. দেশৰ ঘৰে ঘৰে, সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, দোকান-পোহাৰ সকলোতে ত্ৰিৰংগ জাতীয় পতাকাখন উৰি থকা দেখি সঁচাকৈয়ে আৱেগিক হৈছিলোঁ৷ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আহ্বানমৰ্মে দেশৰ প্ৰতিটো প্ৰান্তৰ লোকে ঐক্যবদ্ধ হৈ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰিলে৷ ইয়াৰ জৰিয়তে ভাৰতৰ স্বকীয় বৈশিষ্ট্য – ‘বিবিধতাৰ মাজৰ ঐক্য’ৰ বাণী পুনৰ বৰ সুন্দৰকৈ ফুটি উঠিল৷

২. কোৱা হয় যে আমাৰ দেশত জ্ঞানৰ স্ৰোত বয়৷ এনে মহান দেশৰ শিক্ষা ব্যৱস্থাই বিশ্বৰ সৈতে ফেৰ মাৰিব পৰাকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৰে পদক্ষেপ চৰকাৰে হাতত লৈছে৷ যদিও শিক্ষাক্ষেত্ৰত এতিয়াও বহু কৰণীয় আছে৷ এই দিশত চৰকাৰ আৰু শিক্ষক সমাজে সন্মিলিতভাৱে আগুৱাই গ’লে আমাৰ সমাজখন জাকত জিলিকা হৈ উঠিব৷

ShareTweetShare

Related Posts

অৰুণোদয় ২.০ৰ শুভাৰম্ভণি
বিশেষ বাৰ্তা

অৰুণোদয় ২.০ৰ শুভাৰম্ভণি

January 1, 2023
2.5k
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মহাসংগ্ৰাম
দৃষ্টিভংগী

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে মহাসংগ্ৰাম

January 1, 2023
2.4k
Fresh Take-off
সম্পাদকীয়

উন্নয়ন অবিৰত

January 1, 2023
3.2k
It takes two to tango
উদ্যমিতা

আত্মবিশ্বাসেৰে আত্মনিৰ্ভৰশীল যাত্ৰা

January 1, 2023
3.2k
বিধায়কৰ সপোনৰ দাপোণত উন্নয়নৰ প্ৰতিবিম্ব
বিধায়কৰ বাৰ্তা

বিধায়কৰ সপোনৰ দাপোণত উন্নয়নৰ প্ৰতিবিম্ব

January 1, 2023
2.5k
প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 
অনিৰুদ্ধ অসম

প্ৰজ্ঞান ভাৰতীঃ সাধনাৰ প্ৰেৰণা 

January 1, 2023
2.1k
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In