অসম চৰকাৰে তৃতীয় বৰ্গ পদৰ বাবে তিনিটা স্তৰত সফলতাৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাটো সঁচাকৈয়ে প্ৰশংসনীয়৷ ৰাজ্যজুৰি ২,৩০০তকৈও অধিক কেন্দ্ৰত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ পৰীক্ষাত প্ৰায় ১১ লাখ পৰীক্ষাৰ্থী আৰু ২৯ ছেপ্টেম্বৰৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাত ৭ লাখতকৈও অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে৷ এই বৃহৎ সংখ্যাৰ বাবে সকলো প্ৰত্যাহ্বান নেওচি চৰকাৰখনে নিয়াৰিকৈ পৰীক্ষা অনুষ্ঠিত কৰাটো নিশ্চিতকৈ শলাগ ল’বলগীয়া৷ সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছভাৱে যাতে কাৰ্যকৰী হয়, তাৰ বাবে ৫৬,০০০তকৈ অধিক নিৰীক্ষক আৰু মানৱ শক্তিয়ে সহযোগিতা আগবঢ়াইছিল৷ প্ৰশ্নকাকতসমূহ প্ৰতিটো কেন্দ্ৰলৈ লৈ যোৱা, উত্তৰ বহীসমূহ সংগ্ৰহ কৰাৰ দৰে কাৰ্যসমূহ কোনোধৰণৰ ত্ৰুটি নোহোৱাকৈ সম্পন্ন হয়৷ এই সময়ছোৱাত ২৭,০০০তকৈও অধিক আৰক্ষী কৰ্মীক নিয়োজিত কৰা হৈছিল৷
চৰকাৰে অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিছিল৷ সেই দায়িত্বভাৰ গ্ৰহণ কৰি পৰিষদে সুকলমে পৰীক্ষা অনুষ্ঠিত কৰিলে, যাৰ বাবে পৰিষদৰ ইতিহাসত এইবাৰৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ অধ্যায়টি নিশ্চিতকৈ স্মৰণীয় হৈ ৰ’ব৷ কেইটিমান পৰীক্ষা কেন্দ্ৰত ত্ৰুটিৰ বাতৰি দেখিবলৈ পোৱা গৈছিল যদিও সেইবোৰৰ সত্যতা শেষত প্ৰমাণিত নহ’ল৷ যিসকলে এই প্ৰক্ৰিয়াটোত কালিমা সানিবলৈ বিচাৰিছিল, তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰে৷
এই পৰীক্ষাৰ সময়ত ৰাজ্যত ম’বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়াৰ বাবে চৰকাৰখনে আন এক সমালোচনাৰ সাক্ষী হৈছিল৷ দেশৰ আন প্ৰান্তৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত চৰকাৰখনে গ্ৰহণ কৰা এয়া আছিল এক তাৎক্ষণিক তথা গুৰুত্বপূৰ্ণ পদক্ষেপ৷ বৃহত্তৰ স্বাৰ্থৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় আছিল৷
ইণ্টাৰনেটৰ নিষেধাজ্ঞাসমূহক ৰাজ্যবাসীয়ে এক প্ৰয়োজনীয় পদক্ষেপ হিচাপেই গণ্য কৰা উচিত – কাৰণ বৰপুখুৰীত মাছ ধৰিলে কেতিয়াবা দুই-এটা শিঙিয়ে বিন্ধিবও পাৰে৷