বজালী জিলাৰ এখন স্বল্পচৰ্চিত গাঁও, দৈশিঙৰি৷ যদিও স্বাধীনতা সংগ্ৰামী পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী, অসমৰ প্ৰথমগৰাকী মহিলা চিকিৎসক ডাঃ ৰজনীপ্ৰভা শইকীয়ানীৰ দৰে পুৰোধাসকলৰ গৌৰৱ গাথাই দৈশিঙৰিৰ পৰিচয় বহন কৰি আহিছে৷
বহু দশকৰ ব্যৱধানৰ অন্তত অৰ্পণা দাস, তেওঁৰ জ্যেষ্ঠ ভাতৃদ্বয়- জয়ন্ত দাস আৰু ভাস্কৰ দাসৰ লগতে একেখন গাঁৱৰ নয়ন দাসৰ সৈতে ছগৰাকী দৃঢ়সংকল্পবদ্ধ যুৱক-যুৱতীৰ বাবে দৈশিঙৰি গাঁওখনৰ নাম পুনৰ চৰ্চালৈ আহিছে৷ অসম চৰকাৰে অনুষ্ঠিত কৰা, নিকা আৰু স্বচ্ছতাৰ বাবে সৰ্বজন প্ৰশংসিত অসম আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে হোৱা পৰীক্ষাত এওঁলোকে উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে৷
ভাতৃ ভগ্নীত্ৰয়ে অতি প্ৰত্যাহ্বানৰ মাজেৰে পাৰ হৈ আহি এতিয়া এক সুন্দৰ ভৱিষ্যতৰ নিশ্চয়তা লাভ কৰিছে৷ অসম বাৰ্তাক অৰ্পণাই জনায় “মই আৰু মোৰ দাদাই টকা ধাৰলৈ আনি সাক্ষাৎকাৰলৈ গৈছিলোঁ৷ চৰকাৰে ইমান নিকা আৰু স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়াটো সম্পাদন কৰাৰ বাবে আমি কৃতজ্ঞ৷” তেওঁ লগতে কয় “আমি যথেষ্ট পঢ়া-শুনা কৰিবলগীয়া হৈছিল আৰু শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈও বহুত কষ্ট কৰিছিলো৷”
তেওঁৰ ককায়েক জয়ন্তই একেটা চাকৰিৰ বাবে চেষ্টা কৰিও বিফল হৈছিল৷ ২০১৮ চনৰ পৰা তেওঁ এই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ যথেষ্ট কষ্ট কৰি আহিছে৷৷ এই নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে মই চৰকাৰক ধন্যবাদ জনাইছোঁ”, জয়ন্তই অসম বাৰ্তাক কয়৷
সংযোগক্ৰমে, তিনিওগৰাকী হৈছে ডাঃ ৰজনীপ্ৰভা শইকীয়ানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু তিনিওগৰাকীয়ে ডাঃ শইকীয়ানীৰ আদৰ্শৰে জীৱন গঢ়িবলৈ বিচাৰে৷
দাস ভাতৃ ভগ্নীত্ৰয় আৰু নয়ন দাসৰ লগতে ধেমাজীৰ প্ৰণতি গগৈয়েও বিজেপি নেতৃত্বাধীন ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শেহতীয়াকৈ প্ৰদান কৰা ২২,৫৯৮টা নিযুক্তিৰ ভিতৰত সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে ১১,০৬৩টা নিযুক্তি শিক্ষা বিভাগৰ, ৮,৮৬৭টা গৃহ বিভাগৰ আৰু ২,৪১৯টা হৈছে স্বাস্থ্য বিভাগৰ৷ অসমৰ ইতিহাসৰ এই বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ নিযুক্তি পত্ৰসমূহ যোৱা ১৪ মে’ত বিতৰণ কৰা হয়৷
প্ৰণতিৰ পিতৃ ডিম্বেশ্বৰ গগৈয়ে অসম বাৰ্তাক কয় যে তেওঁৰ কন্যাই হৈছে চৰকাৰী চাকৰি পোৱা পৰিয়ালটোৰ প্ৰথমগৰাকী সদস্য৷ তেওঁ লগতে নিযুক্তি প্ৰক্ৰিয়াৰ পৰা দূৰ্নীতি উৎখাত কৰাৰ বাবে চৰকাৰখনক প্ৰশংসাৰে ওপচাই পেলায়৷ উল্লেখ্য যে অসম বাৰ্তাৰ সৈতে কথা-বাৰ্তাৰ সময়ত গগৈৰ চকুৰে আনন্দৰ চকুলো নিগৰি আহিছিল৷
একেদৰেই, ৰূপজ্যোতি মিলিয়ে স্বাস্থ্য বিভাগৰ অধীনত জিএনএম হিচাপে নিযুক্তি লাভ কৰাৰ পাছত যথেষ্ট উৎসাহেৰে কয়, “মই ৰাইজৰ সেৱা কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ৷”
মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণ প্ৰসংগত কয় যে স্বচ্ছ আৰু নিকা ব্যৱস্থাই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোক বিশেষ কৰি তুলিছে৷ লগতে, নিযুক্তি লাভ কৰাসকলক সৰ্ব সামৰ্থ্যৰে ৰাজ্যখনৰ সেৱা কৰিবলৈ তেওঁ আহ্বান জনায়৷ তেওঁ কয় যে এই চৰকাৰখনে দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল নীতি অৱলম্বন কৰিছে আৰু তেওঁৰ লক্ষ্য হৈছে অসমক দেশৰ ভিতৰতে অন্যতম শীৰ্ষ ৰাজ্যলৈ ৰূপান্তৰিত কৰা৷
এক লাখ চৰকাৰী পদ সৃষ্টিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ অংশ হিচাপে অহা কেইমাহমানৰ ভিতৰতে ৩৪,০০০তকৈও অধিক নিযুক্তি প্ৰদান কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে৷