জনসাধাৰণক কাৰ্যক্ষম চৰকাৰী সেৱা প্ৰদান কৰাটো সুনিশ্চিত কৰাৰ বাবে অসম কেবিনেটে ‘অসম ৰাজ্যিক তথ্য নীতি, ২০২২’ত অনুমোদন জনায়৷ তথ্য বা ডাটাৰ প্ৰৱেশাধিকাৰ, সদ্ব্যৱহাৰ, একত্ৰীকৰণ আৰু আন্তঃকাৰ্যকাৰিতা উন্নীতকৰণৰ লগতে সিদ্ধান্ত গ্ৰহণ, নীতিৰ ৰূপায়ণৰ পৰ্যালোচনাৰে এই তথ্য নীতিয়ে উন্নত জনসেৱা আগবঢ়োৱাত সহায় কৰিব৷
“এই নীতিৰ উদ্দেশ্য হৈছে নিৰ্দিষ্ট ৰাজহুৱা সেৱা আগবঢ়াবলৈ প্ৰমাণ-আধাৰিত সিদ্ধান্ত লোৱাৰ বাবে সংগ্ৰহ কৰা তথ্যৰ সঠিক ব্যৱহাৰ কৰা৷ যিহেতু ৰাজহুৱা পুঁজিৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা তথ্যৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু চৰকাৰী তথ্যৰ ভৱিষ্যতে ব্যৱহাৰ হোৱাৰ যথেষ্ট সম্ভাৱনীয়তা আছে, আমি অনুভৱ কৰিছোঁ যে ৰাজ্যখনক এতিয়া তথ্য নীতিৰ পূৰ্বতকৈ অধিক প্ৰয়োজন৷ ইয়াৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ বাস্তৱ-সময়ভিত্তিক নিৰীক্ষণ আৰু মূল্যাংকন কৰাটো সহজ হ’ব,” তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই অসম বাৰ্তাক কয়৷
“যদিও চৰকাৰৰ বিভিন্ন বিভাগ, সংস্থা আৰু প্ৰতিষ্ঠানৰ দ্বাৰা বৃহৎ পৰিমাণৰ তথ্য উদ্ভৱ হয়, তথাপি এনে তথ্য আৰু ডিজিটেল প্ৰণালীৰ প্ৰৱেশাধিকাৰ মূলতঃ বিচ্ছিন্ন প্ৰকাৰে ব্যক্তিগত বিভাগতে সীমাবদ্ধ হৈ থাকে৷ ডাটাৰ আদান-প্ৰদান কেনেদৰে কৰিব পাৰি, সেইবোৰ কেনেধৰণে বিভাগৰ ভিতৰত আৰু বিভিন্ন বিভাগত ব্যৱহাৰৰ বাবে উপলব্ধ কৰিব পাৰি, তাকে লৈ বিভাগবোৰৰ মাজত যোগাযোগৰ অভাৱ আছিল৷ ইয়াৰ ফলস্বৰূপে চৰকাৰী খণ্ডত তথ্য-নিৰ্ভৰ সিদ্ধান্ত গ্ৰহণৰ সংস্কৃতি এটা গঢ় লৈ উঠা নাছিল৷ নতুন তথ্য নীতিয়ে এনেধৰণৰ সমস্যাসমূহ সমাধান কৰিব,’’ মন্ত্ৰীগৰাকীয়ে কয়৷
ৰাজহুৱা পুঁজিৰ ব্যৱহাৰেৰে সৃষ্ট তথ্যৰ পৰিমাণ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ তদুপৰি, জনগণলৈ উন্নত ৰাজহুৱা সেৱা প্ৰদানৰ বাবেও তথ্য-প্ৰমাণ আধাৰিত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰী তথ্যই যিদৰে সহায় কৰে, সেই দিশৰ পৰাও ৰাজ্যখনক এতিয়া তথ্য নীতিৰ অতিকৈ প্ৰয়োজন হৈছে৷ যদিও, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, সংস্থা আৰু প্ৰতিষ্ঠানসমূহত বৃহৎ পৰিমাণে ৰাজহুৱা পুঁজিৰে যোগান ধৰা তথ্যৰ সৃষ্টি হয়, তথাপি এনে তথ্য আৰু ডিজিটেল প্ৰণালীৰ প্ৰৱেশাধিকাৰ মূলতঃ সংশ্লিষ্ট বিভাগসমূহতে সীমাবদ্ধ হৈ থাকে৷
কেনেধৰণৰ ডাটা বা তথ্য ভাগ-বাটোৱাৰা কৰিব পাৰি, নিৰ্দিষ্ট বিভাগৰ ভিতৰত আৰু বিভিন্ন বিভাগৰ মাজত ব্যৱহাৰৰ বাবে ডাটা কেনেদৰে উপলব্ধ কৰিব পাৰি আৰু অন্যান্য পক্ষৰ বাবে ডাটা উপলব্ধ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় নীতি আদিৰ ওপৰতো উমৈহতীয়া নিৰ্দেশনাবোৰ সঠিক ৰূপত নিৰ্ধাৰণ কৰা হোৱা নাছিল৷ তাৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিকভাৱে চৰকাৰী খণ্ডত ডাটা-আধাৰিত সিদ্ধান্ত গ্ৰহণৰ সংস্কৃতি এটা গঢ় লৈ উঠা নাছিল৷ গতিকে, ৰাজ্যিক তথ্য নীতি, ২০২২ত অনুমোদন জনোৱাটো ডাটা-আধাৰিত সিদ্ধান্ত গ্ৰহণৰ দিশত নিসন্দেহে এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷
অধিকাংশ কেন্দ্ৰীয় আঁচনিৰ ডাটা বিশ্লেষণৰ জৰিয়তে নিৰীক্ষণ আৰু মূল্যাংকনৰ বাবে তথ্য ব্যৱস্থাপনা প্ৰণালী (এমআইএছ) আছে৷ ৰাজ্যিক আঁচনিসমূহৰ ক্ষেত্ৰত এনে এটা ব্যৱস্থাৰ অভাৱ বা কম পৰিমাণে উপলব্ধ হোৱা দেখা যায়৷ বিভাগবোৰে লাভ কৰা তথ্য ‘ক্ৰছ-টকিং ছীষ্টেম’ অনুসৰি নোহোৱাৰ ফলত হিতাধিকাৰী চিনাক্তকৰণ আৰু সূচী প্ৰস্তুতকৰণত বহুলাংশে ত্ৰুটি দেখা দিয়ে৷
অসম ৰাজ্যিক তথ্য নীতি প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ তথ্য-প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলৰ অধ্যক্ষতাত ১৯ এপ্ৰিল ২০২২ত এখন উচ্ছস্তৰীয় সমিতি গঠন কৰা হৈছিল৷ সমিতিখনৰ উদ্দেশ্য আছিল- তথ্য প্ৰাপ্তিৰ নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰিবলৈ ৰাজ্যিক তথ্য নীতি প্ৰস্তুত কৰা যাতে তথ্য-চালিত সুশাসন ব্যৱস্থাৰ সম্পদ স্বৰূপ তথ্যৰ প্ৰচাৰ কৰি অসমৰ সামগ্ৰিক বিকাশত অৰিহণা যোগাব পাৰি৷
‘অসম ৰাজ্যিক তথ্য নীতি, ২০২২’-এ আগবঢ়োৱা সুবিধাসমূহ
মেচিন ৰীডেবল আৰ্হিত ডাটা সংগ্ৰহ, একত্ৰীকৰণ, প্ৰক্ৰিয়াকৰণ আৰু সংৰক্ষণৰ বাবে নীতি-নিৰ্দেশনা
মুক্ত তথ্যৰ শ্ৰেণী বিভাজন আৰু প্ৰকাশ
কাৰ্যকৰী নীতিৰ প্ৰণয়ন আৰু কৰ্মসূচী ৰূপায়ণৰ বাবে বিভাগবোৰত নন-অ’পেন ডাটাৰ সুৰক্ষিত আৰু সীমিত প্ৰৱেশাধিকাৰ
নীতি গঠন আৰু ৰূপায়ণৰ লক্ষ্যৰে প্ৰকৃত গৱেষণা আৰু বিশ্লেষণাত্মক অধ্যয়নৰ বাবে চৰকাৰৰ বাহিৰৰ প্ৰতিষ্ঠানবোৰলৈ অজ্ঞাত / অ-চিনাক্ত ডাটাছেটৰ সুৰক্ষিত অনুমতি প্ৰদান