অসমৰ সেউজ শক্তি খণ্ডক শক্তিশালী কৰি ইয়াৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰাৰ বাবে যোৱা ১৪ জুনত ৰাজ্যখনত এক কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰা হয়৷ ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাৰ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ চৌহদত ২৫ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷
১১৫ কোটি টকা ব্যয় সাপেক্ষে ১০৮ একৰ ভূমি সামৰি অসম শক্তি উৎপাদন নিগম আৰু ভাৰতীয় তেল নিগমৰ যৌথ উদ্যোগত এই বিশেষ প্ৰকল্পটো স্থাপন কৰা হ’ব৷ ২০২২ চনৰ ১৯ আগষ্টত অসম কেবিনেটে অনুমোদন জনোৱা এই সৌৰ শক্তি প্ৰকল্পটোৰ জৰিয়তে প্ৰতি বছৰে ৫০ মিলিয়ন ইউনিট বিদ্যুৎ উৎপাদনৰ লক্ষ্য ধাৰ্য কৰা হৈছে আৰু ২০২৫ চনৰ জুলাইৰ ভিতৰত ইয়াৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২১ চনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিদ্যুতৰ চাহিদা আৰু বৰ্তমান ইয়াৰ চাহিদা বৃদ্ধিৰ তুলনা কৰি ভাষণ প্ৰসংগত কয়, “২০২১ চনৰ ১৮০০ মেগাৱাটৰ পৰা বৰ্তমান ২৫০০ মেগাৱাটলৈ বিদ্যুতৰ চাহিদা বৃদ্ধি পাইছে৷ ৰাজ্যজুৰি উদ্যোগৰ সংখ্যা বৃদ্ধি, পূৰ্বতে বিদ্যুৎ সংযোগ নথকা গাঁওসমূহত বিদ্যুতৰ যোগান ধৰাৰ ফলত ইয়াৰ চাহিদা ২৫০০ মেগাৱাটলৈ বৃদ্ধি পাইছে৷ অসমত কেৱল ৪১৯ মেগাৱাট শক্তিহে উৎপাদন কৰা হয়, যাৰ ফলত প্ৰায় ২১০০ মেগাৱাট শক্তি আমি ক্ৰয় কৰিব লাগে৷”
তেখেতে লগতে কয়, “নামৰূপৰ এই সৌৰ শক্তি প্ৰকল্পই ৰাজ্যখনৰ শক্তি উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বহিঃৰাজ্যৰপৰা ক্ৰয় কৰা বিদ্যুতৰ পৰিমাণো হ্ৰাস কৰিব৷”
তদুপৰি ১৭৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব পৰা ৭টা সৌৰ শক্তি প্ৰকল্প কাৰ্যক্ষম হৈ থকাৰ কথাও ড॰ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে৷ তেখেতে কয় যে ২০৩০ চনৰ ভিতৰত ৰাজ্যত প্ৰায় ৩ হাজাৰ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷