প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫সংখ্যক জন্মদিন উদযাপন উপলক্ষে অসম চৰকাৰে ১৭ ছেপ্টেম্বৰত ‘সেৱা সপ্তাহ’ৰ আৰম্ভ কৰে। এই কাৰ্যসূচীৰ আৰম্ভণি হয় এক বিশাল ৰক্তদান শিবিৰৰ সৈতে, যাৰ পাছত অনুষ্ঠিত হয় নাগৰিক-কেন্দ্ৰিক বিভিন্ন সেৱামূলক অনুষ্ঠান—যেনে মেগা স্বাস্থ্য শিবিৰ, ৰাজ্যব্যাপী গছপুলি ৰোপণ অভিযান, যুৱ লেখকসকলক সন্মান, যক্ষ্মা ৰোগীৰ বাবে পুষ্টিকৰ খাদ্যৰ যোগান, ভূমিৰ প্ৰমাণপত্ৰ বিতৰণ আৰু অৰুণোদয় ৩.০’ৰ আনুষ্ঠানিক উদ্বোধন আদি।
প্ৰথম দিনটোত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদৰ সহযোগিতাত ৰাজ্যজুৰি ৭৫টা ৰক্তদান শিবিৰৰ আয়োজন কৰে। সকলো সামাজিক স্তৰৰ লোকৰ উৎসাহী অংশগ্ৰহণৰ ফলস্বৰূপে ৩,১৬৭ ইউনিট ৰক্ত সংগ্ৰহ কৰা হয়। এই মহান উদ্যোগে অসমবাসীৰ সমাজ সেৱাৰ মনোভাব প্ৰতিফলিত কৰাৰ লগতে স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰতো নতুন দিশ মুকলি কৰিছে।
দ্বিতীয় দিনা আৰম্ভ হয় ‘শুশ্ৰুষা সেতু – মেগা স্বাস্থ্য শিবিৰ, যি ৰাজ্যৰ প্ৰতিটো বিধান সভা সমষ্টিত আয়োজন কৰা হয়। এই স্বাস্থ্য শিবিৰত বিশেষজ্ঞ চিকিৎসকৰ বিনামূলীয়া পৰীক্ষা, চিকিৎসা, ঔষধ আবণ্টন, স্বাস্থ্য সচেতনতা কার্যসূচী, ১৮ বছৰৰ তলৰ শিশু-কিশোৰ/কিশোৰীৰ ওপৰত বিশেষ মনোযোগ আৰু ৫০টাতকৈও অধিক ৰোগৰ স্ক্ৰিনিঙৰ ব্যৱস্থা থাকে।
১৯ ছেপ্টেম্বৰত চৰকাৰে ‘টুগেদাৰ ফৰ এ গ্ৰীনাৰ টুমৰো – গ্ৰীণ অসম ড্ৰাইভ’ৰ আয়োজন কৰে। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যজুৰি ৩০ লক্ষাধিক গছপুলি বিতৰণ কৰা হয় আৰু চহৰ, গাঁও, মহকুমা সকলোত গছপুলি ৰোপণ অভিযান আৰম্ভ কৰা হয়। বিশেষভাৱে ২০,০০০খন বিদ্যালয়ত ৭৫টা গছপুলি ৰোপণ কৰা হয়। লখিমপুৰ জিলাত এমজি এনৰেগা আৰু বন বিভাগৰ সহায়ত ‘ফুকন দলনী পক্ষী আৰু পৰিৱেশ পুনৰুদ্ধাৰ প্ৰকল্প’ৰ অন্তৰ্গত বৃহৎ গছপুলি ৰোপণ অভিযান অনুষ্ঠিত হয়, য’ত জিলাখনৰ ৭৫খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সক্ৰিয়ভাৱে অংশ লয়।

১৯ ছেপ্টেম্বৰত শিল্পী জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ফলত চৰকাৰে তিনিদিনীয়া ৰাজ্যিক শোক (২০–২২ ছেপ্টেম্বৰ) ঘোষণা কৰে আৰু ‘সেৱা সপ্তাহ’ৰ সকলো আনুষ্ঠানিক কাৰ্যসূচী স্থগিত ৰাখে।
মুখ্য সচিব ৰবি কোটাই এক্স’ ত ঘোষণা কৰে, “অসমৰ চিৰস্মৰণীয় কণ্ঠ জুবিন গাৰ্গৰ স্মৃতিত ২০ৰ পৰা ২২ ছেপ্টেম্বৰলৈ ৰাজ্যিক শোক পালন কৰা হ’ব। এই সময়ছোৱাত সকলো চৰকাৰী বিনোদনমূলক অনুষ্ঠান স্থগিত থাকিব। অসম চৰকাৰ জনগণৰ সৈতে একেলগে এই শোকত অংশীদাৰ। তেখেতৰ সংগীত আৰু সৃষ্টিৰাজি চিৰকাল আমাৰ হৃদয়ত অনুৰণিত হ’ব। তথাপিও, ‘সেৱা সপ্তাহ’ৰ অধীনৰ জনকল্যাণমূলক সেৱাসমূহ—যেনে স্বাস্থ্য শিবিৰ, যক্ষ্মা ৰোগীৰ সহায় আদি কাৰ্যসূচী চলি থাকিব।”
২২ ছেপ্টেম্বৰত ৰাজ্যজুৰি নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত যক্ষ্মা ৰোগীৰ বাবে পুষ্টিকৰ খাদ্য যোগান কাৰ্যসূচী সম্পন্ন হয়।প্ৰধানমন্ত্ৰী টিবিমুক্ত ভাৰত অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচীত জনপ্ৰতিনিধি আৰু চৰকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰে।
এই সময়ত সাংসদ পৰিমল শুক্লবৈদ্যই কয়, “নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি আমি যক্ষ্মা ৰোগীৰ বাবে পুষ্টিকৰ খাদ্য বিতৰণ কৰি কেৱল স্বাস্থ্যৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাই নহয়, জুবিন গাৰ্গৰ প্ৰতি সেৱা আৰু তেখেতৰ জনসেৱাৰ প্ৰতি থকা সন্মানৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ জীৱনৰ মুল্যবোধেই ‘নিক্ষয় মিত্ৰ’ৰ প্ৰেৰণা—য’ত নাগৰিকসকলে এগৰাকী ৰোগীক মান আৰু মৰমেৰে সহায় কৰে।”
স্বাস্থ্য মন্ত্ৰী আশোক সিংহলে প্ৰকাশ কৰে,“প্ৰধানমন্ত্ৰী টিবিমুক্ত ভাৰত অভিযানৰ অধীনত নিক্ষয় মিত্ৰ খাদ্য যোগান কাৰ্যসূচী অসমৰ বিভিন্ন স্থানত সফলভাৱে চলি আছে। যক্ষ্মা ৰোগীৰ আৰোগ্য যাত্ৰাত একেলগে আগবাঢ়ি আমি যক্ষ্মামুক্ত অসমৰ দিশে আগুৱাই যাওঁ আহক।”
নিক্ষয় মিত্ৰ উদ্যোগৰ মূল উদ্দেশ্য হৈছে যক্ষ্মা ৰোগীৰ সহায়ৰ ক্ষেত্ৰত সমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা। এই কাৰ্যসূচীৰ মাধ্যমেৰে ৰোগীৰ বাবে পুষ্টি, চিকিৎসা আৰু মনোবল সংক্রান্তী্যত সহায় প্ৰদান কৰা হয়, যাতে তেওঁলোক নিজৰ চিকিৎসা পূৰ্ণ কৰিব পাৰে আৰু ৰোগটোৰ সৈতে জড়িত বিভিন্ন সামাজিক সমস্যা হ্ৰাস পায়।










