নৱীকৰণযোগ্য শক্তিৰ প্ৰসাৰৰ দিশত এটা খোজ আগুৱাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উদঘাটন কৰে জনতা ভৱনৰ সৈতে সংযুক্ত ২.৫ মেগাৱাট ক্ষমতাৰ সৌৰ গ্ৰিডৰ৷ এই প্ৰকল্পটোত সংযুক্ত হৈ আছে জনতা ভৱনৰ ছাদ আৰু মুকলি ভূমিত স্থাপন কৰা সৌৰ পেনেল৷ এই ব্যৱস্থাৰ জৰিয়তে অসম সচিবালয় হৈ পৰে দেশৰ প্ৰথম সেউজ ৰাজ্যিক সচিবালয়৷ প্ৰকল্পটোৱে মুকলি কৰাৰ পাছত শূন্য কাৰ্বন নিৰ্গমনৰ দিশত চৰকাৰৰ সংকল্প সম্পৰ্কে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷
এই প্ৰকল্পটো প্ৰতিমাহত গড়ে ৩ লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰিব পাৰিব আৰু ইয়াৰ পৰা মাহিলি প্ৰায় ৩০ লাখ টকাৰ ব্যয় ৰাহি হোৱাৰ সম্ভাৱনা আছে৷ প্ৰকল্পটোত বিনিয়োগ হোৱা ১২.৫৬ কোটি টকা অহা ৪ বছৰৰ ভিতৰত পুনৰুদ্ধাৰ হ’ব৷ ২৫ বছৰ জীৱন চক্ৰৰ নিশ্চয়তাৰে এই প্ৰকল্পটোৰ বাবে বছৰি ৩,০৬০ মেট্ৰিক টনকৈ অহা ২৫ বছৰত ৭৬,৫০০ মেট্ৰিক টন কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সেউজ শক্তিৰ দিশত এয়া ৰাজ্যখনৰ বাবে এক ঐতিহাসিক পদক্ষেপ হিচাপে অভিহিত কৰি কয় যে ৰাজ্য চৰকাৰে অসম শক্তি বিতৰণ কোম্পেনী লিমিটেডক সচিবালয়ৰ বিদ্যুৎ ব্যয়ৰ বাবে মাহে প্ৰায় ৩০ লাখ টকাকৈ প্ৰদান কৰি আহিছে৷
ৰাজ্য চৰকাৰৰ সেউজ শক্তি পদক্ষেপৰ বিষয়ে উনুকিয়াই তেওঁ শোণিতপুৰ জিলাৰ বৰচলা সৌৰ প্ৰকল্প, ধুবুৰীৰ খুদিগাঁও সৌৰ প্ৰকল্প, কাৰ্বি আংলঙৰ ১০০০ মেগাৱাট ক্ষমতাৰ সৌৰ প্ৰকল্প আৰু নামৰূপত নিৰ্মাণ কৰি থকা সৌৰ প্ৰকল্পটোৰ বিষয়ে উল্লেখ কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “উল্লেখ কৰা প্ৰকল্পসমূহৰ লগতে অন্যান্য প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ পাছত বিদ্যুৎ উৎপাদনৰ বাবে ৰাজ্যখনৰ আন ৰাজ্যৰ ওপৰত থকা নিৰ্ভৰশীলতা যথেষ্ট হ্ৰাস পোৱাৰ লগতে অসম শক্তি বিতৰণ কোম্পেনী লিমিটেডৰ বাৰ্ষিক লাভ ৬০ কোটি টকালৈকে বৃদ্ধি কৰিব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো চৰকাৰী কাৰ্যালয়ত ক্ৰমান্বয়ে আৰু পৰ্যায়ক্ৰমে সৌৰ শক্তিৰ ব্যৱস্থা প্ৰয়োগ কৰাৰ বিষয়ে উল্লেখ কৰে৷ প্ৰাৰম্ভিক পৰ্যায়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ব্যৱস্থা চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত স্থাপন কৰিব পৰা যায় বুলি উল্লেখ কৰে৷
“সেউজ শক্তিৰ ব্যৱহাৰে চৰকাৰক সম্পদৰ সঠিক ব্যৱহাৰ আৰু অৰ্থনৈতিকভাৱে পিছপৰাসকলৰ বাবে কাম কৰাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰিব,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
তেওঁ লগতে কয় যে গৃহ, বিত্ত আৰু মুখ্যমন্ত্ৰী সচিবালয়ৰ বাহিৰে বাকী চৰকাৰী কাৰ্যালয়সমূহত সন্ধিয়া ৮-৯ বজাৰ ভিতৰত স্বয়ংক্ৰিয়ভাৱে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷
“এতিয়ালৈকে মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু চৰকাৰী বাসগৃহত থকা কৰ্মচাৰীৰ বিদ্যুৎ বিলৰ খৰচ চৰকাৰে বহন কৰি আছিল৷ এই ৭৫ বছৰীয়া ব্যৱস্থাৰ অৱসান ঘটিব ১ জুলাইৰ পৰা,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
তেওঁ কয়, “এই পদক্ষেপসমূহ ৰূপায়ণৰ পাছত বিদ্যুৎ ব্যয় আৰু বিদ্যুৎ ৰাহি হ’ব আৰু অসম শক্তি বিতৰণ কোম্পেনী লিমিটেডে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা বিদ্যুৎ বিলৰ প্ৰতি ইউনিটৰ মূল্য ১ টকাকৈ হ্ৰাস কৰি উপভোক্তাক সকাহ প্ৰদান কৰিব পাৰিব৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামুলীয়া বিজুলী আঁচনিৰ বাবে আবেদন কৰিবলৈও আহ্বান জনায়৷ এই আঁচনিৰ জৰিয়তে ঘৰুৱা বিদ্যুৎ বিলত সকাহ লাভ কৰিবলৈ সক্ষম হ’ব৷ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সৌৰ পেনেল লগোৱাৰ পাছত তেনে পৰিয়ালৰ বিদ্যুৎ ব্যয় ৮৫%লৈকে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷