কোনো নতুন কৰৰ প্ৰস্তাৱ অবিহনে অসমৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে যোৱা ১২ ফেব্ৰুৱাৰীত সেউজ শক্তি, মহিলা সবলীকৰণ, উদ্যোগ আৰু আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব প্ৰদান কৰি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেটখন উপস্থাপন কৰে।
বৰ্তমানৰ চৰকাৰখনৰ চতুৰ্থটো বাজেট ভাষণত অজন্তা নেওগে কয়, “এই বছৰ আমাৰ লক্ষ্য হৈছে এখন বাস্তৱসন্মত বাজেট উপস্থাপন কৰা। এখন বাজেটে ৰাজ্যখনৰ নাগৰিকসকলৰ প্ৰকৃত আকাংক্ষা পূৰণ কৰাৰ লগতে মুদ্ৰাস্ফীতি এৰাই চলিব পাৰে। সকলো বিভাগৰ বাজেট আবণ্টন পুঁজিৰ সম্পূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰাটো হৈছে আমাৰ প্ৰচেষ্টা। বাস্তৱসন্মত বাজেটখনৰ আন এটা বিশেষত্ব হৈছে নিজ উৎসৰপৰা ৰাজহ বৃদ্ধিৰ দিশত অধিক গুৰুত্ব প্ৰদান কৰা।”
২০২৪-২৫ বৰ্ষৰ বাজেট প্রাক্কলনত ৰাজ্যখনৰ একত্রীকৃত নিধিত মুঠ ১,৪৩,৬০৫.৫৬ কোটি টকাৰ প্রাপ্তি প্রদর্শন কৰা হৈছে। ইয়াৰে ১,১১,৯৪৩৮৪ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা-৩১,৬৬১.৭৩ কোটি টকা মূলধনী শিতানত। ৰাজহুৱা শিতানৰ ১,৪৪,৫৫০.০৮ কোটি টকা আৰু উপনিমিত্ত (Contingency) পুঁজিৰ অধীনৰ ২,০০০.০০ কোটি টকা যোগ হোৱাৰ পাছত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ’ব ২,৯০,১৫৫.৬৫ কোটি টকা। বছৰটোৰ সৰ্বমুঠ প্রাক্কলিত ব্যয়ৰ পৰিমাণ হ’ব ২,৮৮,৫৬০.৭১ কোটি টকা। এইদৰে, বছৰটোত হোৱা প্রাক্কলিত লেনদেনৰ বাবদ আনুমানিক ১,৫৯৪.৯৪ কোটি টকা ৰাহি হ’ব। ইয়াৰ লগত বছৰটোৰ আৰম্ভণি ঘাটি ২,৩৬৯.৪১ কোটি টকাৰ হিচাপ মিলালে ২০২৪-২৫ বর্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ ৭৭৪.৪৭ কোটি টকা হ’বগৈ।
বিত্ত মন্ত্ৰীগৰাকীয়ে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে তেওঁৰ বাজেট উপস্থাপনৰ সময়ত উল্লেখ কৰে যে অসমে ৰাজহ উৎপাদনৰ দিশত অগ্ৰগতি লাভ কৰিছে। “মই পৱিত্ৰ সদনক জনাবলৈ পাই অতিশয় আনন্দিত হৈছোঁ যে ২০২১-২২ বিত্তীয় বৰ্ষৰ তুলনাত ২০২২-২৩ বৰ্ষত ৰাজ্যখনৰ নিজস্ব ৰাজহ ৩০.৭% বৃদ্ধি হৈছে। ৰাজহ উপাৰ্জন বিভাগসমূহত গ্ৰহণ কৰা সংস্কাৰমুখী পদক্ষেপসমূহৰ বাবে এই অভূতপূৰ্ব বৃদ্ধিৰ হাৰ সম্ভৱ হৈ উঠিছে। এই যাত্ৰাৰ প্ৰতিটো পৰ্যায়তে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা নিৰ্দেশনা আৰু সবল নেতৃত্ব এক নিদৰ্শন স্বৰূপ। ৰাজহ বৃদ্ধি কৰাৰো পণ আবকাৰী, বন, ভূমি ৰাজহ, পৰিবহণ আদি সকলো খণ্ডতে প্ৰতিফলিত হয়,” অজন্তা নেওগে কয়।
অজন্তা নেওগে ২০২২-২৩ বিত্তীয় বৰ্ষত বিত্ত (কৰাৰোপন) বিভাগৰ অধীনত ১৯,৭১৫ কোটি টকা সংগ্ৰহ কৰাৰ বিষয়ে উল্লেখ কৰে। এয়া পূৰ্বৰ বৰ্ষৰ তুলনাত ২১ শতাংশ অধিক। তেওঁ কয়, “২০২৪ বৰ্ষৰ ৩১ জানুৱাৰীলৈকে সংগৃহীত জি এছ টি আৰু অনা-জি এছ টিৰ পৰিমাণ ১৮,৪৭৪ কোটি টকা। এই পৰিমাণ ২০২২- ২৩ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত সংগৃহীত ১৬,২৪০ কোটি টকাতকৈ ১৪ শতাংশ অধিক। অনাগত বৰ্ষত এই বৃদ্ধিৰ হাৰ ১৬ শতাংশলৈ উন্নীত কৰাৰ প্ৰচেষ্টা কৰিম।”
তেওঁ লগতে উল্লেখ কৰে যে ২০২২-২৩ বৰ্ষত ২,০০৮ কোটি টকাৰ বিপৰীতে ২০২৪ চনৰ ৩১ জানুৱাৰীলৈকে আবকাৰী বিভাগৰ ৰাজহ সংগ্ৰহ হয় ২,৪৫৯ কোটি টকা অৰ্থাৎ ২২% বৃদ্ধিৰ হাৰ দেখা পোৱা গৈছে।
২০২১-২২ বিত্তীয় বৰ্ষৰ তুলনাত ২০২২-২৩ বৰ্ষত ৰাজ্যখনৰ নিজস্ব ৰাজহ ৩০.৭% বৃদ্ধি হৈছে। ৰাজহ উপাৰ্জন বিভাগসমূহত গ্ৰহণ কৰা সংস্কাৰমুখী পদক্ষেপসমূহৰ বাবে এই অভূতপূৰ্ব বৃদ্ধিৰ হাৰ সম্ভৱ হৈ উঠিছে। এই যাত্ৰাৰ প্ৰতিটো পৰ্যায়তে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা নিৰ্দেশনা আৰু সবল নেতৃত্ব এক নিদৰ্শন স্বৰূপ। ৰাজহ বৃদ্ধি কৰাৰো পণ আবকাৰী, বন, ভূমি ৰাজহ, পৰিবহণ আদি সকলো খণ্ডতে প্ৰতিফলিত হয়,
তেওঁ কয় যে প্ৰক্ষেপিত প্ৰাক্কলন অনুসৰি, ২০২৪-২৫ বৰ্ষৰ বাবে বৰ্তমানৰ মূল্যত ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ৬.৪৩ লাখ কোটি টকা স্পৰ্শ কৰাৰ সম্ভাৱনা আছে। এয়া ২০১৬-১৭ বৰ্ষৰ ২.৫৪ লাখ কোটি টকাৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ তুলনাত ১৫০% অধিক।
আগতীয়া প্রাক্কলন অনুসৰি অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন চলিত মূল্যত ২০২২-২৩ (QE) বৰ্ষৰ ৪.৯৩ লাখ কোটি টকাৰ বিপৰীতে ১৫.৬ শতাংশ বিকাশৰ হাৰেৰে ২০২৩-২৪ (AE) বর্ষত ৫.৭০ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয়, “অসমৰ প্রকৃত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন স্থিৰ মূল্যত ২০২২-২৩ (QE) বৰ্ষৰ ৩.০১ লাখ কোটি টকাৰ বিপৰীতে ৫.৯ শতাংশ বিকাশৰ হাৰেৰে ২০২৩-২৪ বর্ষত ৩.১৯ লাখ কোটি টকা হোৱাৰ সম্ভাৱনা আছে।”
ৰাজ্যৰ বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় অৰ্থনীতিলৈ ৰাজ্যখনৰ অৰ্থনীতিৰ বৰঙনি ২০১৬-১৭ বিত্তীয় বৰ্ষ ১.৬৫% ৰপৰা ২০২২-২৩ বিত্তীয় বৰ্ষত(QE) ১.৮১% লৈ বৃদ্ধি পাইছে।
অজন্তা নেওগে উল্লেখ কৰে যে ৰাজ্যখনৰ জনমূৰি উপাৰ্জনো দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁ কয় যে বিগত সাত বছৰত ৰাজ্যখনৰ জনমূৰি উপাৰ্জন ২০১৬-১৭ বৰ্ষত ৬৬,৩৩০ টকাৰ তুলনাত প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি হৈ ১,২০,৩৩৬ টকা স্পৰ্শ কৰিছে।
বিত্ত মন্ত্ৰীগৰাকীয়ে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেট উপস্থাপনৰ সময়ত সেউজ তথা নিকা শক্তিৰ দিশত যথেষ্ট গুৰুত্ব প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে চৰকাৰী ভৱনসমূহৰ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰিবলৈ শক্তি সম্পৰ্কীয় এক অ’ডিট কৰাৰ প্ৰস্তাৱ উপস্থাপন কৰে।
সকলো নতুন ভৱনৰ (ব্যক্তিগত আৰু ৰাজহুৱা) ছাদত সৌৰ পেনেল স্থাপন বাধ্যতামূলক কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনাৰ বিষয়ে প্ৰকাশ কৰি নেওগে কয়, “আমাৰ চৰকাৰে চলিত বৰ্ষত এই বিষয়ক এক নতুন আইন প্ৰস্তুত কৰিব।”
তেওঁ কয় যে ২০২৪ চনৰ নৱেম্বৰত এক গোলকীয় বিনিয়োগকাৰী সন্মিলন আয়োজন কৰা হ’ব, য’ত বিশ্বৰ আৰু ভাৰতৰ ঔদ্যোগিক প্ৰতিষ্ঠানসমূহে অংশগ্ৰহণ কৰিব।
অজন্তা নেওগে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্রতি লক্ষ্য ৰাখি অহা ২০২৬ চনৰ ভিতৰত বিভাগটোৱে ৰাজ্যখনৰ প্রতিটো উন্নয়ন খণ্ডতে (Block) অন্তত একোখনকৈ ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠান স্থাপনৰ পৰিকল্পনা কৰিছে। দেশৰ পূৰ্বাঞ্চলত স্থাপন কৰা প্ৰথমখন অসম দক্ষতা বিশ্ববিদ্যালয় অহা ২০২৫ চনৰ পৰা কাৰ্যকৰী কৰা হ’ব আৰু ইয়াত আনুমানিক ১৫০০ ছাত্র-ছাত্রীৰ নাম ভৰ্তি কৰোৱা হ’ব।