২০২৪ বৰ্ষৰ ফেব্ৰুৱাৰী মাহ; দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বিশেষ আঁচনিৰ কথা ঘোষণা কৰে৷ সেউজ শক্তিৰ দিশত এক সৰ্ববৃহৎ জনঅংশীদাৰিত্বৰ এই আঁচনিখনৰ নাম – প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ : বিনামূলীয়া বিদ্যুৎ আঁচনি৷ এই আঁচনিৰ জৰিয়তে গ্ৰাহকে সৌৰশক্তিৰ সহায়ত ৩০০ ইউনিট পৰ্যন্ত বিদ্যুৎ উৎপাদন কৰি নিজৰ বিদ্যুৎ বিল কম কৰিব পাৰিব৷
জনকল্যাণমূলক এই আঁচনিৰ বিষয়ে অৱগত হোৱাৰ পাছত ডুমডুমা নিৱাসী অমল চন্দ্ৰ গোস্বামীয়ে তাৎক্ষণিকভাৱে প’ৰ্টেলযোগে আবেদন কৰে৷ ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে অসমত ‘ৰূফটপ’ সৌৰশক্তি স্থাপনৰ বাবে কৰা ৰাজসাহায্যযুক্ত এই প্ৰচেষ্টাৰ সুফল অমল চন্দ্ৰ গোস্বামীয়ে অতি কম দিনৰ ভিতৰত লাভ কৰে৷
“আমি ২ কিলোৱাট সৌৰশক্তি স্থাপনৰ বাবে আবেদন কৰিছিলোঁ আৰু ইয়াৰ সুফলো লাভ কৰোঁ৷ যাৰ ফলশ্ৰুতিত ২০ জুনৰ পৰা সামগ্ৰিক ব্যৱস্থাটো কাৰ্যকৰী হয়৷ জুলাই-আগষ্ট মাহৰ ভিতৰত আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৰাজসাহায্যও লাভ কৰোঁ,” অমল চন্দ্ৰ গোস্বামীয়ে কয়৷
তেখেতে লগতে কয়, “জুলাই আৰু আগষ্ট মাহত ক্ৰমে প্ৰায় ১৬৯ আৰু ১৮০ ইউনিট বিদ্যুৎ উৎপাদন হোৱাৰ লগতে ছেপ্টেম্বৰ মাহৰ ২১ তাৰিখলৈ প্ৰায় ১৫৫ ইউনিট বিদ্যুৎ উৎপাদন হৈছে৷ জুলাই মাহত আমাৰ বিদ্যুৎ বিল প্ৰায় ৫৫%লৈ হ্ৰাস পাইছিল আৰু আগষ্ট মাহত হ্ৰাস হোৱাৰ পৰিমাণ আছিল প্ৰায় ৬৫%৷”
প্ৰধানমন্ত্ৰী সূৰ্য ঘৰৰ অধীনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) ছেপ্টেম্বৰ মাহৰ পৰা ৰাজ্যখনত নেট মিটাৰিং পদ্ধতিৰ আৰম্ভ কৰে৷ আৱাসিক গ্ৰাহকৰ ক্ষেত্ৰত ১০ কিলোৱাট পৰ্যন্ত ৰূফটপ সৌৰশক্তি স্থাপনৰ বাবে নেট মিটাৰিং পদ্ধতিৰ দ্বাৰা গ্ৰাহকে এপিডিচিএল গ্ৰিডত ৰপ্তানি কৰা সৌৰ ইউনিটখিনি এপিডিচিএল গ্ৰিডৰ পৰা আমদানি কৰা ইউনিটৰ পৰা বিয়োগ কৰা হ’ব আৰু বাকী ৰৈ যোৱা ইউনিটৰ আধাৰত বিদ্যুৎ বিলখন প্ৰস্তুত কৰা হ’ব৷
ইয়াৰ ফলত ৰূফটপ সৌৰশক্তি স্থাপন কৰা গ্ৰাহকৰ বহুসংখ্যকৰে ছেপ্টেম্বৰ মাহৰ কেইবাদিনো ‘শূন্য বিল’ অহা পৰিলক্ষিত হৈছে৷ অমল চন্দ্ৰ গোস্বামীয়ে অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক জনোৱা অনুসৰি তেখেতে ছেপ্টেম্বৰ মাহৰ ২১ তাৰিখলৈ প্ৰায় ১৫ দিন শূন্য বিল লাভ কৰিছে৷
ঠিক একেদৰে গোৱালপাৰা জিলাৰ জয়ন্ত ৰয় চৌধুৰীয়েও প্ৰায় দুমাহৰ পূৰ্বে ৩ কিলোৱাট সৌৰশক্তি স্থাপন কৰাৰ পৰা যথেষ্ট উপকৃত হোৱা বুলি সদৰী কৰে৷
তেখেতে কয়, “পৰিৱেশ সুৰক্ষাৰ দিশত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে শক্তি উৎপাদনৰ ক্ষমতা বৃদ্ধি কৰিব৷ পূৰ্বে আমি প্ৰায় ৩,০০০ টকা বিদ্যুৎ বিল পৰিশোধ কৰিবলগীয়া হৈছিল৷ কিন্তু বৰ্তমান বিদ্যুৎ বিল হ্ৰাস হোৱা পৰিলক্ষিত হৈছে৷”
যোৰহাটৰ উৎপল দত্তয়ো এই আঁচনিৰ সুফল লাভ কৰে৷ অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক তেখেতে আনন্দ প্ৰকাশ কৰি কয়, “আমাৰ দৰে মধ্যবিত্ত শ্ৰেণীৰ কথা চিন্তা কৰি চৰকাৰখনে গ্ৰহণ কৰা এই পদক্ষেপ অতিকৈ আদৰণীয়৷ কোনো আসোঁৱাহ নোহোৱাকৈ সৌৰশক্তি স্থাপনৰ সকলো কাম সুকলমে সম্পন্ন হৈছে৷”
৭ কিলোৱাটৰ সৌৰশক্তি স্থাপন কৰা গুৱাহাটীৰ উৎপল কুমাৰ বৰুৱায়ো এই পদক্ষেপৰ শলাগ লয়৷ তেখেতে কয়, “এই আঁচনিয়ে শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰি অৰ্থনৈতিক দিশটো শক্তিশালী কৰাত অৰিহণা যোগাইছে৷ তদুপৰি, এপিডিচিএলে শেহতীয়াকৈ আৰম্ভ কৰা নেট মিটাৰিং পদ্ধতিয়ে পূৰ্বতকৈ গ্ৰাহকসকলক সকাহ দিয়াৰ লগতে উৎসাহিত কৰিব৷”
মাৰ্ঘেৰিটাৰ সুবল মালাকাৰে সৌৰশক্তি স্থাপন কৰাৰ পূৰ্বে ১৫০০-২,০০০ টকা পৰ্যন্ত বিদ্যুৎ বিল পৰিশোধ কৰিবলগীয়া হৈছিল৷ দুমাহৰ পূৰ্বে যেতিয়া তেওঁৰ বাসগৃহত সৌৰ পেনেলৰ কাৰ্যকৰী হয়, তেতিয়াৰ পৰা তেখেতে বিদ্যুৎ বিলৰ পৰিমাণ হ্ৰাস হোৱা দেখিবলৈ পাইছে৷
“ছেপ্টেম্বৰ মাহ পৰ্যন্ত প্ৰায় ৪২৫ ইউনিট বিদ্যুৎ উৎপাদন হৈছে৷ বিদ্যুৎ উৎপাদনকে ধৰি আনুষংগিক দিশসমূহ নিৰ্ধাৰিত এপযোগে ঘৰতেই থাকি নিৰীক্ষণ কৰিব পাৰোঁ, যাৰ ফলত সমগ্ৰ ব্যৱস্থাটোৰ প্ৰতি আমাৰ বিশ্বাস বৃদ্ধি পাইছে৷ আমাৰ পৰা এই পদক্ষেপৰ বিষয়ে অৱগত হৈ বহু ব্যক্তিয়ে আঁচনিখনৰ লাভালাভ প্ৰাপ্ত কৰিবলৈ প’ৰ্টেলযোগে পঞ্জীয়ন কৰিছে,” মালাকাৰে কয়৷
এপিডিচিএলৰ এগৰাকী বিষয়াই কয়, “ৰাইজে আঁচনিখনৰ সুফল লাভ কৰিবলৈ বিভাগীয় তৰফৰ পৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ ইয়াৰ ভিতৰত নেট মিটাৰিং পদ্ধতিও অন্যতম৷ আঁচনিখনৰ অধীনত কৰা সংযোগৰ বাবে স্মাৰ্ট মিটাৰ ক্ৰয় আৰু সংস্থাপন কৰিবলৈ গ্ৰাহকে কোনোধৰণৰ ধন ব্যয় কৰিব নালাগে৷”