গুৱাহাটীৰ জ্যোতিনগৰ অঞ্চলৰ বাসিন্দা শ্যামসুন্দৰ কলিতা (৬১) ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডৰ অধীনস্থ গুৱাহাটী শোধনাগাৰৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰী৷ কলিতাই দীৰ্ঘদিন ধৰি তেওঁৰ বিদ্যুতৰ বিল হ্ৰাস কৰাৰ উপায় বিচাৰি আছিল৷ এনে নহয় যে তেওঁ বিদ্যুৎ মাচুলৰ ব্যয় পৰিশোধ কৰিবলৈ অপাৰগ৷ কিন্তু, তেওঁ সেউজ শক্তিৰ ব্যৱহাৰ আৰু বিদ্যুৎ সঞ্চয় কৰাৰ প্ৰতিহে অধিক আগ্ৰহী আছিল৷ একে সময়তে তেওঁ ঘৰৰ ছাদত ছ’লাৰ পেনেল স্থাপনৰ বাবদ বৰ বেছি বিনিয়োগ কৰাৰ প্ৰতিও আগ্ৰহী নাছিল৷ যেতিয়া তেওঁ জানিবলৈ পালে যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে একোটা পৰিয়ালক নৱীকৰণযোগ্য আৰু সেউজ শক্তি উৎপাদনৰ বাবে ঘৰৰ ছাদত ছ’লাৰ পেনেল স্থাপনৰ বাবে উৎসাহিত কৰিবলৈ ৰাজসাহায্য আগবঢ়োৱাৰ ঘোষণা কৰিছিল, তেতিয়াই তেওঁ এই দিশত আগবঢ়াৰ মন স্থিৰ কৰিছিল৷ “মই নিশ্চিত আছিলোঁ যে মই এই ৰুফটপ পেনেলবোৰৰ স্থাপন কৰিমেই৷ যোৱা বছৰ মাৰ্চত, মই চৰকাৰী ৰাজসাহায্য লাভ কৰোঁ আৰু চাৰি কিল’ৱাট সৌৰ শক্তি উৎপাদনৰ জোখাৰে এই পেনেলবোৰ স্থাপন কৰোঁ৷ ৰাজসাহায্য লাভ কৰাৰ পাছত মোৰ মুঠ বিনিয়োগৰ পৰিমাণ আছিল ১.১৮ লাখ টকা,” কলিতাই অসম বাৰ্তাক কয়৷
“ই প্ৰচলিত বিদ্যুততকৈ সুলভ৷ সৌৰ শক্তি ব্যৱহাৰ কৰাৰ পাছত পূৰ্বৰ তুলনাত এতিয়া মোৰ বিদ্যুতৰ বিল যথেষ্ট কম আহে৷ প্ৰতি মাহে ১৫০০ৰ পৰা ১৮০০ টকালৈ মই ৰাহি কৰোঁ,” কলিতাই কয়৷ “এয়া এককালীন বিনিয়োগ৷ পেনেলৰ আয়ুস প্ৰায় ২৫ বছৰ৷ তত্ত্বাৱধান ব্যয়ো নামমাত্ৰ৷ প্ৰতি মাহে, এপিডিচিএলৰ অভিযন্তাসকলে এই পেনেলবোৰৰ কাম-কাজ পৰীক্ষা কৰিবলৈ মোৰ বাসগৃহলৈ আহে,” তেওঁ কয়৷
তেওঁ লগতে কয় যে তেওঁৰ ছাদৰ ছ’লাৰ পেনেলত উৎপাদিত অতিৰিক্ত বিদ্যুৎ গ্ৰীডৰ জৰিয়তে এপিডিচিএললৈ ঘূৰি যায়৷ শ্যাম সুন্দৰ কলিতাৰ এই সিদ্ধান্তই তেওঁৰ ওচৰ-চুবুৰীয়াসকলকো উৎসাহিত কৰিছে৷
৮০ বছৰীয়া ডাঃ পুলিন বৰুৱা গুৱাহাটীৰ সুন্দৰপুৰ অঞ্চলৰ বাসিন্দা৷ তেওঁ সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্নেল৷ তেখেতেও চ্ছ্ৰ কিল’ৱাট বিদ্যুৎ উৎপাদনৰ বাবে ১২টাকৈ ছ’লাৰ পেনেল স্থাপন কৰি এপিডিচিএলৰ আঁচনিখনৰ পৰা লাভান্বিত হৈছে৷ তেওঁ কয়, “মোৰ পুত্ৰ কৰ্নেল তুষাৰকান্তি বৰুৱাও এগৰাকী সেনা বিষয়া৷ তেৱেঁই ঘৰত ছ’লাৰ পেনেল স্থাপনত আগভাগ লৈছিল৷”
ৰাজ্যৰ বাহিৰত স্থিত নিজ কৰ্মস্থলীৰ পৰা আমাৰ প্ৰতিনিধিৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কৰ্নেল তুষাৰে কয় যে কেইবছৰমান পূৰ্বে ৰাজস্থানত কৰ্ত্যবত নিয়োজিত হৈ থকাৰ সময়ত তেওঁ প্ৰত্যক্ষ কৰিছিল যে কিদৰে সেই ৰাজ্যৰ মানুহে সূৰ্যৰ ৰশ্মিৰপৰা শক্তি উৎপাদন কৰিছিল৷
“এনেদৰে উৎপন্ন হোৱা শক্তি যথেষ্ট মিতব্যয়ী৷ ই সেউজ শক্তিৰো এক বিশুদ্ধ প্ৰকাৰ৷ শক্তি উৎপাদনৰ বাবে আমাক নতুন উৎসৰ প্ৰয়োজন৷ যদিও অসমত সূৰ্যৰ ৰশ্মি পশ্চিম ভাৰতৰ আন আন ৰাজ্যসমূহৰ দৰে শক্তিশালী আৰু প্ৰখৰ নহয়, তথাপি সৌৰ শক্তি উৎপাদনৰ জোখেৰে যথেষ্ট,” তেওঁ কয়৷ কৰ্নেলে লগতে কয়, “মই আমাৰ পৈতৃক গাঁৱৰ নামঘৰত ককা-আইতাৰ নামত ছ’লাৰ পেনেল স্থাপন কৰিছোঁ৷”
অৱসৰপ্ৰাপ্ত কৰ্নেল ডাঃ পুলিন বৰুৱাই আমাৰ সংবাদদাতাক জনায় যে তেওঁৰ পৰিয়ালে এপিডিচিএলৰ গ্ৰীডক অতিৰিক্ত সৌৰ শক্তি প্ৰদান কৰি প্ৰতি মাহে ১৫০০ৰ পৰা ১৮০০ টকা পৰ্যন্ত বিদ্যুতৰ বিল ৰাহি কৰিবলৈ সক্ষম হৈছে৷
এপিডিচিএলৰ এগৰাকী অভিযন্তা বৈশালী তালুকদাৰে কয় যে কোম্পানীটোৱে ২০২২ চনৰ নৱেম্বৰলৈকে সমগ্ৰ ৰাজ্যত প্ৰায় ২৪৯.৮৯ মেগাৱাট ক্ষমতাৰ সৌৰ প্ৰকল্প কাৰ্যকৰী কৰিছে৷ ইয়াৰ ভিতৰত আছে বৃহৎ মেগাৱাট পৰিমাণৰ উৎপাদন গ্ৰীড সংযোজিত সৌৰ শক্তি প্ৰকল্প (১৭৯ মেগাৱাট), গ্ৰীড সংযোজিত ৰুফটপ সৌৰ শক্তি প্ৰকল্প (৩০.৮০ মেগাৱাট) আৰু অফ গ্ৰীড ছ’লাৰ ছীষ্টেম (৪০.০৯ মেগাৱাট)৷
নব্য আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ৰ ৰুফটপ ৰাজসাহায্য কাৰ্যসূচীৰ লগতে, অসম চৰকাৰৰ ৰাজ্যিক বাজেট আঁচনিৰ অধীনত সমগ্ৰ ৰাজ্যৰ আৱাসিক, প্ৰাতিষ্ঠানিক, সামাজিক, ঔদ্যোগিক খণ্ডত গ্ৰীড সংযোজিত ৰুফটপ সৌৰ শক্তি প্ৰকল্প স্থাপন কৰা হৈছে৷ ঔদ্যোগিক খণ্ডয়ো বিভিন্ন ব্যক্তিগত খণ্ডৰ জৰিয়তে ৰুফটপ ছ’লাৰ স্থাপন কৰিছে৷
“এই প্ৰকল্পটোৱে সেউজ শক্তিৰ জৰিয়তে ৰাজ্যখনৰ বৰ্ধিত বিদ্যুৎ চাহিদাৰ এক নিৰ্দিষ্ট অংশ পূৰণ কৰাত সহায় কৰিব আৰু এপিডিচিএলৰ বিদ্যুৎ সংগ্ৰহ অনুকূলিত কৰাৰ ক্ষেত্ৰতো সহায় কৰিব,” তেওঁ কয়৷
এপিডিচিএলৰ নব্য আৰু নৱীকৰণযোগ্য শক্তি শাখাৰ এগৰাকী অভিযন্তা বিনয় নাথে লগতে কয় যে সমগ্ৰ প্ৰক্ৰিয়াটো সহজসাধ্য কিয়নো মাত্ৰ এটা সৰল ব্যৱস্থাৰে (single window clearances) অনুমতি লাভৰ সুবিধা আছে আৰু আৱেদনসমূহ অতি কম সময়ৰ ভিতৰতে অনুমোদিতও হয়৷
ছাদত সংস্থাপন কৰা ছ’লাৰ ছীষ্টেমত উৎপাদিত বিদ্যুৎ এক সুনিয়ন্ত্ৰিত ফিড-ইন শুল্কত গ্ৰীডলৈ পঠিয়াব পাৰি বা নেট-মিটাৰিং পদ্ধতিৰে স্ব-ব্যৱহাৰৰ বাবে প্ৰয়োগ কৰিব পাৰি বুলি তেওঁ অসম বাৰ্তাক জনায়৷
এপিডিচিএলে সহজে ৰাজসাহায্য মুকলি আৰু ছ’লাৰ প্লেটবোৰ নিয়মীয়াকৈ নিৰীক্ষণৰ ব্যৱস্থা কৰাৰ বাবেই গুৱাহাটীৰ শিলপুখুৰীৰ আন এগৰাকী গ্ৰাহক শান্তনু চক্ৰৱৰ্তীয়ে তিনি কিল’ৱাট সৌৰ শক্তি উৎপাদন কৰাত কোনোধৰণৰ সমস্যাৰ সন্মুখীন হোৱা নাছিল৷ ছ’লাৰ পেনেল স্থাপনৰ ফলস্বৰূপে প্ৰতি মাহে তেওঁৰ ১২০০-১৫০০ টকাৰ বিদ্যুৎ বিল হ্ৰাস পাইছে৷
“কেৱল ধন ৰাহি কৰাই নহয়, এপিডিচিএলৰ অভিযন্তাসকলে ইয়াক যিধৰণে নিৰীক্ষণ কৰি আছে, আমি ভাবোঁ যে এই পেনেলবোৰ এক সুদীৰ্ঘ সময়ৰ বাবে কাৰ্যক্ষম হৈ থাকিব,” চক্ৰৱৰ্তীয়ে কয়৷