বৰটিকাৰ ৩২০ বিঘা পশুধনৰ চৰণীয়া পথাৰ আৰু আশে-পাশে থকা বননি ২০১৮ চনলৈকে আছিল বেদখলকাৰী আৰু গছ কটা লোকৰ ৰম্যভূমি৷ গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ এই ভূমিত এসময়ত গছ-বাঁহ কটা, পক্ষী আৰু পশু চিকাৰ কৰা সততে দেখিবলৈ পোৱা গৈছিল৷ এই দৃশ্যপট সম্পূৰ্ণ সলনি হৈ পৰিল যেতিয়াৰেপৰা বিধায়ক মৃণাল শইকীয়াই এই ভূমিৰ বন্য জীৱন আৰু উদ্ভিদসমূহৰ সংৰক্ষণৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰে৷
বৃহত্তৰ খুমটাই অঞ্চলৰ অগ্ৰণী সমাজকৰ্মী পৰাগ বৰাই অসম বাৰ্তাক কয়, “এসময়ত বৰটিকাত প্ৰায় ৬০০ বিঘা চৰণীয়া ভূমি আছিল৷ ইয়াৰে যথেষ্ট পৰিমাণৰ মাটি বেদখলৰ কৱলত পৰিছে৷ প্ৰথম পদক্ষেপ হিচাপে আমাৰ বিধায়ক মৃণাল শইকীয়াই প্ৰায় ৫০ বিঘা মাটি বেদখলমুক্ত কৰে৷ এই পাতল অৰণ্যপ্ৰধান অঞ্চলটোৰ সংৰক্ষণৰ বাবে ২০১৮ চনৰপৰা তেওঁ বিশেষ ব্যৱস্থা গ্ৰহণ কৰে৷ ইয়াৰ ফল আমি দেখা পালোঁ যোৱা ১৭ মাৰ্চত৷ উক্তদিনা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৰটিকাৰ অৰণ্য ভূমিক এখন ক্ষুদ্ৰ গ্ৰাম্য বন্যপ্ৰাণী অভয়াৰণ্যৰূপে ঘোষণা কৰে৷”
মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণকালত চৰকাৰৰ ‘প্ৰকৃতিৰ সৈতে উন্নয়ন’ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি অঞ্চলটোত বট গছৰ পুলিৰ ৰোপণেৰে এক গছপুলি ৰোপণ অভিযানৰ আৰম্ভ কৰে৷ বৰটিকা, অধৰসত্ৰ শেনচোৱা বাপুজী উচ্ছ বিদ্যালয় আৰু ভালুকীটিঙত অনুষ্ঠিত তিনিটাকৈ পৃথক অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড॰ শৰ্মাই কয় যে চৰকাৰে ৰাজ্যখনত এক সেউজ আৰু পৰিষ্কাৰ পৰিৱেশ গঢ়ি তোলাৰ দিশত নিৰন্তৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যাতে জনসাধাৰণে এক স্বাস্থ্যকৰ জীৱন যাপন কৰিবলৈ সক্ষম হয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে মুদৈ গাঁৱত বৰটিকা ক্ষুদ্ৰ গ্ৰাম্য বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা কাৰ্যালয়ো মুকলি কৰে৷
বৰাই কয় যে বনাঞ্চলটোৰ ভিতৰত, কছাৰী ৰাজবংশৰ শাসনকালত খন্দোৱা অভয়াপুখুৰী নামৰ কেইবাশ বছৰ পুৰণি এটি জলাশয় আছে, যাৰ সৌন্দৰ্যবৰ্ধনৰ অভিযান ইতিমধ্যে আৰম্ভ কৰা হৈছে৷
“পুখুৰীটোৰ ওচৰতে এটা বৃক্ষ সংগ্ৰহালয় গঢ়ি তোলা হৈছে৷ সেউজ গৃহৰ সৈতে এটা অৰ্কিডেৰিয়াম নিৰ্মাণ কৰি থকা হৈছে য’ত বিভিন্ন গছ-গছনি আৰু বনাঞ্চলত জন্ম হোৱা বিভিন্ন প্ৰকাৰৰ অৰ্কিড সংৰক্ষণৰ প্ৰচেষ্টা কৰা হৈছে৷ গ্ৰাম্য পৰ্যটন ক্ষেত্ৰৰ ৰূপ পোৱা এই গাঁওখনৰ ক্ষুদ্ৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ সৌন্দৰ্য চাবলৈ প্ৰকৃতিপ্ৰেমীসকলে ভিৰ কৰিছে,” তেওঁ কয়৷
মুদৈ গাঁৱৰ মুহিৰাম হাজৰিকা হাইস্কুলৰ প্ৰধান শিক্ষক মৃণাল খাউণ্ডে কয় যে অঞ্চলটোত তেওঁৰ ২৫ বছৰীয়া শিক্ষকতাকালত বনজ সম্পদৰ সুৰক্ষা আৰু সংৰক্ষণ সম্পৰ্কে গাঁওবাসীৰ মাজত সচেতনা বৃদ্ধি পোৱা যেন অনুভৱ হৈছে৷
“গাঁওখনৰ বাসিন্দাসকল প্ৰকৃতিপ্ৰেমী আৰু বনজ সংৰক্ষণৰ বিষয়টোকলৈও যথেষ্ট সচেতন৷ চৰকাৰে বৰটিকাক ৰাজ্যৰ প্ৰথমখন ক্ষুদ্ৰ গ্ৰাম্য বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ লগে লগে এই চেতনাবোধে এক নতুন উৎসাহ লাভ কৰিব৷ অসম চৰকাৰে ৰাজ্যৰ সকলো প্ৰান্ততে একেধৰণৰ অভিযান চলাব বুলি আশা কৰিছোঁ,” খাউণ্ডে কয়৷
“বৃহত্তৰ বৰটিকা অঞ্চলত মই বিভিন্ন প্ৰজাতিৰ অৰ্কিড দেখিছোঁ৷ এই অঞ্চলটোত পোৱা অৰ্কিড আন ঠাইৰ অৰ্কিডতকৈ পৃথক৷ ইয়াত এটা সেউজগৃহ উন্নীত কৰা হৈছে য’ত বিভিন্ন অৰ্কিডৰ খেতি পূৰ্ণগতিত চলি আছে৷ এই পদক্ষেপে উদ্ভিদবিজ্ঞানী আৰু গৱেষকসকলক এই ঠাইলৈ আকৰ্ষিত কৰিব৷ ইতিমধ্যে বৰটিকা এক সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলীৰূপে পৰিগণিত হ’বলৈ আৰম্ভ কৰিছে,” তেওঁ লগতে কয়৷
স্থানীয় বিধায়কগৰাকীয়েও গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷
“বৰটিকাই অসমৰ প্ৰথমখন ক্ষুদ্ৰ গ্ৰাম্য বন্যপ্ৰাণী অভয়াৰণ্যৰ খিতাপ অৰ্জন কৰাৰ ক্ষেত্ৰত তেখেতৰ প্ৰচেষ্টাৰ কথা স্বীকাৰ কৰিবই লাগিব৷ তেওঁ গছপুলি ৰোপণ আৰু সংৰক্ষণ অভিযানো হাতত লৈছে৷ উদাহৰণস্বৰূপে, যেতিয়া মোৰ কনিষ্ঠ কন্যাৰ বিয়াৰ বাবে মোক কিছু ধনৰ প্ৰয়োজন হৈছিল, মই মোৰ বাৰীৰ পিছফালৰপৰা পাঁচজোপা চাম গছ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিলোঁ৷ আমাৰ বিধায়কজনে এই বিষয়ে জানিবলৈ পাই গছ কেইজোপা নাকাটিবলৈ অনুৰোধ কৰিছিল আৰু মোক আৰ্থিকভাৱে সহায় কৰিছিল৷ তেওঁৰ এই মহানুভৱতাৰদ্বাৰা অনুপ্ৰাণিত হৈ মই মোৰ সিদ্ধান্ত সলনি কৰিলোঁ,” মুদৈ গাঁৱৰ কনক বৰুৱাই (৭৭) এই প্ৰতিৱেদকৰ সৈতে হোৱা বাৰ্তালাপত সেই স্মৃতি ৰোমন্থন কৰে৷
পশ্চিম মিছামৰা গাঁও পঞ্চায়তৰ সভাপতি নবীন বৰুৱাই কয় যে ১৯৯১ চনত তদানীন্তন ৰাজ্য চৰকাৰে তাত থকা ৩০০ বিঘা চৰণীয়া ভূমিৰ উপৰি আৰু প্ৰায় ৩০০ বিঘা ভূমিৰ আবণ্টন দিছিল৷ কিন্তু, সেই ভূমিও বেদখলৰ কৱলত পৰিছিল৷
খুমটাই বিধানসভা সমষ্টিৰ ভিতৰতে আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে ঘোষণা কৰা দা-ধৰা গাঁৱৰ এগৰাকী ছাত্ৰী গীতাশ্ৰী বৰুৱাও (২৩) গাঁওখনৰ এই সফলতাত সুখী৷ “আজি আপুনি এই অঞ্চলৰ চাৰিওফালে বিভিন্ন ধৰণৰ উদ্ভিদ, অৰ্কিড, পক্ষী আৰু জীৱ-জন্তু দেখিবলৈ পাব৷ এই অতুলনীয় প্ৰাকৃতিক পৰিৱেশে দিনক দিনে আমাৰ গাঁওখনৰ সুনাম বৃদ্ধিৰ লগতে নতুনকৈ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে,” গীতাশ্ৰী বৰুৱাই কয়৷