বিশ্বনাথ জিলাৰ (পুনৰঘোাষিত) মুখৰ গাঁৱৰ এগৰাকী বাসিন্দা স্বপ্না কেওটে চাহ বাগিচাত কাম কৰি পৰিয়ালটো চলোৱাত তেওঁৰ স্বামীক সহায় কৰে৷ এটি আত্মসহায়ক গোটৰ সদস্য কেওটে যেতিয়া জানিবলৈ পালে যে অসম চৰকাৰৰ বন বিভাগে গছপুলি ৰোপণৰ জৰিয়তে উপাৰ্জনৰ এটি নতুন পদক্ষেপ আৰম্ভ কৰিছে তেওঁ বৰ উৎকণ্ঠাৰে ইয়াৰ অংশীদাৰ হ’বলৈ বাট চাই আছিল৷ এটি গছপুলি ৰোপণ কৰি তাক প্ৰতিপালন কৰাৰ হেঁপাহ লৈ অমৃত বৃক্ষ আন্দোলনত পঞ্জীয়ন কৰা প্ৰথমগৰাকী মহিলা হ’ব বুলি তেওঁ কেতিয়াও কল্পনা কৰা নাছিল বুলি এই প্ৰতিৱেদকক অৱগত কৰে৷
“মই চাহ বাগিচাত কাম কৰোঁ বাবে স্বাভাৱিকতে সেউজীয়া ভাল পাওঁ৷ আমি দুয়ো সেয়ে পাৰিলেই গছ লগাওঁ৷ সিদিনা আমাৰ গোটৰ সভালৈ যাওঁতে জানিবলৈ পালোঁ যে চৰকাৰে গছপুলি ৰোপণ কৰি আৰ্থিকভাৱে লাভৱান হোৱাৰ এটি পদক্ষেপ আৰম্ভ কৰিছে লগে লগে পজ্ঞীয়ন কৰালোঁ,” স্বপ্না কেওটে অসম বাৰ্তাক কয়৷
যোৱা ২ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত এক কোটি বাণিজ্যিক প্ৰজাতিৰ গছপুলি ৰোপণ অভিযান অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভণি কৰে৷ এই উচ্চাভিলাষী পদক্ষেপটো ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব, যাৰ উদ্দেশ্য হৈছে ৰাজ্যজুৰি তিনি ঘণ্টাত এক কোটি গছপুলি ৰোপণ কৰা৷ তেওঁ কয় যে এই অভিযানৰ জৰিয়তে বৃক্ষ অৰ্থনীতিক উৎসাহিত কৰিবলৈ আৰু ৰাজ্যখনত কৃষিবনক উদগনি দিয়াৰ সমান্তৰালকৈ স্থানীয় সম্প্ৰদায়সমূহক সবলীকৰণৰ উদ্দেশ্যে বাণিজ্যিক প্ৰজাতিৰ গছৰ সংখ্যা বৃদ্ধি আৰু ৰোপণ কৰাত গুৰুত্ব দিয়া হৈছে৷
চৰকাৰে সহায়ক গোট, আশা-অংগনৱাড়ী-চাহ বাগিচাৰ কৰ্মী, শিক্ষানুষ্ঠানৰ সদস্যসকল, আৰক্ষী কৰ্মী আৰু বেচৰকাৰী সংগঠনসমূহৰ জৰিয়তে দূৰৱৰ্তী আৰু ভিতৰুৱা অঞ্চললৈ এই অভিযানৰ প্ৰসাৰতা বৃদ্ধিৰ চেষ্টা কৰি আছে, যাতে কোনেও এই অভিযানৰপৰা বাদ নপৰে আৰু পদক্ষেপটোৱে এক বৃহৎ সফলতা লাভ কৰিব পাৰে৷
গোৱালপাৰা জিলাৰ সিকিয়াজুলি কুঁহিয়াৰবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰঞ্জিত কুমাৰ ৰাভাই অমৃত বৃক্ষ আন্দোলনক পৰিৱেশৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় এক পদক্ষেপ বুলি অভিহিত কৰে৷ “অসমৰ বনাঞ্চলৰ আৱৰণ ৩৬%ৰপৰা ৩৮%লৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ এই পদক্ষেপৰ সহযাত্ৰী হ’বলৈ পাই মই নথৈ আনন্দিত হৈছোঁ৷ অমৃত বৃক্ষ অন্দোলন প’ৰ্টেলত আমাৰ লগতে বহুতেই পঞ্জীয়ন কৰিছে বুলি মই জানিবলৈ পাইছোঁ৷”
এই অভিযানত ৰোপণৰ বাবে ২৩বিধ বাণিজ্যিকভাৱে মূল্যবান প্ৰজাতিৰ গছপুলি যেনে চেগুন, বগা চন্দন, অগৰু, গমাৰী, হোলোক, তিতাচঁপা, আৰু বগী পমা বিতৰণ কৰা হ’ব৷ এই নিৰ্বাচিত প্ৰজাতিৰ গছপুলিবোৰৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সম্ভাৱনা আছে, যি স্থানীয় ৰাইজক তেওঁলোকৰ জীৱিকা উন্নত কৰাৰ সুযোগ প্ৰদান কৰিব বুলি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰে৷
জনতা ভৱনত আয়োজিত সভাত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অমৃত বৃক্ষ আন্দোলনৰ মোবাইল এপ্, ৱেব প’ৰ্টেল আৰু ডব্লিউ বি আই (Wood Based Industry) প’ৰ্টেলৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ গছপুলি ৰোপণ কৰাৰ ফটো এপটোত আপলোড কৰিলে পঞ্জীয়নভুক্ত হিতাধিকাৰীসকলক ৰাজ্য চৰকাৰে প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ জৰিয়তে ১০০ টকাকৈ প্ৰদান কৰিব৷ তিনি বছৰ পাছত গছপুলিটো জীয়াই থাকিলে আৰু ২০০ টকা হিতাধিকাৰীৰ একাউণ্টত জমা কৰা হ’ব৷ গছপুলি সংগ্ৰহৰপৰা গছপুলি ৰোপণলৈকে আৰু ইয়াৰ বিকাশ নিৰীক্ষণ কৰালৈকে অভিযানৰ প্ৰতিটো পৰ্যায় দক্ষতাৰে পৰিচালনা আৰু তত্বাৱধান কৰাৰ বাবে এটা ম’বাইল এপ্ আৰু এটা ৱেব প’ৰ্টেল বিশেষভাৱে বিকশিত কৰা হৈছে৷ পঞ্জীয়ন কৰাৰ সময়ত, ব্যৱহাৰকৰ্তাসকলে তেওঁলোকৰ বেংক একাউণ্টসমূহ লিংক কৰিব লাগিব আৰু প্ৰয়োজনীয় পৰিচয় পত্ৰ প্ৰদান কৰিব লাগিব৷ পঞ্জীয়নৰ পাছত, ব্যৱহাৰকৰ্তাসকলে এপৰ জৰিয়তে বিভিন্ন শৈক্ষিক সমল আৰু সা-সুবিধা লাভ কৰিব পাৰিব৷
অৰ্থনৈতিক সমৃদ্ধি, সুস্থ জলবায়ু বৃদ্ধি আৰু সেউজ আৱৰণ সম্প্ৰসাৰণৰ বৃদ্ধিৰ উদ্দেশ্যে হাতত লোৱা এই অভিযানৰ বাবে এপত ৰেজিষ্ট্ৰেশনৰ অন্তিম তাৰিখ ৩১ আগষ্ট ২০২৩ ধাৰ্য কৰা হৈছে৷ বিশ্ব ৰেকৰ্ডৰ বাবে গছপুলি ৰোপণ কৰিবলৈ ১৪-১৫ ছেপ্টেম্বৰত জিলা আয়ুক্ত আৰু জিলা বন বিষয়াৰদ্বাৰা বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰা হ’ব৷ গছপুলি ৰোপণেৰে বিভিন্ন ধৰণৰ ৯টা ৰেকৰ্ড গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ উল্লেখ্য যে এই অভিযানত অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কৰা সকলো পঞ্জীয়নকাৰীয়ে প্ৰমাণপত্ৰও লাভ কৰিব৷
কাছাৰ জিলাৰ বৰকলা উন্নয়ন খণ্ডৰ হাতীচেড়া গাঁও পঞ্চায়তৰ এগৰাকী জীৱিকা সখী নিয়তি ৰয়ে (৫১) যেতিয়া ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছনৰ জৰিয়তে অমৃত বৃক্ষ আন্দোলনৰ বিষয়ে জানিবলৈ পালে তেওঁ লগে লগে প’ৰ্টেলৰ জৰিয়তে পজ্ঞীয়ন কৰিলে৷ “বাণিজ্যিকভাৱে লাভৱান হোৱা বহুতো গছ আছে যিবোৰ ৰুই আমি আৰ্থিকভাৱে লাভৱান হোৱাৰ উপৰি নিজৰ ঘৰখন সাজিবলৈ নিজে ৰোপণ কৰা পুলিৰ কাঠ ব্যৱহাৰ কৰিব পাৰিম,” ৰয়ে অসম বাৰ্তাক কয়৷
এমট্ৰনে পৰিচালনা কৰি থকা অমৃত বৃক্ষ আন্দোলন প’ৰ্টেলত এই পৰ্যন্ত (৩১ আগষ্ট ২০২৩ প্ৰতিৱেদন লিখা সময়ত) ৪৬ লাখৰো অধিক লোকে পঞ্জীয়ন কৰিছে৷ (বক্সত চাওক)
বন বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই এই সংবাদপত্ৰখনক কয় যে আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যই দুটাকৈ গছপুলি ৰোপণ কৰিব৷ “এনে কৰিলে আশা কৰিছোঁ যে আমি দিনটোত ১ কোটি ১০ লাখ গছপুলি ৰোপণ কৰিব পাৰিম৷ যদিও আমি ১.০১ কোটি গছপুলিৰ বাবে নিৰ্দেশনা জাৰি কৰিছোঁ৷ অৱশ্যে, আমাৰ হাতত ২৯ লাখ গছপুলি ইতিমধ্যে মজুত আছে,” তেওঁ কয়৷