মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৃক্ষ-অৰ্থনীতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সপোনেৰে অহা ১৭ ছেপ্তেম্বৰত এক বিশেষ পদক্ষেপ গ্ৰহণৰ বিষয়ে উল্লেখ কৰিছে৷ উক্তদিনা বিশ্ববাসী সাক্ষী হ’ব গীনিজ অভিলেখ ভংগকাৰী এক গছপুলি ৰোপণ অভিযানৰ৷ ‘অমৃত বৃক্ষ আন্দোলন’ৰ অধীনত এদিনতে ১ কোটি গছপুলি ৰোপণ কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে৷ অনাগত সময়ত এনে ধৰণৰ বিশেষ অনুশীলনৰ সু-ফলাফল লাভ কৰিবলৈ অসমবাসী সক্ষম হ’ব৷ এই অভিযানৰ মুখ্য বিষয়বস্তু হৈছে -“সেউজ ভৱিষ্যতৰ বাবে গছপুলি ৰোপণ”৷
“এই অভিযান সম্পন্ন হ’ব ১৭ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰপৰা ১১ বজালৈ আৰু এয়া হ’ব বিশ্বৰ সৰ্ববৃহৎ গছপুলি ৰোপণ কাৰ্যসূচী,” পৰিৱেশ আৰু বন বিভাগৰ এক সূত্ৰই অসম বাৰ্তাক জনায়৷
“অহা ১ আগষ্টত এই উদ্দেশ্যে এটা এপ্ মুকলি কৰা হ’ব৷ ইয়াত ৰাইজে পঞ্জীয়ন কৰি বিনামূলীয়া গছপুলি লাভ কৰিব পাৰিব আৰু এই অভিযানত অংশ ল’ব পাৰিব৷ ৰাজ্য চৰকাৰে ঘোষণা কৰে যে উক্তদিনা ৰোপণ কৰা গছপুলিৰ বাবে এগৰাকী ব্যক্তিয়ে লাভ কৰিব ১০০ টকাকৈ আৰু তিনি বছৰ প্ৰতিপালনৰ পাছত তেখেতক পুনৰ আৰু ২০০ টকাকৈ প্ৰদান কৰিব,” সূত্ৰটোৱে সদৰি কৰে৷

যোৱা জুলাই মাহৰ আৰম্ভণিতে ক্ষেত্ৰীৰ এগৰাকী যুৱ সমাজ কৰ্মী যতীন্দ্ৰ নাথ ডেকাৰ ব্যস্ততা যথেষ্ট বৃদ্ধি পালে৷ অৱশ্যে যতীন্দ্ৰই পূৰ্বৰেপৰা গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত কাম কৰি আহিছে৷ যোৱা ৭ জুলাইত সোণাপুৰৰ টোপাতলীত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগে ৭৪সংখ্যক বন মহোৎসৱৰ অধীনত এক বিশেষ গছপুলি ৰোপণ কাৰ্যসূচীৰ ৰূপায়ণ কৰে৷
এই অনুষ্ঠানত বন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ উপস্থিতিত মুঠ ৩০০টা গছপুলি ৰোপণ কৰা হয়৷ শাল, অৰ্জুন, বগীজামু, আমলখি আদি বিভিন্ন থলুৱা আৰু বাণিজ্যিক প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়৷
অনুষ্ঠানটিত ৰাইজৰ অংশগ্ৰহণ আৰু গছপুলি ৰোপণৰ বাবে সজাগতা অনাৰ বাবে পূব এপ্ৰিক’লা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে বসবাস কৰা লোকসকলৰ সৈতে যতীন্দ্ৰই আলোচনা কৰে৷
টোপাতলী বিট অফিচৰ বিট অফিচাৰ জয়ন্ত মেধিয়ে কয় যে ১৯৭৯ চনত প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা ১০,৬২২ হেক্টৰৰ পূব এপ্ৰিক’লাত চেগুণ, শাল, চাম কঁঠাল আদি বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে৷
জয়ন্ত মেধিয়ে কয়, “অনুষ্ঠানত বনমন্ত্ৰী মহোদয়ে ৰাইজক বাণিজ্যিক উদ্ভিদৰ বিষয়ে সজাগ কৰাৰ চেষ্টা কৰে৷ সজাগতা অনাৰ লগতে ৰাইজৰ প্ৰত্যক্ষ সহযোগেৰে অসমৰ সেউজ আৱৰণখন আমি অটুট ৰাখিব পাৰিম৷ তেখেতে ৰাইজক অমৃত বৃক্ষ আন্দোলনত অংশ ল’বলৈও আহ্বান জনায়৷”
বিভাগীয় মন্ত্ৰীগৰাকীয়ে গছক ‘আমাৰ জীৱনৰেখা’ হিচাপে অভিহিত কৰি কয়, “এই বন মহোৎসৱত আমি আমাৰ আৰু আমাৰ সন্তানৰ সেউজ ভৱিষ্যৎ নিশ্চিত কৰিবলৈ গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰাৰ প্ৰয়োজন৷ অসমত স্বাস্থ্যসন্মত জলবায়ু, পৰিষ্কাৰ বায়ু আৰু প্ৰচুৰ পৰিমাণে পানী আছে৷ আমাক এনে এক জৈৱ বৈচিত্ৰ্যতা প্ৰদান কৰাৰ বাবে আমি আই প্ৰকৃতিৰ ওচৰত কৃতজ্ঞ হোৱাৰ প্ৰয়োজন৷ ইয়াৰ প্ৰতিপালন আৰু সংৰক্ষণ আমাৰেই দায়িত্ব৷”
এই প্ৰতিৱেদকক টোপাতলী বিট অফিচৰ ফৰেষ্ট গাৰ্ড কামেশ্বৰ কলিতাই অফিচৰ সন্মুখত নতুনকৈ স্থাপন কৰা নাৰ্ছাৰীখন দেখুওৱাই কয়, “আমি ইয়াত বগা চন্দন, অৰ্জুন, শিশু, এজাৰ, শিলিখা আদি গছপুলি গজাইছোঁ৷” তেখেতে লগতে পূৰ্বতে গছপুলি ৰোপণ কৰা অঞ্চলসমূহ দেখুৱাই কয়, “এনে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত আমি সেই অঞ্চলসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰি থাকোঁ৷ বিভিন্ন প্ৰাকৃতিক কাৰণত নষ্ট হৈ যোৱা পুলিসমূহৰ ঠাইত নতুন পুলি ৰোপণ কৰি দিওঁ৷ ৭ জুলাইত নতুন গছপুলি ৰোপণ কৰা অঞ্চলৰ ক্ষেত্ৰতো আমি একেই ব্যৱস্থা গ্ৰহণ কৰিম৷”