• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Thursday, February 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home বিশেষ বাৰ্তা

সূতাৰে সপোন গুঁঠাৰ কাহিনী

AB Bureau by AB Bureau
October 1, 2022
in অসমীয়া, বিশেষ বাৰ্তা
0
0
সূতাৰে সপোন গুঁঠাৰ কাহিনী

সত্তৰ দশকৰ কোনো এটা আবেলি৷ শিৱসাগৰৰ মেজেঙাৰ ঘৰখনৰ চোতালত মনোবালা বুঢ়াগোহাঁয়ে উঘাত বাটি কাঢ়ি আছে৷ কাষতে বল খেলি থকা কণমানি পবিত্ৰই হঠাৎ সূতাখিনিৰ ওপৰেদি জঁপিয়াই পাৰ হৈ যায়৷ মনোবালা বুঢ়াগোহাঁয়ে পুত্ৰক এনে নকৰিবলৈ সকীয়নি দি তাত সেৱা কৰিবলৈ কয়৷ মাতৃৰ আদেশমতেই পবিত্ৰই সেৱা কৰে৷ শৈশৱৰে পৰা চকুৰ আগতে দেখি অহা আৰু প্ৰতিটো অসমীয়া পৰিয়ালে পবিত্ৰ জ্ঞান কৰা এই সূতা কটা আৰু কাপোৰ বোৱা কামটোকে উন্নত প্ৰযুক্তিৰে এদিন বৃহৎ উদ্যোগৰ ৰূপ দিব বুলি পবিত্ৰ বুঢ়াগোহাঁয়ে তেতিয়া কল্পনাও কৰা নাছিল৷

পবিত্ৰ বুঢ়াগোহাঁইৰ পিতৃ মাণিক চন্দ্ৰ বুঢ়াগোহাঁয়ে শিক্ষকতা কৰা মেজেঙা হাইস্কুলতে তেওঁ দশম শ্ৰেণীলৈকে পঢ়া-শুনা কৰিছিল৷ অতি সাধাৰণ মধ্যবিত্ত পৰিয়ালটোত পবিত্ৰ বুঢ়াগোহাঁয়েই হৈছে প্ৰথমগৰাকী উদ্যমী৷ “গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি এমবিএ সম্পূৰ্ণ কৰাৰ পাছত মই চাৰি বছৰমান চাকৰি কৰিলোঁ৷ চাকৰি কৰাৰ মাজতে ভাবিলোঁ যে নাই, নিজেই কিবা এটা কৰোঁ৷ কি কৰিম বুলি ভাবি থাকোঁতে এদিন এগৰাকী পৰিচিত ব্যক্তিৰ সৈতে এটা সূতা কাৰখানালৈ যোৱাৰ সুযোগ পালোঁ৷ একে সময়তে মোৰ মায়ে গাঁৱৰ ঘৰত কাপোৰ বোৱাৰ দৃশ্যটো চকুৰ আগত ভাহি উঠিল,” তেওঁ নষ্টালজিক হৈ অসম বাৰ্তাক কয়৷

অত্যাধুনিক প্ৰযুক্তিসম্পন্ন উত্তৰ পূবৰ প্ৰথমটো য়াৰ্ন প্ৰচেছিং আৰু বয়ন উদ্যোগৰ প্ৰতিষ্ঠাতা পবিত্ৰ বুঢ়াগোহাঁয়ে সূতা কটাৰ কিছুমান সূক্ষ্ম দিশ বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল৷ তেওঁ কয়, “আগতে গাঁৱত দেখিছিলোঁ মানুহবোৰে বেয়া সূতাৰ জঁট ভাঙি থাকে৷ তদুপৰি কাপোৰৰ ৰং যোৱাকে ধৰি সূতাবোৰৰ কিছুমান ডাঠ আৰু আন কিছুমান পাতল হোৱা আদি নানা সমস্যা আছে৷ তেতিয়া ভাবিলোঁ এনে কিবা কৰিব পাৰি নেকি যাৰ দ্বাৰা এই সমস্যাবোৰৰ সমাধানো হয় আৰু কিছু পৰিমাণে ব্যৱসায়ো কৰিব পৰা যায়৷ উত্তৰ পূৰ্বাঞ্চলত পূৰ্বতে নোহোৱা এনে এটা কাম কৰিব পাৰিলে ভাল লাগিব আৰু বহু প্ৰচেষ্টাৰ পাছত সেয়া আজি বাস্তৱায়িত হ’ল৷”

উত্তৰ-পূৰ্বাঞ্চলত উপলভ্য সূতা বিশেষকৈ কপাহী সূতা সাধাৰণতে আওপুৰণি পদ্ধতিৰে প্ৰস্তুত কৰাৰ বাবে ৰংবোৰ স্থায়ী নহয় আৰু সূতাৰ ঘনত্বও ভিন্ন হয়৷ কামটো আৰম্ভ কৰোঁতেই তেওঁ বুজি পাইছিল যে স্থানীয় যন্ত্ৰপাতিৰে বা এনে পদ্ধতিৰে উত্তম মানৰ সামগ্ৰী প্ৰস্তুত কৰাটো সম্ভৱ নহ’ব৷ গতিকে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিআইএছ (British Standards Institution) মানৰ সূতা প্ৰস্তুত কৰাৰ বাবে বুঢ়াগোহাঁয়ে বিদেশৰ পৰা অত্যাধুনিক প্ৰযুক্তিৰ যন্ত্ৰ ক্ৰয় কৰি আনিছিল৷ অ’ৰিয়েণ্টৰ সূতাৰ মান সদায় বিআইএছ স্কেল অনুযায়ী উৎকৃষ্ট হিচাপে স্বীকৃত হৈ আহিছে বুলি পবিত্ৰ বুঢ়াগোহাঁয়ে সন্তুষ্টি ব্যক্ত কৰে৷ “আমাৰ নিজৰ পৰীক্ষাগাৰতে পৰীক্ষা কৰি আমি সন্তুষ্ট নহওঁ৷ কইম্বটুৰত থকা ভাৰতৰ অন্যতম শ্ৰেষ্ঠ পৰীক্ষাগাৰ হিচাপে পৰিচিত ছাউথ ইণ্ডিয়া টেক্সটাইল ৰিছাৰ্চ এছ’চিয়েচন (SITRA)ৰ পৰীক্ষাগাৰত নিয়মিতভাৱে আমাৰ সূতাৰ নমুনা পঠিয়াওঁ যাতে গুণগত মান ধৰি ৰাখিব পাৰোঁ,” বুঢ়াগোহাঁয়ে কয়৷

থলুৱা সূতাক বিশ্বমানৰ প্ৰযুক্তিৰ যন্ত্ৰপাতিৰে সংশাধনীকৰণ কৰাকে ধৰি নিজা পৰীক্ষাগাৰ চলোৱা, উন্নত পেকেজিং আৰু বিতৰণ কৰালৈ- এই সকলোখিনি কাম থলুৱা কৰ্মশক্তিৰে সম্পাদন কৰা হয়৷ লখৰাস্থিত অ’ৰিয়েণ্ট প্ৰচেছৰছ্‌ প্ৰাইভেট লিমিটেডত দীৰ্ঘদিন ধৰি কৰ্মৰত নিৰলা বড়োৱে অসম বাৰ্তাক কয়, “ইয়াত কাম কৰাৰ এটা ভাল পৰিৱেশ পাইছোঁ৷ উপাৰ্জনো ভাল হোৱাৰ বাবে নিজৰ পৰিয়ালটোকো সহায় কৰিব পাৰিছোঁ৷ ৰঙালী বিহু আৰু দুৰ্গা পূজা- এই দুয়োটা উৎসৱতে প্ৰতি বছৰে আমাক ব’নাছ দিয়া হয়৷” তদুপৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পৰম্পৰাগত বস্ত্ৰ তাঁতশালত বৈ উলিয়াই দেশ-বিদেশত ৰপ্তানি কৰাৰ বাবে বিভিন্ন জনগোষ্ঠীয় শিপিনীসকলক নিয়োজিত কৰা হৈছে৷

“হস্ততাঁত আৰু বস্ত্ৰশিল্প অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হোৱাৰ বাবে আমাৰ বস্ত্ৰসম্ভাৰ প্ৰকৃতাৰ্থত চহকী৷ হস্ততাঁতৰ যিকোনো সামগ্ৰীৰ এক শৈল্পিক মূল্য আছে কিয়নো, আমাৰ শিপিনীসকল একোগৰাকী নিপুণ শিল্পী৷ অসমৰ অৰ্থনীতিক শক্তিশালী কৰিবলৈ ইয়াক জীৱিকা হিচাপে লোৱাৰ লগতে এই ক্ষেত্ৰত উদ্যমিতাৰ বাবে যুৱপ্ৰজন্ম আগুৱাই অহাটো বৰ প্ৰয়োজনীয়,” পবিত্ৰ বুঢ়াগোহাঁয়ে কয়৷ তেওঁৰ প্ৰছেচিং ইউনিটৰ সংস্থাপনে উত্তৰ-পূব ভাৰতৰ কটন সূতাৰ বাণিজ্যিকীকৰণত গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে উল্লেখ কৰি বুঢ়াগোহাঁয়ে কয়, “আমাৰ সূতা ব্যৱহাৰ কৰি প্ৰস্তুত কৰা পৰ্দা অৰুণাচলৰ পৰা ইউৰোপলৈ ৰপ্তানি হৈছে৷ একেদৰে আমাৰ কটন সূতাৰে বোৱা হেণ্ড টাৱেল মেঘালয়ৰ পৰা জাৰ্মানীলৈ ৰপ্তানি কৰা হৈছে৷ এনেধৰণৰ কথাবোৰে আমাক ব্যৱসায়ৰ লগতে আমাৰ বস্ত্ৰ উদ্যোগটোকো আগুৱাই নিবলৈ উৎসাহিত কৰে৷”

“উদ্যোগটোৰ ধাৰাবাহিক সফলতাৰ এটা অন্যতম প্ৰধান কাৰক হৈছে প্ৰযুক্তিৰ সুষম প্ৰয়োগ আৰু নিৰীক্ষণ,” প্ৰতিষ্ঠানটোৰ মাৰ্কেটিং এগজিকিউটিভ পংকজ শৰ্মাই অসম বাৰ্তাক কয়৷ “আমাৰ উৎপাদিত সূতাবোৰ এজ’ ফ্ৰী (Azo-free) অৰ্থাৎ শৰীৰ বা ছালৰ অপকাৰ কৰিব পৰা হানিকাৰক উপাদানৰ পৰা মুক্ত, ” তিনিবাৰকৈ ফেডাৰেচন অৱ ইণ্ডাষ্ট্ৰিজ অৱ নৰ্থ ইষ্টাৰ্ন ৰিজিয়ন (FINER)ৰ সভাপতিৰ দায়িত্বভাৰ পালন কৰা পবিত্ৰ বুঢ়াগোহাঁয়ে কয়৷

বুঢ়াগোহাঁয়ে ১৯৯৯ চনত এক্ৰিলিক(Acrylic) সূতা ৰং কৰা মেচিন বহুৱাই ২০০১ চনৰ পৰা এক্ৰিলিক ৰঙীন সূতাৰ উৎপাদন আৰম্ভ কৰে৷ ২০০৯ চনৰ পৰা শ্ৰেষ্ঠ প্ৰযুক্তিবিদ্যাৰে সূতা পকোৱা আৰু ৰং কৰা মেচিন ইটালী, জাৰ্মানী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ আমদানি কৰি ৰামধেনু ব্ৰেণ্ডৰ সূতাৰ উৎপাদন আৰম্ভ হয়৷ প্ৰথমটো উদ্যোগৰ পৰা হোৱা অভিজ্ঞতা আৰু সফলতাৰ ফলশ্ৰুতিত ২০১৭ চনত অ’ৰিয়েণ্ট স্পান ছিল্ক এণ্ড প্ৰচেছিং মিলছ নামেৰে দ্বিতীয়টো আৰু ২০২০ চনত অ’ৰিয়েণ্ট নিটফেব (KNITFAB) প্ৰাইভেট লিমিটেড নামেৰে তৃতীয়টো উদ্যোগো আৰম্ভ কৰে য’ত বিভিন্ন ধৰণৰ সাজ-পোছাক ইত্যাদি অৰফেব (ORFAB) নামেৰে বিদেশলৈ ৰপ্তানি কৰা হয়৷

উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰশিল্পক বাণিজ্যিক ৰূপ দিয়া এনেধৰণৰ উদ্যোগ স্থাপনে অঞ্চলটোৰ শিপিনীসকলৰ পৰা আৰম্ভ কৰি শিক্ষিত আৰু দক্ষ যুৱপ্ৰজন্মক দেশৰ অৰ্থনৈতিক উন্নয়নৰ সহযাত্ৰী হোৱাত এক নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে৷

ShareTweetShare

Related Posts

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
0
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
0
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
0
মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
0
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
0
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
0
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In