অসম চৰকাৰে ১০০সংখ্যক কেবিনেট বৈঠকত গ্ৰহণ কৰে এক বিশেষ প্ৰশাসনিক সিদ্ধান্ত৷ অসমৰ ভূগোল আৰু প্ৰশাসনিক গাঁথনিক নৱৰূপ প্ৰদান কৰি অসম চৰকাৰে ৮১খন উপ-জিলা সৃষ্টি কৰাৰ লগতে চাৰিখন জিলা পুনৰ্গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই সিদ্ধান্তৰদ্বাৰা প্ৰতিফলিত হৈছে নাগৰিককেন্দ্ৰিক সেৱাসমূহৰ বিকেন্দ্ৰীকৰণৰ বাবে দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ প্ৰতি থকা চৰকাৰৰ আগ্ৰহ৷
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বহুবাৰ এই বিষয়ে উল্লেখ কৰিছিল যে জিলা আয়ুক্তসকলৰ কাৰ্যকলাপৰ প্ৰক্ৰিয়াক তেখেতে এক অন্য স্তৰলৈ লৈ যোৱাৰ বাবে আগ্ৰহী৷ ২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই ব্যৱস্থাৰ জৰিয়তে আয়ুক্তসকলৰ কামৰ বোজা হ্ৰাস পাব আৰু ইয়াৰ ফলত তেওঁলোকে মূল অৰ্থনৈতিক কাৰ্যকলাপসমূহৰ দিশত মনোনিবেশ কৰাৰ সুবিধা লাভ কৰিব৷
বহুকেইগৰাকী উপায়ুক্তৰ দৃষ্টিভংগী অনুসৰি উপ-জিলা পৰ্যায়ত বিভাগসমূহৰ সংলগ্ন ক্ষেত্ৰ গোটৰ মাজত একত্ৰীকৰণ উন্নত হ’ব৷ অতিৰিক্ত জিলা আয়ুক্তসকলক অধিক ক্ষমতা প্ৰদানৰ জৰিয়তে উপ-জিলা পৰ্যায়ত উন্নয়ন কাৰ্যসূচী সম্পৰ্কীয় বিষয়সমূহ সূক্ষ্মৰূপত নিৰীক্ষণ কৰিব পৰা যাব৷ এই ব্যৱস্থাৰ জৰিয়তে অতিৰিক্ত জিলা আয়ুক্তসকলেও পৰৱৰ্তী সময়ত জিলা আৰু সচিবালয় পৰ্যায়ত বৃহৎ প্ৰত্যাহ্বান আৰু দায়িত্বৰ বাবে প্ৰস্তুত হোৱাৰ সুযোগ লাভ কৰিব৷
এই পুনৰ্গঠন প্ৰক্ৰিয়াৰ জৰিয়তে উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ পৰামৰ্শকো জড়িত কৰিব পৰাৰ অৱকাশ আছে৷ এই ব্যৱস্থাৰ জৰিয়তে নিৰ্বাচিত প্ৰতিনিধিসকলেও নিজ সমষ্টিত আঁচনি ৰূপায়ন সম্পৰ্কীয় অভিযোগসমূহ সমাধান কৰিব পৰাৰ সুবিধা লাভ কৰিব৷
ঔপনিৱেশিক কালৰ পাছত এতিয়ালৈকে ৰূপায়ণ হোৱা এই বৃহৎ প্ৰশাসনীয় সংস্কাৰৰৰ সফলতাৰ চাবি-কাঠি আছে দিছপুৰৰ চৰকাৰী যন্ত্ৰটো আৰু নিৰ্বাচিত প্ৰতিনিধিসকলৰ হাতত৷ তেওঁলোকেই নিশ্চিত কৰিব লাগিব যে এই প্ৰশাসনিক পৰিৱৰ্তনে সমাজৰ অন্তিমজন ব্যক্তিক কিদৰে সু-শাসন আৰু সেৱা প্ৰদান কৰিব পাৰে৷ এই বৃহৎ উদ্দেশ্য পূৰণৰ হেতু সম্পদ, ভৌতিক বা বিত্তীয় প্ৰয়োজনীয়তা সময়সাপেক্ষে পূৰণ হোৱাটো জৰুৰী৷