চৰাইদেউ জিলাত সাংস্কৃতিক মহাসংগ্ৰামৰ এক ঢৌৰ সৃষ্টি হৈছে৷ সোণাৰীৰ ৭নম্বৰ ৱাৰ্ড নিবাসী সপ্তম শ্ৰেণীৰ ছাত্ৰ আৰমান ৰহমানে যোৱা এটা মাহত প্ৰতিদিনে দুটাকৈ ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ অনুশীলন কৰি আছে৷ আৰমানৰ হেঁপাহ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হোৱা৷
অসমৰ কলা-সংস্কৃতিৰ সুকীয়া এক পৰিচয় আছে৷ অসমৰ বিচিত্ৰতাই এই সুকীয়া পৰিচয়ত ৰহণ সানিছে৷ এই সংস্কৃতিৰ চৰ্চা কৰি থকা ৰাজ্যখনৰ সুপ্ত প্ৰতিভাক এক মঞ্চ প্ৰদান কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ১০ নৱেম্বৰ, ২০২৩ৰপৰা ৭ ফেব্ৰুৱাৰী, ২০২৪লৈ আয়োজন কৰিছে ‘অসম সাংস্কৃতিক মহাসংগ্ৰাম’৷
এই প্ৰতিৱেদকৰ সৈতে হোৱা বাৰ্তালাপত আৰমানে কয়, “এয়া আমাৰ বাবে এখন মঞ্চ৷ এনে এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা৷”
১০ নৱেম্বৰৰ পৰা বিভিন্ন পৰ্যায়ত (বক্সত চাওক) এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ আছে৷ ডিব্ৰুগড়ৰ চিৰিং চাপৰিৰ পপী শইকীয়া আৰু আন কেইগৰাকীমান অভিভাৱকে সাংস্কৃতিক মহাসংগ্ৰামৰ বিজ্ঞাপন দেখা পাই অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰি পঞ্জীয়ন কৰে৷ পপী শইকীয়াই অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “আমাৰ দলটিৰ নাম ‘টাইনি’, টাই ভাষাৰ এই শব্দটিৰ অৰ্থ হৈছে ছোৱালী৷ আমাৰ দলৰ প্ৰতিগৰাকী সদস্য যথেষ্ট উৎসাহিত হৈ আছে আৰু আমি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হ’ম বুলি আশাবাদী৷” দলটিৰ নৃত্য পৰিচালনাৰ দায়িত্বত থকা পপী শইকীয়াই কয়, “আমি এটি বিহুনাচৰ প্ৰস্তুতি কৰি থকাৰ লগতে এটি হাজং গীতৰ বাবেও নৃত্য প্ৰস্তুত কৰি ৰাখিছোঁ৷ তাৰ লগতে আমি এটি টাই আহোম নৃত্য আৰু তিৱা নৃত্যৰো অনুশীলন আমাৰ সন্তানসকলক কৰাই আছোঁ৷”
ডিব্ৰুগড়ৰ গৰুধৰীয়াপাত্ৰ গাঁৱৰ কশ্মীৰা পাত্ৰ মনোহৰী দেৱী কানৈ মহাবিদ্যালয়ত অধ্যয়নৰত৷ তেওঁ সাংস্কৃতিক মহাসংগ্ৰামৰ খবৰ পোৱাৰে পৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘লগন উকলি গ’ল’ গীতটি প্ৰতিদিনেই অনুশীলন কৰি আছে৷
চৰাইদেউ জিলাৰ হাঁচতি বিহু দলৰ দলপতি বন্যাশ্ৰী মহনে কয়, “আমি চৰাইদেউ কলাকেন্দ্ৰত আমাৰ বিহুনাচৰ প্ৰস্তুতি কৰি আছোঁ৷ পূৰ্বতেও আমাৰ বিভিন্ন প্ৰতিযোগিতাত অংশ লোৱাৰ অভিজ্ঞতা আছে৷”
শোণিতপুৰ জিলাত সাংস্কৃতিক মহাসংগ্ৰামক লৈ যথেষ্ট উৎসাহ দেখা পোৱা গৈছে৷ তেজপুৰৰ মহৰ্ষি বিদ্যামন্দিৰৰ নৱম শ্ৰেণীৰ ছাত্ৰী কৃষ্টি বৰঠাকুৰে কয়, “জয়ী হোৱাটোতকৈ ডাঙৰ কথা হ’ল এই প্ৰতিযোগিতাখনৰপৰা আমি বহু নজনা কথা শিকিবলৈ পাম আৰু সংগীত চৰ্চা কৰি যাবলৈ এয়া যথেষ্ট গুৰুত্বপূৰ্ণ৷” পূৰ্বতে টেলিভিছনৰ সংগীত প্ৰতিযোগিতাত অংশ লোৱাৰ অভিজ্ঞতা থকা দৰং মহাবিদ্যালয়ৰ ছাত্ৰী নিয়ৰকণা বৰাই কয়, “মই সকলোকেইটা সংগীত বিভাগতে অংশ লৈছোঁ৷”
বৰপেটা জিলাৰ হাউলীৰ সপ্তসংগীত বিদ্যালয়ত প্ৰশিক্ষণ লৈ থকা বৰ্ণালী কৰ্মকাৰে (১২ বছৰ) সাংস্কৃতিক মহাসংগ্ৰামৰ কেউটা বিভাগৰ বাবে গীতসমূহ নিৰ্বাচন কৰি লৈছে৷ বৰ্ণালীৰ মাতৃ ৰীতা কৰ্মকাৰে কয়, “বৰ্ণালীৰ গানৰ প্ৰতি বিৰাট ৰাপ, ইয়াত সকলোৱে তাইৰ গীত শুনি ভাল বুলি কয়৷ ইমান এখন ডাঙৰ মঞ্চত তাই নিজকে চিনি পাব পাৰিব বুলি আশা কৰিছোঁ৷”
বৰপেটাৰ ভৱানীপুৰৰ বৰটাপাৰ জেউতিয়ে জ্ঞানম সংগীত মহাবিদ্যালয়ত সংগীত শিক্ষা গ্ৰহণ কৰি আছে৷ জেউতি তালুকদাৰে কয়, “মহাবিদ্যালয়ত বাইদেৱে ব্যক্তিগত নিৰীক্ষণত অংশগ্ৰহণ কৰা সকলোৰে অনুশীলন আগবঢ়াই নিছে৷”
যোৱা ১০ অক্টোবৰত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ল’গ’, প’ৰ্টেল, প্ৰতীক চিহ্ন, জিংগল গীত, বিচাৰকৰ কীট আদি মুকলি কৰা হয়৷ জনতা ভৱনত এই উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়, “অসম সাংস্কৃতিক মহাসংগ্ৰাম আৰু খেল মহাৰণৰ বাবে বিধায়ক পুঁজিৰপৰা ১০%লৈকে খৰচ কৰাৰ বাবে আমি পৰামৰ্শ আগবঢ়াইছোঁ৷” ১০ লাখ প্ৰতিযোগীয়ে এই মহাসংগ্ৰামত অংশ লোৱাৰ আশা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বতে অসমত এনে ধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাই৷ প্ৰায় ৩০ কোটি টকাৰ খৰচত ৩০০০খন ঠাইত অনুষ্ঠিত হ’বলগীয়া এই সম্পূৰ্ণ প্ৰতিযোগিতাখন আয়োজন কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ গুৱাহাটীত অনুষ্ঠিত হ’ব৷ গ্ৰেণ্ড ফিনালে ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত (স্থান নিৰ্ধাৰণ হোৱা নাই) অনুষ্ঠিত হ’ব৷