প্ৰতিটো শিশুৱে যাতে নিজৰ শৈশৱ উপভোগ কৰি এটি সোণোৱালী ভৱিষ্যৎ গঢ় দিব পাৰে তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে৷ ৰাজ্য চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনস্থ ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ উদ্যোগত ‘সুৰক্ষিত শৈশৱ, সোণালী অসম’ শীৰ্ষক এক ৯০ দিনীয়া শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা অভিযানৰ আৰম্ভণি কৰা হয়৷
এই অভিযানৰ অংশস্বৰূপে যোৱা ১২ জুনত শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন তথ্য আৰু সজাগতামূলক ভিডিঅ’ প্ৰদৰ্শনৰ বাবে ডিজিটেল স্ক্ৰীণযুক্ত ভ্ৰাম্যমাণ বাহনৰ ফ্লেগ অফ্ কৰে বিভাগৰ প্ৰধান সচিব তথা শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ মুকেশ চাহুৱে৷ বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি জিলা আৰু ৰাজ্যিক পৰ্যায়ত আৰম্ভণি কৰা এই সজাগতা অভিযানৰ কাৰ্যসূচী হিচাপে বাটৰ নাট প্ৰদৰ্শন কৰা হয়৷
শিশুসকলক যিকোনো ধৰণৰ শোষণ, যৌন আৰু শাৰীৰিক নিৰ্যাতন, অবৈধ সৰবৰাহ, শিশু শ্ৰম, বাল্য বিবাহ আদিৰপৰা ৰক্ষা কৰি তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে শিশুৰ উপযোগী এক সুস্থ পৰিৱেশ বাতাৱৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত জনসজাগতা সৃষ্টিৰ কৰিব পৰাকৈ এই বাটৰ নাটবোৰ প্ৰদৰ্শন কৰা হৈছে৷
“অভিনয় কৰাটো আমাৰ বাবে বৃত্তি যদিও এই সজাগতা অভিযানৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰি এক সন্তুষ্টি লাভ কৰিছোঁ৷ যেতিয়া শিশু সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰাৰ আমন্ত্ৰণ পালোঁ, মই বৰ উৎসুকতাৰে নাটকখন লিখিছিলোঁ৷ এনেধৰণৰ সজাগতামূলক পদক্ষেপ গ্ৰামাঞ্চলত ব্যাপকভাৱে অনুষ্ঠিত কৰিলে শিশুসকলক আমি এটা উন্নত ভৱিষ্যৎ উপহাৰ দিব পাৰিম৷ মই সুযোগ-সুবিধা পালে অনাগত দিনতো এনেধৰণৰ পদক্ষেপৰ সৈতে নিশ্চয় জড়িত হ’ম”, বাটৰ নাট প্ৰদৰ্শন কৰা নৱনাট্যম গ্ৰুপৰ পৰিচালক নৱজিৎ কোঁৱৰে অসম বাৰ্তাক কয়৷
জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা আৰু অৰ্জুন বঁটাপ্ৰাপ্তখেলুৱৈ নয়নমণি শইকীয়াই সিদিনা খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমীৰ সঞ্চালক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মীৰ আলফাজ আলীৰ উপস্থিতিত অনুষ্ঠিত সভাত অতিথিৰূপে অংশগ্ৰহণ কৰে৷ সংঘবদ্ধ প্ৰচেষ্টাৰে শিশুসকলৰ বাবে এক সুস্থ পৰিৱেশ সৃষ্টিৰ স্বাৰ্থত এই অভিযানক সফল কৰি তুলিবলৈ তেওঁলোকে আহ্বান জনায়৷
অভিযানৰ অধীনত জিলা শিশু সুৰক্ষা গোটসমূহৰ নেতৃত্বত চলিবলগীয়া সজাগতা অভিযানত শিশু সুৰক্ষা সম্পৰ্কীয় তথ্য সম্বলিত টি-শ্বাৰ্ট, বেনাৰ, পোষ্টাৰ আদিৰে চাইল্ডেথন অনুষ্ঠিত কৰা হৈছে৷ লগতে, শিশুসকলৰ প্ৰতিভা প্ৰদৰ্শন আৰু শিশু সুৰক্ষা সম্পৰ্কীয় তথ্য প্ৰচাৰৰ বাবে মেলা, বাটৰ নাট, সজাগতামূলক সভা, হ’ৰ্ডিং স্থাপন, বৰ্তমানৰ সৈতে খাপ খোৱাকৈ সামাজিক মাধ্যমত প্ৰচাৰৰ উপৰি ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদসেৱীসকলৰ সৈতে সভাৰ আয়োজন, স্বাক্ষৰ অভিযান, দেৱাল লিখনৰ ব্যৱস্থা কৰা হৈছে৷ শিক্ষা বিভাগৰ সহযোগত বিদ্যালয়, সমূহীয়া কেন্দ্ৰ আদিত শিশুসকলৰ মাজত সুৰক্ষা সম্পৰ্কীয় বিষয়েৰে কুইজ, চিত্ৰাংকন, তৰ্ক, আকস্মিক বক্তৃতা আদি বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে৷