গুৱাহাটী, অসম বাৰ্তা
ষোল্ল শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহ হৈছে অসমত নৱ-বৈষ্ণৱ আন্দোলনৰ মেৰুদণ্ডস্বৰূপ আৰু এই সত্ৰসমূহে আমাৰ চহকী ঐতিহ্যৰ চানেকি বহন কৰি আহিছে৷ কিন্তু, বিগত বহু বছৰ ধৰি বেদখলকাৰী আৰু সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীৰ কবলত পৰি এই সত্ৰসমূহ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অসম চৰকাৰে সত্ৰভূমিৰ পৰা বেদখলকাৰীসকলক আঁতৰাবলৈ এক সমন্বিত অভিযান আৰম্ভ কৰাৰ লগতে নামঘৰসমূহলৈ ২.৫ লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়াইছে৷ আনহাতে সত্ৰভূমি বেদখলৰ ঘটনা নিৰীক্ষণৰ বাবে চৰকাৰে তিনিজনীয়া এখন সমিতিও গঠন কৰিছে৷ এইসমূহৰ লগতে বিভিন্ন নতুন আঁচনি সংযোজন কৰিবলৈ অসমে চুবুৰীয়া ৰাজ্য ছিক্কিমৰ কিছু আদৰ্শ নীতিও গ্ৰহণ কৰিব পাৰে৷
ছিক্কিমৰ বিভিন্ন ধৰ্মীয় প্ৰতিষ্ঠানৰ বিষয়বোৰ চোৱা-চিতা আৰু নিয়ন্ত্ৰণ কৰাৰ বাবে ‘এক্লেছিয়েষ্টিকেল এফেয়াৰ্ছ’ (Ecclesiastical Affairs Department) নামেৰে এটা বিভাগ আছে৷ ৰাজ্যখনৰ আটাইতকৈ সন্মানীয় বিভাগবোৰৰ ভিতৰত অন্যতম হিচাপে পৰিচিত এই বিভাগটোৱে ৰাজ্যখনৰ মঠ-মন্দিৰ আৰু অন্যান্য ধৰ্মীয় প্ৰতিষ্ঠানৰ বাহ্যিক দিশসমূহ নিয়ন্ত্ৰণ কৰে যদিও এইসমুহৰ অভ্যন্তৰীণ বিষয়, যেনে ধৰ্মীয় বিশ্বাস আৰু ৰীতি-নীতি, পৰম্পৰা আদিৰ ওপৰত কোনোধৰণৰ হস্তক্ষেপ নকৰে৷ মন্ত্ৰী সোনম লামা নেতৃত্বাধীন এই বিভাগটোৱে দাৰ্জিলিং, বুদ্ধ গয়া আৰু সাৰনাথত থকা ছিক্কিমৰ ধৰ্মীয় কেন্দ্ৰসমূহৰ চোৱাচিতা কৰাৰ লগতে ৰাজ্যখনত থকা গৰম পানীৰ উঁহ, গুহা, হ্ৰদ আৰু বিভিন্ন তীৰ্থস্থানসমূহৰ সংৰক্ষণ কৰে৷
সুদীৰ্ঘ ৯ বছৰৰ ব্যৱধানৰ অন্তত ২০২১ বৰ্ষৰ শেষৰফালে বিভাগটোৱে খামছেলৰ ২২৩ বছৰ পুৰণি পৰম্পৰা পুনৰুজ্জীৱিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ খামছেল হৈছে সপ্তম শতিকাৰ প্ৰাচীন বৌদ্ধ আৰু তিব্বতীয় ধ্বংসাৱশেষৰ এক ত্ৰি-বাৰ্ষিক প্ৰদৰ্শনী৷ যোৱা বছৰৰ ২৩ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত এই অনুষ্ঠানত সমগ্ৰ ছিক্কিম আৰু ভূটানৰ ৬,০০০তকৈও অধিক ভক্তই অংশগ্ৰহণ কৰিছিল৷