শেহতীয়াকৈ কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূব ভাৰতৰ আয়ুষ খণ্ডৰ বাবে চাৰিটা অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত(চিএআৰআই) কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক সমৰ্পিত পঞ্চকৰ্ম গোট উদ্বোধন কৰি দেশবাসীৰ বাবে উৎসৰ্গা কৰে। আয়ুষ মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো অত্যাধুনিক ফাৰ্মাক’লজী আৰু জৈৱ ৰসায়ন পৰীক্ষাগাৰ দেশবাসীৰ উদ্দেশ্যি উৎসৰ্গা কৰে।
ইয়াৰ পাছত যোৱা ২৮ জানুৱাৰীত ডিব্ৰুগড়ৰ দিহিং খামতি ঘাটত ১০০খন বিছনাযুক্ত যোগ আৰু প্ৰাকৃতিক চিকিৎসা (নেচাৰ’পেথি) চিকিৎসালয়ৰ লগতে কেন্দ্ৰীয় যোগ আৰু প্ৰাকৃতিক চিকিৎসা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ পৰম্পৰাগত জ্ঞানৰ সৈতে প্ৰযুক্তি আধাৰিত আধুনিক চিকিৎসা সঁজুলিৰে এক বৈজ্ঞানিক সমন্বয় অনাৰ লক্ষ্যৰে এই প্ৰতিষ্ঠানখন প্ৰায় ১৫ একৰ (৪৫ বিঘা) ভূমিত ১০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হ’ব। প্ৰতিষ্ঠানখনৰ নিৰ্মাণকাৰ্য ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
প্ৰতিষ্ঠানখনত স্নাতক, স্নাতকোত্তৰ আৰু পোষ্টডক্টৰেল শৈক্ষিক কাৰ্যসূচীৰ সৈতে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ গৱেষণামূলক পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হ’ব।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিষ্ঠানখন উৎকৰ্ষ সাধনৰ এক কেন্দ্ৰ হিচাপে বিবেচিত হ’ব আৰু ইয়াত যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জ্ঞানৰ সৈতে প্ৰযুক্তি আধাৰিত আধুনিক চিকিৎসা সঁজুলিৰে এক বৈজ্ঞানিক সমন্বয় গঢ়ি তোলা হ’ব। ড০ শৰ্মাই কয় যে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ ফেল’শ্বিপ আৰু প্ৰমাণপত্ৰ পাঠ্যক্ৰমৰ লগতে প্ৰতিষ্ঠানটোৱে প্ৰমাণ আধাৰিত গৱেষণাৰ জৰিয়তে, যোগ আৰু এই চিকিৎসা পদ্ধতিৰ ঔষধৰ মৌলিক দিশ, প্ৰাকৃতিক বৈধতা আৰু অনুশীলনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব ।
গুৱাহাটীৰ অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰীগৰাকীয়ে আজাৰাত সংহত আয়ুষ কল্যাণ কেন্দ্ৰৰ সৈতে আঞ্চলিক হোমিঅ’পেথি প্ৰতিষ্ঠানৰ (আৰআৰআইএইচ) এটা স্থায়ী চৌহদৰ আধাৰশিলাও স্থাপন কৰে। উল্লেখ্য যে এই কেন্দ্ৰটো দেশৰ ভিতৰতে প্ৰথমটো এনে কেন্দ্ৰ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত ঔষধ ব্যৱস্থাক পুনৰুজ্জীৱিত কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। “আয়ুৰ্বেদ, যোগ, য়ুনানী, সিদ্ধ, হোমিঅ’পেথি, নেচাৰ’পেথি আৰু ছোৱা ৰিগপাৰ দৰে আমাৰ সমৃদ্ধ আৰু শতিকা পুৰণি চিকিৎসা প্ৰণালীৰ প্ৰমাণিত ফলাফলক আধুনিক ঔষধি অনুশীলনত অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ ফলত এক শক্তিশালী সংহত ঔষধ প্ৰণালীৰ সূচনা হ’ব যি শাৰীৰিক ৰোগ নিৰাময়ৰ লগতে মানসিক সুস্থতাৰ পথ প্ৰদান কৰিব,” মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ লগতে কয় যে অঞ্চলটোত আয়ুষ স্বাস্থ্য সেৱা প্ৰদান প্ৰণালীক সক্ষম কৰি তোলাৰ বাবে নতুন পঞ্চকৰ্ম গোটৰ লগতে আয়ুষৰ বাবে অত্যাধুনিক পৰীক্ষাগাৰটো হৈছে এক অনন্য পদক্ষেপ।
উত্তৰ-পূৰ্বাঞ্চলৰ আয়ুষ খণ্ডৰ প্ৰথম ‘ফাৰ্মাক’লজী এণ্ড জৈৱ ৰসায়ন পৰীক্ষাগাৰ’টোত আয়ুৰ্বেদিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা ঔষধৰ মান, সুৰক্ষা আৰু কাৰ্যকাৰিতা মূল্যায়নৰ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে। এই পৰীক্ষাগাৰসমূহত পৰম্পৰাগত আয়ুৰ্বেদিক প্ৰস্তুতকৰণ, নৃতাত্ত্বিক-ঔষধি উদ্ভিদ আৰু উদ্ভিদ-আধাৰিত প্ৰস্তুতকৰণসমূহক চিকিৎসা আৰু সুৰক্ষাৰ দিশৰপৰা বৈজ্ঞানিক বৈধতা প্ৰদান কৰিব। ই আয়ুৰ্বেদিকভাৱে উত্তৰ-পূব ভাৰতত পোৱা উদ্ভিদৰপৰা নিম্ন ব্যয়ত উৎকৃষ্ট বহু-ভেষজ প্ৰস্তুতকৰণ বিকাশ কাৰ্যক্ষম কৰি তুলিব। ভৱনটো নিৰ্মাণ কৰা হৈছিল ২.৭১ কোটি টকাতকৈও অধিক ব্যয়েৰে।
হোমিঅ’পেথিৰ আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান (আৰআৰআইএইচ)ৰ নতুন বিশাল চৌহদটো ১৮,৬১০ বৰ্গফুট এলেকাত নিৰ্মাণ কৰা হ’ব। আনুমানিক ৫৩.৮৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই প্ৰকল্পটো ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে। নতুন চৌহদটোত ৫০খন বিছনা যুক্ত আইপিডি ইউনিট আৰু বিশেষ ক্লিনিকৰ সৈতে বহিঃৰোগ চিকিৎসা সেৱাও অন্তৰ্ভুক্ত থাকিব।
ভাৰতৰ প্ৰথমটো সংগত আয়ুষ সুস্থতা কেন্দ্ৰত আয়ুৰ্বেদ, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, য়ুনানী, সিদ্ধ আৰু হোমিঅ’পেথি পদ্ধতিত চিকিৎসা আৰু অ’পিডি সেৱা উপলভ্য হ’ব। কেন্দ্ৰটোৱে পঞ্চকৰ্মা, প্ৰাকৃতিক চিকিৎসা, য়ুনানী আৰু সিদ্ধৰ থেৰাপীও প্ৰদান কৰিব। কেন্দ্ৰটোৰ চৌহদত এখন ভেষজ বাগিচাও নিৰ্মাণ কৰা হ’ব।