• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Friday, June 9, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home কেন্দ্ৰ-ৰাজ্য সংবাদ

সুদৃঢ় হৈছে উত্তৰ-পূৰ্বাঞ্চল আৰু দক্ষিণ পূব এছিয়াৰ সম্পৰ্ক

AB Bureau by AB Bureau
June 2, 2022
in অসমীয়া, কেন্দ্ৰ-ৰাজ্য সংবাদ
0
0
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয় দিনৰ কাৰ্যসূচীত সম্বোধন কৰাৰ মুহূৰ্তত

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দ্বিতীয় দিনৰ কাৰ্যসূচীত সম্বোধন কৰাৰ মুহূৰ্তত

অসম বাৰ্তা : গুৱাহাটী
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ ক্ৰমবৰ্ধমান আকৰ্ষণৰ সাক্ষ বহন কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে হাতত লোৱা দুটা গুৰুত্বপূৰ্ণ পদক্ষেপে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে যোৱা ২৮ মে’ত বংগোপসাগৰ আৰু দক্ষিণ-পূব এছিয়াৰ অঞ্চলসমূহত সামূহিক সহযোগিতাক অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে আয়োজিত এখন আন্তঃৰাষ্ট্ৰীয় নদী সন্মিলনৰ উদ্বোধনৰ বাবে গুৱাহাটীত আহি উপস্থিত হয়৷

জাপান আৰু আছিয়ান (ASEAN- দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন) ৰাষ্ট্ৰসমূহৰ লগতে বাংলাদেশ, ভূটান, ম্যানমাৰ আৰু নেপালক ভাৰতৰ আটাইতকৈ বিশ্বাসী বিশ্বস্তৰীয় সহযোগী হিচাপে তেখেতে অভিহিত কৰে৷

এছ জয়শংকৰে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সামগ্ৰিক পৰিকল্পনাত উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ধিত গুৰুত্বই এই কথা স্পষ্ট কৰিছে যে ভাৰতে নিজৰ আটাইতকৈ বিশ্বাসী সহযোগীসকলৰ সৈতে সম্পৰ্ক অধিক উন্নত কৰাত আগ্ৰহী৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ভাৰতৰ স্থলবেষ্টিত উত্তৰ-পূৰ্বাঞ্চল আৰু দক্ষিণ-পূব এছিয়া সংযোগী এক বিকল্প পথ হিচাপে পৰিগণিত হ’বলগীয়া কালাদান মাল্টী ম’ডাল ট্ৰানজিট প্ৰকল্পটো ভৌগোলিক আৰু আইন-শৃংখলাজনিত সমস্যাৰ বাবে আটাইতকৈ কঠিন প্ৰকল্পসমূহৰ ভিতৰত গণ্য হৈ আহিছে৷ কিন্তু এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতে সকলো প্ৰচেষ্টা হাতত ল’বলৈ দৃঢ়সংকল্পবদ্ধ৷

SE Asia inches closer to NE
নদী সন্মিলনৰ (NADI) প্ৰথম দিনৰ কাৰ্যসূচীত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড॰এছ জয়শংকৰৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী

দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহত ভাৰতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, “ভূটান আৰু ভাৰতৰ মাজত ৰে’লপথ গঢ়ি তোলাৰ সম্ভাৱনীয়তাৰ দিশতো আমাৰ বিশেষ দৃষ্টি অব্যাহত ৰাখিছোঁ আৰু এই ৰে’লপথ অসমৰ মাজেৰে পাৰ হৈ যাব৷”

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে উক্ত নদী সন্মিলনৰ সামৰণী অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা অঞ্চলটোত আন্তঃগাঁথনি আৰু যাতায়াত-যোগাযোগ ব্যৱস্থাৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে৷

সীতাৰমনে লগতে কয় যে প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘চুবুৰীয়া প্ৰথম’ (Neighbourhood First) নীতিৰ লগতে ‘এক্ট ইষ্ট’ (Act East) পলিচীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ “এই গুৰুত্বই ইতিবাচক ফলাফল দেখুৱাইছে”, কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়৷ “সন্মিলনখনে পাঁচটা ‘C’ক ইয়াৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে বিবেচনা কৰিছে- সংযোগ, বাণিজ্য, সংস্কৃতি, ক্ষমতা নিৰ্মাণ আৰু সংৰক্ষণ (connectivity, commerce, culture, capacity building and conservation)৷ এই পাঁচটা স্তম্ভই মূলতঃ অঞ্চলটোৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহকে আঙুলিয়াইছে”, সীতাৰমনে কয়৷

ৰাষ্ট্ৰীয় জলপথ- ১(গংগা), ২(ব্ৰহ্মপুত্ৰ) আৰু ১৬(বৰাক)ৰ উন্নয়নৰ কথা উল্লেখ কৰি সীতাৰমনে কয় যে এই তিনিটা ৰাষ্ট্ৰীয় জলপথে অঞ্চলটোৰ দ্ৰুত বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷
সীতাৰমনে কয় যে শেহতীয়াকৈ চুবুৰীয়া বাংলাদেশৰ সৈতে উন্নীত হোৱা সম্পৰ্কই উত্তৰ-পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশৰ পথ প্ৰশস্ত কৰিব৷

অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত উল্লেখ কৰে যে প্ৰাকৃতিক সম্পদৰ সুষম ব্যৱহাৰৰ জৰিয়তে পাৰস্পৰিক সহযোগিতা আৰু সংযোগ ব্যৱস্থা উন্নীত কৰাটোৱেই হৈছে অঞ্চলটোৰ সামগ্ৰিক সমৃদ্ধিৰ মূল চাবিকাঠী৷

“দক্ষিণ-পূব এছিয়াৰ দেশসমূহলৈ ভাৰতৰ মূল প্ৰৱেশদ্বাৰ হৈছে উত্তৰ-পূৰ্বাঞ্চল৷ আমাৰ চৰকাৰে অসমক কেৱল উত্তৰ-পূৰ্বাঞ্চলৰ বাবেই নহয়, সকলো আছিয়ান দেশৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এক ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ কাম-কাজ অব্যাহত ৰাখিছে৷ অসমৰ অনন্য ভৌগোলিক অৱস্থানৰ সুবিধাক সঠিকভাৱে উপভোগ কৰিবলৈ প্ৰকৃতাৰ্থত কাম কৰাৰ প্ৰয়োজন আছে’’, তেওঁ কয়৷
বিশেষ পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দক্ষিণ-পূব এছিয়াত পৰিৱেশ অনুকূল অৰ্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়, ৰাজ্য চৰকাৰৰ এক্ট ইষ্ট নীতি পৰিক্ৰমা বিভাগ, উত্তৰ-পূব পৰিষদ আৰু অন্যান্য অংশীদাৰসকলৰ সহযোগত শ্বিলঙত অৱস্থিত থিংক টেংক এছিয়ান কনফ্লুৱেন্সৰ দ্বাৰা ‘NADI’ (Natural Allies in Development and Interdependence) সন্মিলনখন তৃতীয় বাৰৰ বাবে আয়োজন কৰা হৈছিল৷

এই সন্মিলনৰ উদ্দেশ্য আছিল চুবুৰীয়া আৰু বংগোপসাগৰীয় অঞ্চলত শক্তি আৰু জল সুৰক্ষাৰ বাবে ভাৰতৰ পৰিকল্পনাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আস্থা গঢ়ি তোলা, যাতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ গতিশীলতা আৰু সুৰক্ষা সুনিশ্চিত হয়৷
অনুষ্ঠানটোৰ এদিন আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা ‘এক্ট ইষ্ট থ্ৰু নৰ্থ ইষ্ট’ শীৰ্ষক এক সন্মিলনত আঠগৰাকী আছিয়ান প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

মূল ভাষণ প্ৰসংগত ড॰ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূব ভাৰতৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত কৰা বৃহৎ বিনিয়োগৰ বাবে কেন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰে৷

“আমাৰ চৰকাৰে অসমক ভাৰত-আছিয়ান সম্পৰ্কৰ প্ৰৱেশদ্বাৰ ৰূপে গঢ়ি তুলিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে৷ উন্নয়নৰ গতি ত্বৰান্বিত হ’বলৈ শান্তি আৰু বিনিয়োগৰ এক অনুকূল পৰিৱেশৰ প্ৰয়োজন৷ ৰাজ্যখনত শান্তি পুণৰ প্ৰতিষ্ঠা হৈছে আৰু আমি বিনিয়োগকাৰীসকলৰ বাবে বিনিয়োগৰ এক উৎকৃষ্ট পৰিৱেশ গঢ় দিবলৈ সক্ষম হৈছোঁ৷ উল্লেখ্য যে বহিৰ্বিনিয়োগ আকৰ্ষণ কৰাৰ ক্ষেত্ৰত অসম বৰ্তমান দেশৰ শীৰ্ষ তিনিখন ৰাজ্যৰ ভিতৰত আছে,” ড॰ হিমন্ত বিশ্ব শৰ্মাই কয়৷

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সদস্য সঞ্জীৱ সান্যালে তেওঁৰ ভাষণত উল্লেখ কৰে যে আছিয়ান দেশসমূহৰ সৈতে থকা উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য ভৌগোলিক অৱস্থান আৰু জনজাতীয় বৈচিত্ৰ্যৰ লগতে সাংস্কৃতিক সাদৃশ্যই অঞ্চলটোক ভাৰত-আছিয়ান সম্পৰ্কৰ অৰ্থনৈতিক কেন্দ্ৰবিন্দু কৰি তোলাৰ অৱকাশ আছে৷

SE Asia inches closer to NE
এগৰাকী আছিয়ান প্ৰতিনিধিৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী

ভাৰতত অৱস্থিত ছিংগাপুৰৰ উচ্ছায়ুক্ত ছাইমন ৱাঙে তেওঁৰ ভাষণ প্ৰসংগত অসমৰ তিনিটা খণ্ড ক্ৰমে চাহ, পেট্ৰ’কেমিকেল আৰু খাদ্য সংসাধীকৰণ খণ্ডত বিনিয়োগ কৰিবলৈ ছিংগাপুৰৰ আগ্ৰহৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ লগতে গুৱাহাটীৰ মাল্টী-মডাল লজিষ্টিক খণ্ডত বিনিয়োগৰ ক্ষেত্ৰতো দেশখনৰ আগ্ৰহৰ কথাও উনুকিয়ায়৷

ভাৰত চৰকাৰে ‘এক্ট ইষ্ট পলিচী’ৰ অংশস্বৰূপে আছিয়ান সদস্যসকলৰ সৈতে উন্নত যোগাযোগ, ব্যৱসায় আৰু বাণিজ্যৰ বিকাশ আৰু অৰ্থনৈতিক সহযোগিতাৰ হেতু কাৰ্যপন্থা হাতত লৈছে৷ সন্মিলনত অংশগ্ৰহণকাৰীসকলে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক প্ৰাধান্য দি আছিয়ানৰ সৈতে যোগাযোগ, বাণিজ্য আৰু বিনিয়োগৰ মাধ্যমেৰে সম্পৰ্ক বৃদ্ধিৰ সুযোগসমূহৰ বিষয়ত আলোচনা কৰে৷

Tags: ASEANআছিয়ানএক্ট ইষ্টকেন্দ্ৰীয় চৰকাৰদক্ষিণ পূব এছিয়া
ShareTweetShare

Related Posts

উন্নয়নৰ মানচিত্ৰ
দৃষ্টিভংগী

উন্নয়নৰ মানচিত্ৰ

June 1, 2023
0
সংস্থাপনৰ বাট মুকলি কৰি..
সম্পাদকীয়

সংস্থাপনৰ বাট মুকলি কৰি..

June 1, 2023
0
মুখ্যমন্ত্ৰীৰ বাৰ্তা
মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ বাৰ্তা

June 1, 2023
0
কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি
বিশেষ বাৰ্তা

কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি

June 1, 2023
0
জীৱন গঢ়াৰ তপস্যা – তপোবন
বাটকটীয়া

জীৱন গঢ়াৰ তপস্যা – তপোবন

June 1, 2023
0
অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি
বিশেষ বাৰ্তা

অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি

June 1, 2023
0
Load More

By Categories

  • Anniversary Special
  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Article
  • Special Feature
  • असम प्रगति के पथ पर
  • असम बजट विशेष
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • परिवर्तक
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वर्षगांठ विशेषांक
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • विशेष लेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বৰ্ষপূৰণ বিশেষ
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ নিবন্ধ
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In