সম্প্ৰতি বৰ্তমানৰ চৰকাৰখনে অসমৰ সৈতে মিজোৰাম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লগত থকা সমস্যা সমাধানৰ বাবে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰিছে ৷ বিগত সময়ছোৱাত পূৰ্বৰ চৰকাৰে অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ কোনো এটা বিষয়ত আলোচনা কৰা হোৱা নাছিল বাবে বহুতো সমস্যাৰ সমাধান নহ’ল৷ সীমা সমস্যা সমাধানৰ বাবে এইখন চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সফল হ’লে সীমান্তৰ বাসিন্দাসকলে ইয়াৰ উন্নয়নৰ অন্য এক দিশত যে আগবাঢ়িব তাত সন্দেহ নাই ৷
আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো, ভাৰত আৰু পাকিস্তানৰ মাজত নিজৰ নিজৰ অধিকাৰ ভিত্তিক ভূমিক লৈ এতিয়াও বিভিন্ন ধৰণে সীমান্ত বিবাদ চলিয়ে আছে৷
আনহাতে, চীনে ‘মেকমোহন লাইন’ক উলংঘা কৰি ভাৰতীয় ভূ-খণ্ড দখলৰ বাবে চেষ্টা চলাই আছে৷ বিশ্বৰ অন্যতম শক্তিশালী দেশ হিচাপে পৰিচিত ৰাছিয়াই আজি ইউক্ৰেইনৰ স’তে যুঁজ দিছে এনে বিভিন্ন কাৰণত৷ পেলেষ্টাইনক লৈ পেলেষ্টাইন আৰু ইজৰাইলৰ মাজত আৰম্ভ হোৱা শীতল যুঁজখন দীৰ্ঘদিনৰ পৰাই অব্যাহত আছে৷ এতিয়া বিভিন্ন দেশৰ মাজত হোৱা সীমা বিবাদ বা ভূখণ্ড বিবাদ সমাধানৰ বাবে এটা পক্ষই আগবাঢ়ি অহাৰ সময়তে আনটো পক্ষক তৃতীয় পক্ষই উচটনি দি এনে প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷
এখন দেশৰ লগত সম্পৰ্ক বেয়া হোৱাৰ লগে লগে তৃতীয় পক্ষই ইয়াৰ সুযোগ লৈ ৰাজনৈতিক, সামৰিক সুবিধা ল’বলৈ বিচাৰে৷ খাদ্য-সামগ্ৰীৰ পৰা আৰম্ভ কৰি যুদ্ধৰ জাহাজ, ক্ষেপণাস্ত্ৰ, অস্ত্ৰ-শস্ত্ৰ আদি বিক্ৰী কৰি মুনাফাৰ সুযোগ বিচাৰি থাকে৷