শাৰদীয় দুৰ্গোৎসৱৰ চাৰিটা দিন কৰিমগঞ্জৰ গোবিন্দপুৰৰ নিৱাসীসকলৰ বাবে প্ৰতিবছৰেই বিশেষ৷ এটা বছৰৰ অপেক্ষাৰ পাছত অহা এই দিনকেইটাৰ বাবে তেওঁলোক উৎসাহিত হৈ থাকে৷ ভাৰত-বাংলাদেশ সীমান্তৰ কাঁটা তাঁৰৰ বেৰৰ মাজত অৱস্থিত এই গাঁওখন ভৌগোলিক দিশৰ পৰাও বিশেষ৷
“ভাৰতৰ মূল ভূখণ্ডৰ পৰা পৃথক হোৱা স্বত্ত্বেও আমাৰ এই উৎসৱৰ উদযাপনত কোনো ত্ৰুটি নাৰাখোঁ৷ দুৰ্গা পূজাৰ সময়ত জাতি, ধৰ্ম নিৰ্বিশেষে গাঁওবাসীয়ে মিলিজুলি হাতে-কামে এই উদযাপন সফল কৰি তোলে,” অসম বাৰ্তাৰ সৈতে বাৰ্তালাপত গোবিন্দপুৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সম্পাদক বিপুল নমশূদ্ৰই কয়৷
সীমান্তৱৰ্তী গাঁওখনত মুঠ ৪২টা হিন্দু আৰু দুটা মুছলমান পৰিয়াল আছে৷
পেণ্ডেল স্থাপনৰ পৰা আৰম্ভ কৰি সাজ-সজ্জা বা ভোগ বিতৰণলৈকে সকলো দায়িত্ব গাঁওবাসীয়ে পালন কৰে, “পেণ্ডেলৰ লগতে সম্পূৰ্ণ গাঁওখন আলোকসজ্জাৰে সজোৱা হয়৷ গাঁওবাসীয়ে অতি উৎসাহৰ সৈতে সকলো কাম সম্পাদন কৰে,” নমশূদ্ৰই লগতে কয়৷
গোবিন্দপুৰ গাঁৱৰ দুৰ্গা পূজাৰ উদযাপনৰ ইতিহাস শতিকা পুৰণি৷ “প্ৰতি বছৰে সহস্ৰাধিক লোকে মা দুৰ্গাৰ পৰা আশীৰ্বাদ বিচাৰি গাঁওখনলৈ আহে আৰু এই বছৰো তিনি সহস্ৰাধিক লোক পেণ্ডেললৈ আহিছিল৷ সকলোকে খিচৰি, ভোগ, প্ৰসাদ পৰিৱেশন কৰা হৈছিল,” নমশূদ্ৰই উল্লেখ কৰে৷ তেওঁ লগতে কয়, “মংগল আৰতি প্ৰতি সন্ধিয়া অনুষ্ঠিত কৰা হৈছিল৷’’
পূজা আয়োজনত সহায় কৰাৰ বাবে সীমান্ত সুৰক্ষা বাহিনীৰ [বিএছএফ] শলাগ লৈ নমশূদ্ৰই কয়, “বিএছএফৰ লোকসকলে আমাক আৰ্থিক অনুদান দিয়াৰ লগতে খোৱা পানীৰ সুবিধা, নিৰ্মাণ আৰু সাজ-সজ্জাৰ সামগ্ৰী আদিৰ ক্ষেত্ৰত সহায় কৰি আহিছে৷”
এইক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল যে বিএছএফে এইকেইটা দিনত সীমান্তৰ গে’ট খোলা ৰখা৷ সাধাৰণতে গে’ট সন্ধিয়া ৭ বজালৈকে খোলা থাকে যদিও পূজাৰ সময়ত নিশা ৯ বজালৈকে গে’ট খোলা ৰখা হয়৷
গোবিন্দপুৰ গাঁৱৰ বেছিভাগ পৰিয়ালেই হৈছে মাছমৰীয়া সম্প্ৰদায়ৰ৷ তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা প্ৰত্যাহ্বানজনক৷ “মাৰ ঐশ্বৰিক আশীৰ্বাদৰ বাবেই আমি আমাৰ পূৰ্বপুৰুষসকলে আৰম্ভ কৰা দুৰ্গা পূজা ভাগ আয়োজন কৰাৰ পৰম্পৰা অব্যাহত ৰাখিব পাৰিছোঁ,” নমশূদ্ৰই কয়৷
পূজাৰ পুৰোহিত মোহিত চক্ৰৱৰ্তীয়ে আনন্দ প্ৰকাশ কৰি কয়, “মই ইয়াত ১৫ বছৰ ধৰি পূজা কৰি আহিছোঁ৷ ইয়াৰ বাসিন্দাসকলৰ নিষ্ঠা আৰু ভক্তিয়ে মোক আপ্লুত কৰি তোলে৷ সময়সূচী আৰু যোগাযোগৰ সমস্যাৰ দৰে প্ৰত্যাহ্বানৰ পাছতো সকলোৱে মাৰ সেৱাত নিজৰ সৰ্বস্ব উজাৰি দিয়ে৷”
গোবিন্দপুৰৰ পৰা প্ৰায় ২৫ কিল’মিটাৰ নিলগৰ আন এখন গাঁৱতো মা দুৰ্গাৰ পূজা উদযাপনৰ অনন্য এখন ছবি দেখা যায়৷ মাণিকপুৰ গাঁৱৰ একমাত্ৰ দুৰ্গা মন্দিৰটো গৌৰৱেৰে থিয় হৈ আছে ন’-মেনছ লেণ্ডত৷ এই পূজাভাগ হৈছে ১৫৬ বছৰ পুৰণি৷
মাণিকপুৰৰ বাসিন্দা অপু মালাকাৰে (৪৮) কয়, “এই মন্দিৰটো মোৰ এগৰাকী আত্মীয় নৰেন্দ্ৰ মালাকাৰৰ পূৰ্বপুৰুষসকলে প্ৰতিষ্ঠা কৰিছিল৷ ১৯৭০ চনলৈকে নৰেন্দ্ৰ মালাকাৰৰ নেতৃত্বত ইয়াত পূজা অনুষ্ঠিত হৈছিল৷ তেওঁৰ মৃত্যুৰ পাছত এই দায়িত্ব তেওঁৰ সৰু ভায়েক হৃদয় ৰঞ্জন মালাকাৰে কান্ধত লয়৷ তেওঁ আছিল পৰিয়ালটোৰ অন্তিমজন বংশধৰ৷ ১৯৯৪ চনত তেওঁৰ মৃত্যুৰ পাছত এই পূজাভাগ বন্ধ হৈ যায়৷”
দুৰ্গাবাৰী সমিতিৰ সভাপতি মালাকাৰে কয় যে বহু বছৰ অৱহেলিত হৈ থকাৰ বাবে মন্দিৰৰ চাৰিওকাষ হাবি-বননিৰে ভৰি পৰিছিল৷ তেওঁ কয়, “সীমান্তত অৱস্থিত মন্দিৰটোত ২০০৮ চনত অঞ্চলটোত কাঁটা তাঁৰৰ বেৰাৰ লগতে এটা বিএছএফ শিবিৰো নিৰ্মাণ হয়৷ এদিন বিএছএফৰ বিষয়াসকলে হাবি-বননিৰে ভৰা অঞ্চলটোৰ বিষয়ে অধিক জানিব বিচৰাত আমি তেওঁলোকক কৈছিলোঁ যে ইয়াৰ ভিতৰত এটা মন্দিৰো আছে৷ তেওঁলোকে মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰাত আমাৰ সৈতে সহযোগ কৰে৷”
“অৱহেলিত হৈ থকাৰ বাবে বেয়া অৱস্থাত থকা মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীয়ে সহায় কৰিছিল৷ তেতিয়াৰ পৰা আমি মন্দিৰত পূজা কৰি আহিছোঁ,” মালাকাৰে কয়৷
“বেৰ থাকিলেও, কোনো বাধা নাই৷ কাঁটা তাঁৰে আমাৰ উৎসাহক বান্ধি ৰাখিব নোৱাৰে৷ প্ৰতিবছৰৰ দৰে এই বছৰো আমি আনন্দ আৰু উৎসাহেৰে এই পূজা ভাগৰ আয়োজন কৰোঁ,” মালাকাৰে কয়৷