• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, March 21, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home প্ৰথম পৃষ্ঠা

সাৰ্বভৌমত্বৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব : মুখ্যমন্ত্ৰী

AB Bureau by AB Bureau
September 1, 2022
in অসমীয়া, প্ৰথম পৃষ্ঠা
0
0
Sovereignty is non-negotiable: CM

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে যে দেশৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব৷ তেখেতে অসমৰ ৰাইজক ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত ৭৬সংখ্যক স্বাধীনতা দিৱস উদযাপনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্ৰোহীসকলক পুনৰ মূলসুঁতিলৈ উভতি আহিবলৈ আহ্বান জনায়৷ দেশৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখাৰ কথা উল্লেখ কৰাৰ লগতে ঘৰে ঘৰে জাতীয় পতাকা অভিযানৰ প্ৰতি আগবঢ়োৱা অভূতপূৰ্ব সঁহাৰিৰ বাবে অসমবাসীক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে৷

তেওঁ কয়,“যোৱা ১৩ আগষ্টৰ পৰা আজিৰ দিনটোলৈকে অসমৰ ৰাইজে দেশৰ ত্ৰিৰংগ পতাকাখনিৰ প্ৰতি দেখুওৱা ভালপোৱা আৰু সন্মানে ‘স্বাধীন অসম’ৰ সপোন দেখাসকলক উচিত প্ৰত্যুত্তৰ দিলে৷”

গুৱাহাটীৰ এগৰাকী যুৱ ব্যৱসায়ী জিয়াৰুল হককে ধৰি আন বহুতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ সৈতে সহমত পোষণ কৰে৷ “হৰ ঘৰ তিৰংগাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি জনোৱা আহ্বানে ১৩৫ কোটি ভাৰতীয়ৰ দেশপ্ৰেমক প্ৰতিফলিত কৰিলে৷ ইয়াৰ ফলত বিশ্বৰ প্ৰেক্ষাপটত ভাৰতৰ সন্মান অধিক বৃদ্ধি কৰিব৷ দেশৰ প্ৰতিটো পৰিয়ালে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উৰি থকাটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱ আৰু স্বাধীনতাৰ প্ৰতিফলন,” জিয়াৰুলে অসম বাৰ্তাক কয়৷

দেশৰ হকে সৰ্বস্ব ত্যাগেৰে মহীয়ান স্বাধীনতা সংগ্ৰামীসকলক সুঁৱৰি মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ভাৰতৰ স্বাধীনতা আন্দোলনক দমন কৰিবলৈ ব্ৰিটিছে আন্দোলনকাৰীসকলক কালাপানীখ্যাত চেলুলাৰ জে’লত ৰাখি শাস্তি প্ৰদান কৰিছিল৷ এই বিষয়ে অধ্যয়ন কৰিবলৈ ৰাজ্য চৰকাৰে এই বছৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চেলুলাৰ জে’ললৈ ৰাজ্যখনৰ ১,০০০ যুৱক-যুৱতীক শৈক্ষিক ভ্ৰমণত পঠিওৱাৰ ব্যৱস্থা কৰিব৷

জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সফলতাৰ কথা দোহাৰি অনাগত বছৰসমূহত অসমক দেশৰ অন্যতম প্ৰগতিশীল ৰাজ্যৰূপে গঢ়ি তোলাৰ লক্ষ্যপ্ৰাপ্তিৰ হেতু চৰকাৰৰ দৃষ্টিভংগীৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷

ভাৰতৰ অন্যতম প্ৰগতিশীল ৰাজ্য হোৱাৰ দিশত অসমৰ সম্ভাৱনীয়তা সম্পৰ্কে থকা তেখেতৰ বিশ্বাসৰ কথা দোহাৰি জনসাধাৰণক অসমৰ উন্নয়নৰ যাত্ৰাত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিবলৈ ড° শৰ্মাই আহ্বান জনায়৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বহুতো বাধাৰ সন্মুখীন হোৱা সত্ত্বেও অসম আজি আগুৱাই গৈছে৷ ৰাজ্যখনত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে৷ অসমৰ মুঠ ঘৰুৱা উৎপাদনে এক নতুন শিখৰত উপনীত হ’ব পাৰিছে৷”

ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ন্যায়পালিকাসমূহৰ অতিৰিক্ত বোজা হ্ৰাস কৰিবলৈ চৰকাৰে সামাজিক মাধ্যমত দিয়া প’ষ্ট সম্পৰ্কীয় গোচৰকে আদি কৰি এক লাখ ক্ষমাযোগ্য গোচৰ প্ৰত্যাহাৰ কৰিব৷

সমৱেত জনতাক উদ্দেশ্যি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ সকলো চৰকাৰী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ১০,০০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে৷ তেখেতে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ চাৰি সহস্ৰাধিক উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয় দুটা অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত পাঠদান কৰাৰ কেবিনেট সিদ্ধান্ত ৰূপায়ণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে৷

সাৰ্বজনীন স্বাস্থ্য বীমা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত অসমে অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা ৫৮ লাখ পৰিয়াললৈ আয়ুষ্মান ভাৰতৰ সুবিধাসমূহ প্ৰদান কৰিব৷ “সকলো ৰেচন কাৰ্ড হিতাধিকাৰীয়ে আয়ুষ্মান ভাৰত কাৰ্ড লাভ কৰিব৷ গ্ৰাম্য অঞ্চলৰ প্ৰায় ৮৫% আৰু নগৰাঞ্চলৰ ৭৫% ব্যক্তিয়ে এই আঁচনিৰ অধীনত অন্তৰ্ভুক্তিৰ সুবিধা পাব,” তেওঁ কয়৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে চৰকাৰে বান সমস্যা হ্ৰাস কৰিবলৈ আদ্ৰৰ্ভূমি সংৰক্ষণ সম্পৰ্কীয় এখন আইনৰ পৰিকল্পনা কৰিছে৷ প্ৰস্তাৱিত আইনখনে জলাশয়সমূহৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত নীতি-নিৰ্দেশনা প্ৰদান কৰাৰ লগতে আদ্ৰৰ্ভূমিৰ বেদখল আৰু নিৰ্মাণ কাৰ্যকলাপ আদি নিয়ন্ত্ৰণ কৰিব৷

বিগত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেখেতে আগবঢ়োৱা এক লাখ চাকৰি সৃষ্টিৰ প্ৰতিশ্ৰুতিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে প্ৰায় ৩০,০০০ চাকৰি প্ৰদান কৰিছে আৰু অনাগত কেইটামান মাহৰ ভিতৰত ৪০,০০০তকৈও অধিক নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে৷

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In