সৰুৰেপৰাই সংগীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িত দিগম্বৰ হাজৰিকাৰ বাবে আজিৰ দিনটো অতিকৈ আনন্দৰ৷ সংগীতৰ প্ৰতি থকা তেওঁৰ অনুৰাগে অতীততো দিগম্বৰক বহুকেইটা স্মৰণীয় ক্ষণ উপহাৰ দিছিল৷ কিন্তু, কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ এই দিব্যাংগ যুৱকজনৰ বাবে আজিৰ দিনটো অইন দিনতকৈ পৃথক৷ কিয়নো শীঘ্ৰেই তেওঁ অসম চৰকাৰৰ ৪৪,৭০৩ জনীয়া কৰ্মশক্তিৰ অংশ হ’বলৈ ওলাইছে৷
“এই দিনটোৰ বাবেই যোৱা প্ৰায় ৩-৪ বছৰ ধৰি বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছোঁ৷ বিফল হৈছিলোঁ, তথাপি হাৰ মনা নাছিলোঁ৷ পৰিয়ালৰ প্ৰতিজন সদস্যই ইজনে-সিজনৰ সাহস হৈ আগবাঢ়িছিলোঁ আৰু অৱশেষত মই চতুৰ্থ বৰ্গত উত্তীৰ্ণ হ’লোঁ৷ আমাৰ সৰু পৰিয়ালটিত চৰকাৰী চাকৰি লাভৰ প্ৰথমটো খবৰ আহিল,” অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ এইগৰাকী দিব্যাঙ্গ প্ৰাৰ্থীৰ কণ্ঠস্বৰত এক অভূতপূৰ্ব আৱেগৰ উমান পোৱা গ’ল৷ ব্যক্তিগত জীৱনত লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত ব্ৰেইল পদ্ধতিৰ শিক্ষা ব্যৱস্থাৰে নৱপ্ৰজন্মক আগুৱাই নিয়াত উৎসাহিত কৰিবলৈ হাজৰিকাই ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনালে৷
ডিব্ৰুগড়ৰ টিংখাঙৰ নীহাৰিকা গগৈয়ে ২৫ মে’ৰ পুৱতি নিশা তেওঁৰ স্বামীৰ সৈতে গুৱাহাটীত আহি উপস্থিত হয়৷ মহানগৰীস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত নিযুক্তি পত্ৰ লাভ কৰিবলগীয়া কেইবাহাজাৰ প্ৰাৰ্থীৰ মাজত তেৱোঁ এজন৷ নীহাৰিকা গগৈ শীঘ্ৰেই আবকাৰী বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হ’বলৈ ওলাইছে৷
“মোৰ যমজ ছোৱালী দুজনী আছে৷ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পুৱা যাৱতীয় কাম-কাজ কৰি আইতাকৰ ওচৰত ছোৱালী দুজনীক থৈ যাওঁ৷ ৰাতি সিহঁত দুজনী শুৱাৰ পাছত পঢ়িবলৈ বহোঁ৷ এইক্ষেত্ৰত মোৰ স্বামীৰ সহায়-সহযোগিতাই মোক প্ৰেৰণা যোগাইছিল৷ সাংসাৰিক জীৱনৰ দায়িত্ব গ্ৰহণ কৰাৰেপৰা মই এই লক্ষ্য স্থিৰ কৰিছিলোঁ৷ এই সফলতাৰ কৃতিত্বৰ অংশীদাৰ আমাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্য,” নীহাৰিকা গগৈয়ে আৱেগিক হৈ এই প্ৰতিৱেদকক কয়৷
গুৱাহাটীৰ প্ৰভাতী বড়োৱে স্নাতক শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰপৰাই বিভিন্ন চাকৰিৰ বাবে প্ৰস্তুতি চলাই আহিছে৷ তৃতীয় বৰ্গত নিযুক্তি লাভ কৰি তেওঁ বিগত ৫-৬ বছৰীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ কথা সুঁৱৰি কয়, “নিবনুৱা যুৱক-যুৱতীসকলৰ সংস্থাপনৰ বাবে অসম চৰকাৰে অনুষ্ঠিত কৰা Assam Direct Recruitmentৰ দৰে পদক্ষেপ সঁচাকৈ শলাগিবলগীয়া৷ ব্যক্তিগত অভিজ্ঞতা হিচাপে ADREক লৈ মই খুবেই সুখী৷ পূৰ্বে কিছুমান পৰীক্ষাত প্ৰথম পৰ্যায়ত উত্তীৰ্ণ হ’লেও চূড়ান্ত পৰ্যায়ত উপনীত হ’ব পৰা নাছিলোঁ৷ এই বিফলতাই মাজে সময়ে মানসিকভাৱে হতাশ কৰি পেলাইছিল৷ কিন্তু, ADREৰ নিচিনা এক বিশাল সংস্থাপনৰ ব্যৱস্থাই মোক চৰকাৰী চাকৰি এটি স্বচ্ছ আৰু নিকা পদ্ধতিৰে পোৱাৰ সুযোগ দিলে৷ মোৰ নিচিনা আৰু হাজাৰ হাজাৰ মধ্যবিত্ত শ্ৰেণীৰ লোক আৰু বিশেষকৈ যোগ্য প্ৰাৰ্থীয়ে চৰকাৰী চাকৰি এটা পোৱাৰ সুযোগ পাইছে৷”
পৰিবহণ বিভাগৰ তৃতীয় বৰ্গত নিযুক্তি লাভ কৰা ময়ূৰ কুমাৰ কলিতাই ৰাতিপুৱাই কলিয়াবৰৰপৰা গুৱাহাটীলৈ আহিছে৷ ২০২১ বৰ্ষত বি এড সম্পূৰ্ণ কৰাৰেপৰা তেওঁ এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছে৷ প্ৰথম প্ৰচেষ্টাতে সফল হোৱা কলিতাই কয়, “এক নিকা আৰু স্বচ্ছ পদ্ধতিৰে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাত নৱপ্ৰজন্মই সকাহ পাইছে৷ অনাগত দিনবোৰত চৰকাৰী কাম-কাজসমূহত এক নতুন ইতিবাচক পৰিৱৰ্তন আহিব বুলি আশা কৰিছোঁ৷”
দুৰ্নীতিক প্ৰশ্ৰয় নিদি নিষ্ঠাসহকাৰে দায়িত্ব পালন কৰাৰ প্ৰতি আগ্ৰহী নলবাৰী গোৱৰাদলৰ জ্যোতিষ ৰাজবংশীয়ে কয় “প্ৰায় তিনিবছৰ ধৰি মই প্ৰস্তুতি চলাইছিলোঁ৷ আমাৰ গাঁৱৰপৰা ৩৫গৰাকীয়ে এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত উত্তীৰ্ণ হৈছে৷ নিজাববীয়াকৈ প্ৰস্তুতি চলোৱাৰ উপৰি সময় পালেই আমি সকলোৱে বিভিন্ন বিষয় লৈ আলোচনা কৰোঁ৷ এয়া সংঘবদ্ধ প্ৰচেষ্টা৷ এয়া এখন গাঁৱৰ সফলতা৷”
পিতৃ-মাতৃৰ সৈতে নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা গোলাঘাটৰ চম্পা দলৈয়ে লকডাউনৰ আগৰেপৰা প্ৰস্তুতি চলোৱাৰ কথা উল্লেখ কৰি কয়, “পৰিয়ালৰপৰা পূৰ্ণ সমৰ্থন পোৱাৰ বাবেহে এই সফলতা লাভ কৰাটো সম্ভৱপৰ হৈছে৷”
অসম চৰকাৰে নিযুক্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপে চৰকাৰী ব্যৱস্থাটোৰ প্ৰতি যুৱপ্ৰজন্মৰ আস্থা আৰু বিশ্বাস বৃদ্ধি কৰিছে বুলি ডিব্ৰুগড়ৰ কল্পজিৎ গগৈয়ে অসম বাৰ্তাক কয়৷ “আমাৰ পৰিয়ালত মোৰ লগতে ভণ্টীও উত্তীৰ্ণ হৈছে৷ ব্যৱসায়ৰ সমান্তৰালকৈ চৰকাৰী চাকৰিটোৰ বাবে যোৱা কেইবাবছৰমানৰপৰা কষ্ট কৰিছিলোঁ৷ যিসকলে এইবাৰৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে তেওঁলোকে হতাশ নহৈ অধিক মনোবল, সাধনা অব্যাহত ৰাখি আগুৱাই গ’লে নিশ্চয় সফলতাৰ নতুন শিখৰত উপনীত হ’ব পাৰিব৷”