• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, March 21, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

সাত বুজাবুজি চুক্তিয়ে ত্বৰান্বিত কৰিব ৰাজ্যৰ বিকাশযাত্ৰা

AB Bureau by AB Bureau
November 3, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
MoUs galore as State seeks to expedite growth

মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ ইতিহাসৰ ৰূপৰেখা সৃষ্টি কৰিছে৷ যোৱা ১৭ অক্টোবৰত জনতা ভৱনত দেশৰ কেইটামান অগ্ৰণী প্ৰতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰৰ ছখন বুজাবুজি চুক্তি আৰু এখন সহযোগিতাৰ চুক্তি স্বাক্ষৰিত হয়৷ যুৱপ্ৰজন্মৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনা এনে কেইটামান বিশেষ পদক্ষেপৰ প্ৰাথমিক ধাৰণাও আৰম্ভ হৈছিল যেতিয়া ব্ৰহ্মপুত্ৰৰ মাজৰে নদীদ্বীপ মাজুলীৰ পৰা আহি থকা অৱস্থাত এগৰাকী শীৰ্ষ ভাৰতীয় প্ৰশাসনিক বিষয়াই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা এটা ফ’ন কল পায়৷ এই কথা-বাৰ্তাত যুৱ প্ৰজন্মৰ বাবে ব্যক্তিগতখণ্ডত নিয়োগ সৃষ্টি আৰু বিকাশৰ বিষয়ে আলোচনা হৈছিল৷ নিয়োগ সৃষ্টি, দক্ষতা বিকাশ, পৰ্যটন, আতিথ্য, উদ্যমিতা আদিৰ ক্ষেত্ৰত বিকাশৰ এক নতুন দিশৰ সূচনা কৰি অসম চৰকাৰে মুঠ ছখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে৷

এই অনুষ্ঠানত অসম চৰকাৰে মাইক্ৰ’ছফট, গুগল ইণ্ডিয়া প্ৰাইভেট লিমিটেড, এল এণ্ড টি, হেল্‌থকেয়াৰ ছেক্টৰ স্কিল কাউঞ্চিল (HSSC), টাটা কমিউনিটী ইনিচিয়েটিভ ট্ৰাষ্টৰ টাটা ষ্ট্ৰাইভ স্কিল ডেভেলপমেণ্ট, ইণ্ডিয়ান হোটেলছ কম্পেনী লিমিটেডৰ সৈতে চুক্তি স্বাক্ষৰিত কৰে৷ তদুপৰি নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ বিভাগৰ সৈতে naukri.com নামেৰে জনপ্ৰিয় ইনফ’ এজ (ইণ্ডিয়া) লিমিটেডে এক সহযোগিতাৰ চুক্তিত স্বাক্ষৰ কৰে৷

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে এই চুক্তিকেইখনে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ তেওঁ কয় যে, ‘‘ভাৰত আৰু পৃথিৱী বিখ্যাত প্ৰতিষ্ঠানসমূহে অসমৰ বিকাশ যাত্ৰাৰ সহযাত্ৰী হ’বলৈ আগবাঢ়ি অহাটো আমাৰ বাবে আশাব্যঞ্জক৷ গুগল আৰু মাইক্ৰ’ছফটৰ সৈতে হোৱা চুক্তিকেইখনক নিয়োগ সৃষ্টিৰ লগতে ডিজিটেল শিক্ষাৰ ক্ষেত্ৰত এক সবল পদক্ষেপৰূপে অভিহিত কৰিব পাৰি৷” ইণ্ডিয়ান হোটেলছ কম্পেনী লিমিটেড আৰু টাটা ষ্ট্ৰাইভৰ সৈতে হোৱা চুক্তিখনৰ বিষয়ে উল্লেখ কৰি তেখেতে কয়, “আমি এই চুক্তিখনৰ জৰিয়তে ভাৰত চৰকাৰৰ সহযোগত সোণাপুৰৰ অমিয় কুমাৰ দাস ইনষ্টিটিউটৰ এটি নিৰ্মীয়মাণ ভৱনত এটা দক্ষতা কেন্দ্ৰ স্থাপন কৰিবলৈ আগবাঢ়িছোঁ৷ এই দক্ষতা কেন্দ্ৰত আতিথ্য সেৱা আৰু পৰ্যটনৰ বাবে দক্ষ মানৱ সম্পদ গঢ়িবলৈ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷”

গুগল ইণ্ডিয়াৰ কাউণ্ট্ৰী হেড তথা উপাধ্যক্ষ সঞ্জয় গুপ্তাই কয়, “মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমে ডিজিটেল প্ৰযুক্তিৰ বিনিয়োগ আৰু বিকাশৰ ক্ষেত্ৰত বহুতো প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ এয়া মোৰ বাবে আনন্দৰ বিষয় যে গুগলে যোৱা মে’ মাহত অসমীয়া ভাষা গুগল ট্ৰান্সলেটৰত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়৷ চৰকাৰৰ সহযোগত অসমৰ শ্ৰেণীকোঠালৈ গুগল প্ৰযুক্তি লৈ আনিবলৈ আমি চেষ্টা কৰিম৷”

এই অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছা, সঞ্জয় কিষাণ, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙকে আদি কৰি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল আৰু বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকে৷

অসমত নৱীকৃত শক্তিৰ ত্বৰান্বিত গতি : আন এক সংযোজন

সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰখনত অসমে এক সবল স্থিতিৰ দিশে আগবাঢ়িছে৷ যোৱা ৯ আগষ্টত এন এল চি ইণ্ডিয়া লিমিটেডৰ সৈতে ১০০০ মেগাৱাট ক্ষমতাসম্পন্ন সৌৰ শক্তি প্ৰকল্প স্থাপনৰ বাবে হোৱা এখন বুজাবুজি চুক্তিৰ পাছত ১৭ অক্টোবৰত ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এছজেভিএন গ্ৰীন এনাৰ্জী লিমিটেডৰ সৈতে অসম শক্তি উৎপাদন নিগম লিমিটেডে এখন চুক্তি স্বাক্ষৰিত হয়৷ এই চুক্তিৰ জৰিয়তে অসমত থকা বিভিন্ন জলাশয়সমূহত ওপঙা সৌৰ প্ৰকল্প স্থাপন কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে৷

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে, “এই চুক্তিখনে আমাক শক্তিক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত সহায় কৰিব৷ ১০০০ মেগাৱাট সৌৰ শক্তি উৎপাদনৰ লক্ষ্যৰে স্বাক্ষৰ কৰা এই চুক্তিখনৰ ৰূপায়ণৰ বাবে ৬০০০ কোটি টকা বিনিয়োগ কৰা হ’ব৷ ইয়াত অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু এছজেভিএনৰ অংশীদাৰিত্ব হ’ব ৪৯ঃ৫১৷” জলাশয়ত সৌৰ শক্তি উৎপাদনৰ সুবিধাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বিলসমূহত সৌৰ প্ৰকল্প স্থাপন কৰিলে সৌৰ শক্তি উৎপাদনৰ লগতে মাছৰ উৎপাদন বৃদ্ধিতো সহায় কৰিব৷” তেওঁ লগতে কয়, “আমি লাহে লাহে অসমৰ বাহিৰৰ শক্তি উৎপাদন প্ৰকল্পসমূহৰ সৈতেও জড়িত হোৱাৰ পৰিকল্পনা কৰিছোঁ৷ তদুপৰি এছিয়ান ডেভেলপমেণ্ট বেংক আৰু অইল ইণ্ডিয়াৰ সৈতেও আমি অতি সোনকালে প্ৰায় ১৫০০ মেগাৱাট শক্তি উৎপাদনৰ কাম আৰম্ভ কৰিম৷”

অনুষ্ঠানটিত উপস্থিত থাকি এছজেভিএনৰ মুখ্য পৰিচালন সঞ্চালক এন এল শৰ্মাই কয়, “এছজেভিএনে অসমক শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিবলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব৷”

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In