উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক অভিনৱ পৰিৱৰ্তনৰ লক্ষ্যৰে সংযোজন কৰা ‘সমৰ্থ প’ৰ্টেল’ৰ কেতবোৰ দিশ সম্প্ৰতি চৰ্চালৈ অহা দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিন ধৰি চলি অহা বিভিন্ন অভিযোগৰ পৰিপ্ৰেক্ষিতত প্ৰযুক্তিৰ মাধ্যমেৰে ইয়াৰ কাৰ্যকৰিতা বৃদ্ধিৰ লগতে এক স্বচ্ছ ব্যৱস্থা গঢ়ি তুলিবলৈ উচ্চ শিক্ষা সঞ্চালকালয়ে প্ৰয়াস কৰি আহিছে। এই প্ৰয়াসৰ অংশ হিচাপে ৰূপায়ণ কৰা সমৰ্থ প’ৰ্টেলৰ জৰিয়তে চলিত বৰ্ষত ৰাজ্যখনৰ মহাবিদ্যালয়সমূহৰ নামভৰ্তি প্ৰক্ৰিয়া সৰল আৰু স্বচ্ছভাৱে অনুষ্ঠিত হয়। উচ্চ শিক্ষা সঞ্চালকালয়ৰ বিষয়াসকলে আশা প্ৰকাশ কৰিছে যে সমৰ্থ ই-গভক ৰাজ্যিক নীতি হিচাপে গ্ৰহণ কৰাৰ ফলত উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক ডিজিটেল যুগৰ সূচনা হ’ব।
ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ অনুসৰি চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম (এফৱাইইউজিপি) আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডত ২০২০-২০২১ (২০২৩-২০২৪) শিক্ষাবৰ্ষৰ পৰা অভিনৱ পৰিৱৰ্তন আহিছে। উচ্চ শিক্ষাত ই-গভৰ্নেন্সৰ সুবিধাসমূহ লাভ কৰিবলৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে সমৰ্থ ই-গভৰ পদক্ষেপ আৰম্ভ কৰিছিল। অসম চৰকাৰে প্ৰথমবাৰৰ বাবে সমৰ্থ ই-গভ ব্যৱহাৰ কৰি উচ্চ শিক্ষাত কেন্দ্ৰীভূত নামভৰ্তি প্ৰক্ৰিয়া ৰূপায়ণ কৰে।
উচ্চ শিক্ষা সঞ্চালকালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু সমৰ্থ ই-গভ, অসমৰ ৰাজ্যিক ন’ডেল বিষয়া প্ৰাঞ্জল প্ৰতিম বৰুৱাই অসম বাৰ্তাৰ প্ৰতিৱেদকক জনাই যে প্ৰাৰম্ভিক অৱস্থাত কিছু সমস্যা হোৱাৰ লগতে শিক্ষানুষ্ঠানসমূহে নতুন প্ৰযুক্তি ব্যৱহাৰৰ দিশত অসুবিধা পাইছিল যদিও এতিয়া সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে ইতিবাচক দিশেৰেই গতি কৰিছে।
তেখেতে উল্লেখ কৰে যে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক সৰলীকৃত প্ৰশাসনিক ব্যৱস্থা গঢ়ি তুলিবলৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে ৰাজ্যসমূহক সমৰ্থ প’ৰ্টেল ব্যৱহাৰৰ বাবে পৰামৰ্শ দিয়ে। সেই অনুসৰি অসমে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি প্ৰক্ৰিয়াত নৱ সংযোজন ঘটাই এই ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই পদক্ষেপৰ সফল ৰূপায়ণৰ বাবে গুৱাহাটীস্থিত প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য, স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু একাংশ প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ অধ্যক্ষৰ উপস্থিতিত ২০২৩ৰ ২ মে’ত সমৰ্থ প’ৰ্টেলৰ এক প্ৰতিনিধি দলে ব্যৱস্থাটোৰ বিশদ উপস্থাপন প্ৰদৰ্শন কৰে।
“নামভৰ্তি প্ৰক্ৰিয়াত সমৰ্থ প’ৰ্টেলৰ কাৰ্যকৰীকৰণৰ বিষয়ে আলোচনা কৰিবলৈ আমি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ সৈতে নিয়মিতভাৱে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হৈছিলোঁ। ইয়াৰ ফলত তেওঁলোকে এই ব্যৱস্থাৰ গুৰুত্বৰ বিষয় উপলব্ধি কৰি পদক্ষেপটোক উৎসাহেৰে আদৰণি জনায়,” প্ৰাঞ্জল প্ৰতিম বৰুৱাই কয়।
সমৰ্থ প’ৰ্টেলত বিত্তীয় আৰু সম্পদ ব্যৱস্থাপনাৰ মডিউলৰ লগতে শৈক্ষিক, কৰ্মচাৰী আদিৰ সৈতে জড়িত বিভিন্ন দিশৰ মডিউল অন্তৰ্ভুক্ত কৰা হৈছে আৰু অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ বাবে শৈক্ষিক মডিউল ইতিমধ্যে উপলভ্য কৰা হৈছে।
তেখেতে সদৰী কৰে সমৰ্থ প’ৰ্টেল ব্যৱহাৰ কৰাৰ বাবে কোনোধৰণৰ খৰচৰ প্ৰয়োজন নাই। প্ৰতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নিজৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ দি ইয়াৰ কাম-কাজসমূহ পৰিচালনা কৰিব পাৰে।
এই প’ৰ্টেলত মেধা ছাত্ৰ-ছাত্ৰীৰ তালিকাৰ লগতে ৰোল নম্বৰ সৃষ্টি, এডমিট কাৰ্ড জাৰিকৰণৰ লগতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ন আৰু একাডেমিক বেংক অৱ ক্ৰেডিটৰ বাবে বাধ্যতামূলক পঞ্জীয়ন আদিৰ সুবিধা থকা বুলি প্ৰাঞ্জল প্ৰতিম বৰুৱাই সদৰী কৰে।
“নামভৰ্তিৰ পৰা প্ৰমাণপত্ৰ প্ৰদানলৈকে এই সমগ্ৰ প্ৰক্ৰিয়াটো সংহতভাৱে সম্পূৰ্ণ কৰিব পাৰি,” তেখেতে লগতে কয়।
বিগত শিক্ষাবৰ্ষৰ তুলনাত এইবাৰ সমৰ্থ প’ৰ্টেলৰ ব্যৱহাৰকাৰীৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে বুলিও বৰুৱাই ব্যক্ত কৰে। তদুপৰি একাংশ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানেও চলিত শিক্ষাবৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়াত এই পদক্ষেপক আগস্থান দিছে বুলি তেখেতে কয়।
“সমৰ্থ প’ৰ্টেলৰ তথ্যৰ আধাৰত আমি ক’ব পাৰোঁ যে ১ জুলাইলৈকে নামভৰ্তি কৰা মুঠ শিক্ষাৰ্থীৰ ৬৯%-ই ‘ফী ৱেইভাৰ’ অৰ্থাৎ বিনামূলীয়া নামভৰ্তি/মাচুল ৰেহাইৰ বাবে যোগ্যতা অৰ্জন কৰিছে। তদুপৰি এই প’ৰ্টেলৰ পৰা লাভ কৰা বাস্তৱ সময়ৰ তথ্যৰ সুবিধাৰ দিশটো আমি দেখিবলৈ পাইছোঁ। যাৰ জৰিয়তে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ ১০ জুলাইত ‘প্ৰজ্ঞান ভাৰতী’ৰ হিতাধিকাৰীসকলৰ বাবে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহক পুঁজি যোগান ধৰিবলৈ সক্ষম হৈছে,” প্ৰাঞ্জল প্ৰতিম বৰুৱাই প্ৰতিৱেদকক কয়।