ধোদৰ ভাও ধৰা সকলৰ দ্বাৰা গোলাঘাটৰ কমাৰ গাঁৱৰ পৰা নামৰূপৰ জয়পুৰলৈ আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত বন্ধা ধোদৰ আলিৰ এক স্বকীয় বৈশিষ্ট্য আছে৷ যোৰহাট ৰেল’ৱে ষ্টেছনৰ পৰা প্ৰায় ৪০ কিল’মিটাৰ পূবে আমগুৰিৰপৰা এই ঐতিহাসিক ধোদৰ আলিৰে আমি উপস্থিত হ’লোগৈ বৰাহী বাৰী, মাউত গাঁৱত৷ ধোদৰ আলিৰ আশে-পাশে আমগুৰি আৰু নামতিৰ এই স্থান সমূহত যথেষ্ট অগৰু গছ (বৈজ্ঞানিক নামঃ একুৱিলেৰিয়া মালাচেনেছিছ্ Aquilaria malaccensis) দেখা পোৱা যায়৷ এই অগৰু বা সাঁচিগছৰ ছালৰপৰা প্ৰস্তুত কৰা পাততেই অসমৰ পুৰণি সাহিত্যৰো সৃষ্টি হৈছিল৷ এই অঞ্চলটোৰ বাসিন্দাসকলক অগৰু গছে বহুসময়ত আৰ্থিকভাৱে সহায় কৰিছে৷
নাজিৰা কৃষিখণ্ডৰ অন্তৰ্গত মাউত গাঁৱৰ বাসিন্দা নৃপেন তামুলীয়ে এখন অগৰু গছৰ বাৰী পাতিছে৷ এই প্ৰতিৱেদক তামুলীৰ ঘৰত উপস্থিত হওঁতে তেখেত ব্যস্ত আছিল বাৰীখনত বন চিকুনাই থকাত৷ প্ৰায় চাৰি বিঘা মাটিৰ বাৰীখনত সোমাই যাওঁতেই নৃপেন তামুলীৰ কৰ্মস্পৃহাৰ উমান পোৱা যায়৷ শাৰী শাৰীকৈ লগোৱা অগৰু গছৰ তলত তামুলৰ পুলি পচাইছে তামুলীয়ে৷ মাজে মাজে আকৌ ভূত জলকীয়া, টেঙা, হালধী, তিয়ঁহ, লাও, কল আদিও লগাইছে৷
২০০৩-০৪ চন মানৰ কথা বিয়াৰ কথা-বতৰা চলি আছিল তামুলীৰ, তেতিয়াই তেওঁৰ ব্ৰেইন টিউমাৰ ধৰা পৰে৷ তামুলীয়ে এই প্ৰতিৱেদকক কয়, “সেই সময়ত ঘৰতে থকা কেইজোপামান অগৰু গছ বিক্ৰী কৰিয়েই মই টিউমাৰৰ অস্ত্ৰোপচাৰ আৰু সম্পূৰ্ণ চিকিৎসা ব্যয় বহন কৰোঁ৷ তেতিয়াই মনলৈ ধাৰণা আহিছিল যে এই অগৰু গছে আমাক জীৱন যাপন কৰিবলৈ সুবিধা কৰি দিব পাৰে৷”
নৃপেন তামুলীয়ে কয়, “পূৰ্বতে মোৰ এই বাৰীত সৰু এখন চাহ বাগিচা আছিল৷ চাহৰ খেতিত ব্যৱস্থাপনাৰ বাবে যথেষ্ট খৰচ হয়৷ সময়ে সময়ে ঔষধ আদি দিয়া, কলম কৰা আদি কামত দেহৰো যথেষ্ট কষ্ট হয়৷ তাৰোপৰি বজাৰত ক্ষুদ্ৰ চাহখেতিৰ কেঁচা পাতৰ মূল্য যথেষ্ট কম হোৱাৰ বাবে এই খেতিৰ প্ৰতি মোহ কমি আহিল৷ তেতিয়াই মই সাঁচিগছৰ বাৰী পতাৰ ১০ বছৰীয়া পুৰণি চিন্তাটোক বাস্তৱত ৰূপ দিবলৈ আৰম্ভ কৰোঁ৷” ২০১৬ চনত তামুলীয়ে সৰুকৈ অগৰুৰ বাৰী এখন আৰম্ভ কৰে৷ পত্নী মৃনালী তামুলীয়ে (যোৱা ২৬ আগষ্টত তেখেতে ইহলীলা সম্বৰণ কৰে) তেখেতক সহায় কৰাৰ বিষয়ে উল্লেখ কৰি কয়, “পত্নীয়ে মোক সকলো দিশতে যথেষ্ট সহায় কৰিছে৷ তেওঁৰ বাবেহে এই বাৰীখনত মই মোৰ সৰ্বস্ব দিব পাৰিছোঁ৷”
তেখেতে কয়, “এই বাৰীখনে মোক জীৱিকাৰ পথ দেখুৱাইছে৷ ২০১৯ চনত ক’ভিডৰ লকডাউনৰ সময়ত বাৰীতে সময় পাৰ কৰিবলৈ সুবিধা পাওঁ৷ তেতিয়াই প্ৰথমে মই অগৰু গছৰ তলে তলে ভূত জলকীয়াৰ পুলি লগাওঁ৷ এই ভূত জলকীয়া বিক্ৰী কৰি তেতিয়া যথেষ্টখিনি অতিৰিক্ত উপাৰ্জন হয়৷ তেতিয়াৰপৰা মই এই কৃষিবনৰ ধাৰণাটোক প্ৰত্যক্ষভাৱে প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰোঁ৷”
তামুলীয়ে অসম বাৰ্তাৰ সৈতে বাৰ্তালাপত কয়, “এতিয়া মই এই বাৰীৰপৰা জলকীয়াৰ লগতে আন শাক-পাচলি বিক্ৰী কৰিয়েই দৈনিক খৰচ উলিয়াই ল’ব পাৰিছোঁ৷ বেছি টকাৰ প্ৰয়োজন হ’লে দুই এজোপা অগৰু বিক্ৰী কৰোঁ৷”
সাধাৰণতে গ্ৰীষ্ম কালত অগৰু গছৰ ফুল ফুলি, ফল ধৰে৷ পৈনত ফলৰপৰা গুটিবোৰ সংগ্ৰহ কৰি ভেটি আকাৰৰ মাটিত অলপ ঢাক খোৱাকৈ ৰুব লাগে৷ এনেকৈ গুটিবোৰ ৰোৱাৰ ১৫-২০ দিনৰ পিছত গজালি ওলাই আৰু পাছত পুলিবোৰ স্থানান্তৰিত কৰা হয়৷ অগৰুৰ তলত বন চিকুনাই পৰিষ্কাৰ কৰি ৰখা হয়৷ অগৰুৰ গছ পূৰঠ হোৱাৰ পাছত তাত এবিধ পোকে ধৰে৷ এমব্ৰ’ছিয়া বিটল নামৰ এই পোকবোৰ হৈছে এমব্ৰ’ছিয়া ভেঁকুৰৰ সহজীৱি৷ এই ভেঁকুৰেই সাঁচিগছৰপৰা ওলোৱা সুগন্ধিৰ মূল উৎস৷ ইয়াৰ বাবে এই কাঠৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি কিল’গ্ৰামত লক্ষাধিক টকা পৰ্যন্ত হৈ পৰে৷
তামুলীয়ে কয়, ‘‘এই অঞ্চলৰ পৰিৱেশৰ বাবে হয়তো ইয়াত সাঁচিগছত সহজে পোক লাগে৷ অৱশ্যে মূল বাৰীৰ পৰা অলপ আঁতৰত থকা গছসমূহত আমি ফুটা কৰি দিওঁ যাতে পোক লাগিবলৈ সুবিধা হয়৷”
সেই অঞ্চলৰে আন এগৰাকী বাসিন্দা সুৰেন তামুলীয়ে যোৱা মাহত সাত জোপা অগৰু গছ বিক্ৰী কৰিছে প্ৰায় ১৬ লাখ টকাত৷ তেখেতে কয়, “সাঁচিগছৰ খেতি সঠিকভাৱে কৰিলে যথেষ্ট উপাৰ্জন কৰিব পৰা যায়৷” নৃপেন তামুলীয়ে উক্ত অঞ্চলৰ সকলোকে সাঁচিগছৰ লগতে অন্যান্য আনুষংগিক খেতি কৰাৰ বাবে উৎসাহিত কৰিছে বুলি উল্লেখ কৰি তেওঁ কয়, “মোক টেঙা পুলি, জলকীয়া পুলি আদি যোগান ধৰি বাৰীত লগাবলৈ তামুলীয়ে সহায় কৰি দিছে৷”
অগৰু গছৰ বাৰীতে নিৰ্ভৰ কৰি থকা এই অঞ্চলৰ আন এগৰাকী ব্যক্তি ৰত্নেশ্বৰ তামুলীকো নৃপেন তামুলীয়ে দিহা পৰামৰ্শ আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰে৷ তেখেতে কয়, “এই ব্যৱস্থাৰে খেতি কৰিলে অগৰু পূৰঠ হোৱালৈ ঘৰৰ খৰচ এনে খেতিৰ পৰা পূৰণ হৈ গৈ থাকে৷”
নৃপেন তামুলীৰ বাৰীত এতিয়া প্ৰায় ৩০০ জোপামান তামোল গছ থকাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “যিহেতু অসমত তামোলৰ চাহিদা যথেষ্ট বেছি সেয়ে গছত তামোল ধৰাৰ পাছত মই অতিৰিক্ত যথেষ্ট উপাৰ্জন কৰিব পাৰিম বুলি আশা কৰিছোঁ৷”
শেহতীয়াকৈ অসম চৰকাৰে আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনে কৃষিবনক অসমক জনপ্ৰিয় কৰি তুলিব পাৰিব বুলি উল্লেখ কৰি তামুলীয়ে কয়, “এয়া চৰকাৰৰ এটা সুন্দৰ পদক্ষেপ৷
অসমত অগৰু গছৰ লগতে অন্যান্য বিভিন্ন প্ৰজাতিৰ ব্যৱসায়িক সম্ভাৱনা থকা গছ আছে৷ এনে ব্যৱস্থাই প্ৰকৃতিৰ সুৰক্ষা কৰাৰ লগতে অসমবাসীকো আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিব পাৰিব৷” তেওঁ লগতে কয়, ‘‘আমি অগৰু পৰোক্ষভাৱে বিক্ৰী কৰিবলগীয়া হোৱাৰ বাবে প্ৰকৃত মূল্যৰপৰা বঞ্চিত হওঁ৷ ধান ক্ৰয়ৰ দৰে কৃষিবনৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বা বিপণনৰ বাবে কৃষকক পোনপটীয়া বজাৰখনৰ সৈতে সংযুক্ত কৰাই দিয়াৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিব পাৰে৷”