সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰে শেহতীয়াকৈ ২২গৰাকী ব্যক্তিক অসম ৰাজ্যিক অসামৰিক বঁটা-২০২৩ৰে সন্মানিত কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কটাৰিয়া, দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ব্যক্তি বিশেষক অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়।
এই অনুষ্ঠানৰ ভাষণ প্ৰসংগত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যৰ বিষয়ে উল্লেখ কৰি কয় যে বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাহাৰৰ বাবেই অসম স্বকীয় বৈশিষ্ট্যৰে জিলিকি উঠিছে।
তেখেতে ৰাইজক সম্বোধন কৰাৰ সময়ত কয়, “অসম ৰাজ্যিক অসামৰিক বঁটাৰে সন্মানিত হোৱাটো ব্যক্তিগত কৃতিত্ব উদযাপনৰ ঊৰ্ধ্বত। এই সন্মানে অসমৰ চহকী ঐতিহ্য-পৰম্পৰা, ইয়াৰ জনসাধাৰণ তথা জাতিটোৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ অতুলনীয় অৱদান আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰে।”
জগদীপ ধনখড়ে সদৰী কৰে যে ‘উত্তৰ-পূর্বাঞ্চলৰ প্ৰৱেশদ্বাৰ’ বুলি জনাজাত অসম হৈছে মনোমোহা প্ৰকৃতি আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ ৰাজ্য। তেখেতে ইতিহাসপ্ৰসিদ্ধ অসমৰ প্ৰশংসা কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়, “ইয়াৰ উৰ্বৰ সমভূমি, সেউজীয়া পাহাৰ, আৰু বোৱঁতী নদীয়ে ভাৰতৰ ভিতৰত ৰাজ্যখনক উজলাই তুলিছে।”

“অসম ৰাজ্যিক অসামৰিক বঁটাৰে সন্মানিত হোৱাটো ব্যক্তিগত কৃতিত্ব উদযাপনৰ ঊধ্বৰ্ত ৷ এই সন্মানে অসমৰ চহকী ঐতিহ্য- পৰম্পৰা, ইয়াৰ জনসাধাৰণ তথা জাতিটোৰ প্ৰগতিৰ ক্ষেত্ৰত তে ওঁলোকৰ অতুলনীয় অৱদান আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফ লিত কৰে”
জগদীপ ধনখড় [উপ-ৰাষ্ট্ৰ পতি, ভৰত]
অসম নামৰ এই সত্তাটোৱে সকলোকে অনুপ্ৰাণিত কৰি যোৱাৰ লগতে এই বঁটাসমূহে ভৱিষ্যৎ প্ৰজন্মৰ বাবে আশা আৰু উৎসাহ হিচাপে কাম কৰিব বুলিও তেখেতে ব্যক্ত কৰে।
ভাষণ প্ৰসংগত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে। তেখেতে কয়, “মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰগতিক ৰাষ্ট্ৰীয় মঞ্চত স্থান দিছে।”
তেখেতে লগতে কয়, “কেৱল সাহসী হোৱাটোৱেই গুৰুত্বপূৰ্ণ নহয়। যুক্তিসংগত দৃষ্টিভংগী, প্ৰতিশ্ৰুতি আৰু কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত সাহসী হোৱাটোহে গুৰুত্বপূৰ্ণ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই গুণবোৰক সঠিক ৰূপত ৰূপায়ণ কৰাৰ বাবেই যে অসম আজি দেশৰ এখন অগ্ৰণী ৰাজ্য হোৱাৰ সঠিক দিশত যে ক্ৰমান্বয়ে আগবাঢ়ি গৈছে, এইক্ষেত্ৰত মোৰ সন্দেহ নাই।”
অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ উপ-ৰাষ্ট্ৰপতি আৰু অসমৰ ৰাজ্যপালৰ সৈতে বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদান কৰি সৌভাগ্য অনুভৱ কৰে বুলি মন্তব্য কৰে৷ বঁটাপ্ৰাপকসকলক অভিনন্দন জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “আপোনালোকে আগবঢ়োৱা সেৱা আৰু কৃতিত্বক লৈ অসমে গৌৰৱ অনুভৱ কৰিছে। আপোনালোকেই জাতিটোৰ নায়ক আৰু সদায় এনেদৰেই জিলিকি থাকিব।”
২০২১ চনৰ ছেপ্টেম্বৰত অসম কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ৰাজ্য চৰকাৰে প্ৰদান কৰা এই বঁটাত আইন, শিল্প আৰু সংস্কৃতি, ক্ৰীড়া, সমাজ সেৱা, স্বাস্থ্য সেৱা, শিক্ষা, উদ্যমিতা, উদ্যোগ, কৃষি, পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ আদি শিতানসমূহ সামৰি লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কেবিনেটে অনুমোদন জনোৱা এখন বিশেষজ্ঞ সমিতিৰদ্বাৰা পৰিচালিত এই বঁটাসমূহে উৎকৃষ্টতাৰ প্ৰতি সন্মান জনোৱাৰ স্বাক্ষৰ বহন কৰিছে।
বঁটাপ্ৰাপকসকলক পদক, প্ৰশস্তি পত্ৰ, আৰ্থিক অনুদান আদি প্ৰদান কৰাৰ লগতে বিশেষ সুবিধাও প্ৰদান কৰা হয়। এই বিশেষ সুবিধাৰ ভিতৰত অত্যাৱশ্যকীয় চিকিৎসা সেৱা প্ৰদানৰ লগতে অতিথিশালা, আৱৰ্ত ভৱন আদিত বিনামূলীয়াকৈ থকাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত কৰা হৈছে।
ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অসম বৈভৱ বঁটা প্ৰদান কৰাৰ লগতে ড° কিশন চন্দ নৌৰিয়াল, এলভিছ আলী হাজৰিকা, হিমা দাস আৰু নাদিৰাম দেউৰীক অসম সৌৰভ বঁটা প্ৰদান কৰা হয়। অসম গৌৰৱ বঁটা প্ৰদান কৰা ১৭গৰাকী ব্যক্তি হ’ল- ৰঞ্জিত কুমাৰ গগৈ, পাৰ্বতী বৰুৱা, দেৱজিৎ চাংমাই, দ্ৰোণ ভূঞা, নীলম দত্ত, অনুপম ডেকা, সৌম্যদ্বীপ দত্ত, বসন্ত চিৰিং ফুকন, মানেন্দ্ৰ ডেকা, মীনাক্ষী চেতিয়া, পখিলা লেকথেপি, টেনজিং বডোছা, নিৰ্মল দে’, জেচিং কুম্বাং পাৱ, মেৰী হাছাঁ, উপেন্দ্ৰ ৰাভা আৰু ৰাহুল গুপ্তা।