ক’ভিড অতিমাৰীৰ কালছোৱাত আন আন আশা কৰ্মীসকলৰ দৰেই শীলা গোৱালাই নিজকে ৰাইজৰ সেৱাত ব্ৰতী ৰখাৰ সময়ত এক বিশেষ পৰিস্থিতিৰ মুখামুখি হ’ল৷ সেই সময়তেই তেওঁ লগ পালে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা এগৰাকী কিশোৰী আৰু তাইৰ মানসিকভাৱে বাধাগ্ৰস্ত মাতৃক৷ কিশোৰীগৰাকীৰ কথা জানিব পাৰি শীলা গোৱালাই তাইক আৰু তাইৰ মাতৃক নিজৰ ঘৰতে আশ্ৰয় দিলে আৰু তেওঁলোকৰ দায়িত্ব কান্ধ পাতি ল’লে৷ গোৱালাই চুবুৰীয়া, আত্মীয় আৰু সহকৰ্মীসকলৰ পৰাও সহযোগ লাভ কৰিলে৷ কেইমাহমান পাছত কিশোৰীগৰাকীয়ে এটি দেৱশিশুৰ জন্ম দিয়ে৷ এয়া যেন হৈ পৰিল শীলাৰ বাবে এখন সৰগ সৰগ লগা পৃথিৱী৷
নিজৰ কৰ্মজীৱনৰ সকলো অভিজ্ঞতাৰ সদ্ব্যৱহাৰ কৰি শীলা গোৱালাই কণমানিটি আৰু মাকৰ স্বাস্থ্য সবল কৰি তুলিলে৷ অৱশ্যে কিশোৰীগৰাকীৰ মাকৰ বাবে যথেষ্ট প্ৰত্যাহ্বানৰো মুখামুখি হ’ল৷ শীলাৰ এই নিস্বাৰ্থ সেৱা সকলোৰে অগোচৰে ৰ’ল৷
অসম চৰকাৰে শীলাৰ এই মহানুভৱতাক সন্মান জনাই তেখেতক ‘অসম গৌৰৱ’ৰূপে বিভূষিত কৰে৷ জবকা চাহ বাগিচা অঞ্চলত আশাকৰ্মী হিচাপে কাম কৰা মিতভাষী শীলাই কয়, “মই ২০০৬ চনৰ পৰা এগৰাকী আশা কৰ্মীৰূপে কৰ্মৰত৷ মই বিভিন্ন সময়ত বিভিন্ন লোকক লগ পোৱাৰ লগতে বিভিন্ন অভিজ্ঞতাৰ সাক্ষী হৈছোঁ৷ অৱশ্যে, ক’ভিডৰ সময়ছোৱাৰ প্ৰত্যাহ্বান সকলোৰে বাবে এক ব্যতিক্ৰমী অধ্যায় আছিল৷ মই ১৩ বছৰ বয়সীয়া সেই কিশোৰীগৰাকীৰ গৰ্ভাকালৰ যতন লৈছিলোঁ৷ তাইৰ প্ৰসৱোত্তৰ পৰ্যায়তো পৃথক প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল৷ কিন্তু চিকিৎসা বিধিৰ পৰিধিত আমি সেই প্ৰত্যাহ্বান জয় কৰিলোঁ৷ সেই সময়ত মোক সহায় কৰাৰ বাবে মোৰ আত্মীয়, চুবুৰীয়া আৰু স্বাস্থ্য সহকৰ্মীসকলক ধন্যবাদ জনাইছোঁ৷ মাতৃ আৰু তেওঁৰ সন্তান এতিয়া কুশলে আছে৷ মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ৷”
“মই ২০০৬ চনৰ পৰা এগৰাকী আশা কৰ্মীৰূপে কৰ্মৰত৷ মই বিভিন্ন সময়ত বিভিন্ন লোকক লগ পোৱাৰ লগতে বিভিন্ন অভিজ্ঞতাৰ সাক্ষী হৈছোঁ৷ অৱশ্যে, ক’ভিডৰ সময়ছোৱাৰ প্ৰত্যাহ্বান সকলোৰে বাবে এক ব্যতিক্ৰমী অধ্যায় আছিল৷ মই ১৩ বছৰ বয়সীয়া সেই কিশোৰীগৰাকীৰ গৰ্ভাকালৰ যতন লৈছিলোঁ…”
শীলা গোৱালা (অসম গৌৰৱ)
যোৱা ৪ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰে আগবঢ়োৱা ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম বৈভৱ’ৰ ঘোষণা কৰে৷ এইবাৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান প্ৰদান কৰা হয় মুম্বাইত চিকিৎসা সেৱাত ব্ৰতী চিকিৎসক ডাঃ তপন শইকীয়াক৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২২ বৰ্ষৰ ‘অসম সৌৰভ’ আৰু ‘অসম গৌৰৱ’ সন্মানৰ বাবে নিৰ্বাচিত ২১গৰাকী ব্যক্তিৰ নাম ঘোষণা কৰে৷ অসম চৰকাৰে প্ৰতিবছৰে এই অসামৰিক সন্মান বিভিন্নজনলৈ আগবঢ়াই আহিছে৷
এই বছৰ পাঁচগৰাকী ব্যক্তিলৈ ‘অসম সৌৰভ’ সন্মান আগবঢ়োৱা হৈছে- কৃষ্ণ ৰয় (কলা আৰু সংস্কৃতি- ভ্ৰাম্যমাণ থিয়েটাৰ), গিলবাৰ্টছন চাংমা (ক্ৰীড়া- ফুটবল), নয়নমণি শইকীয়া (ক্ৰীড়া- লনবল), ড॰ বিনয় কুমাৰ শইকীয়া (বিজ্ঞান) আৰু ডাঃ শশীধৰ ফুকন (স্বাস্থ্য আৰু জনসেৱা)৷
আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক, প্ৰযোজক তথা প্ৰতিষ্ঠিত নাট্যকৰ্মী কৃষ্ণ ৰয়ে অসম বাৰ্তাক জনায়, “এই বঁটাৰ বাবে মোক যোগ্য বুলি ভাবি নিৰ্বাচিত কৰাৰ বাবে চৰকাৰখনৰ লগতে অসমবাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ৷ এগৰাকী বঁটাপ্ৰাপক হিচাপে ৰাইজৰ প্ৰতি মোৰ কামৰ দায়িত্ব বাঢ়িল৷ মোৰ ওপৰত বিশ্বাস ৰখাৰ বাবে বজালীবাসী আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত প্ৰতিগৰাকী কলা-কুশলীক ধন্যবাদ জনালোঁ৷ অনাগত দিনত শ্ৰদ্ধা আৰু নিষ্ঠাসহকাৰে মই ৰাইজ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে কাম কৰি যাম৷”
এই বছৰ ‘অসম গৌৰৱ’ সন্মানৰ বাবে মুঠ ১৫গৰাকী ব্যক্তি নিৰ্বাচিত কৰা হৈছে- ধৃতিমালা ডেকা, দেৱজিৎ বৰ্মন, ৰুস্তম বসুমতাৰী, মাঞ্জে লা, বিনন্দ হাতীবৰুৱা, অতুল চন্দ্ৰ বৰুৱা, কল্যাণী ৰাজবংশী, শীলা গোৱালা, ড°যোগেশ দেউৰী, ড° পংকজ লাল গগৈ, সৰ্বেশ্বৰ বসুমতাৰী, মানথাং মাৰ, ড° ধ্ৰুৱজ্যোতি শৰ্মা, দয়াল গোস্বামী আৰু ডাঃ ছৈয়দ ইফতিকাৰ আহমেদ৷
‘অসম বৈভৱ’ সন্মানত প্ৰদান কৰা নগদ ৫ লাখ টকাৰ লগতে সন্মানপ্ৰাপকগৰাকীৰ সম্পূৰ্ণ জীৱনৰ চিকিৎসা ব্যয় চৰকাৰে বহন কৰিব৷ ‘অসম বৈভৱ’ স্মাৰকটিত হোলোং গছ (ডিপ্টেৰ’কাৰ্পাছ ৰেটাছাছ)ৰ এখিলা পাতৰ আৰ্হিত জাপিৰ এক প্ৰতিচ্ছবিৰ লগতে, অসমীয়া লিপিত ‘অসম বৈভৱ’ শব্দটো খোদিত কৰা হৈছে৷ ‘অসম সৌৰভ’ সন্মানপ্ৰাপকসকললৈ নগদ ৪ লাখ টকা আৰু আনহাতে ‘অসম গৌৰৱ’সকললৈ আগবঢ়োৱা হৈছে ৩ লাখ টকা৷