প্ৰায় ছবছৰৰ পূৰ্বৰ কথা। গৰ্ভৱতী পূৰ্ণিমা (নাম সলনি কৰা হৈছে) শিৱসাগৰৰ ডিমৌৰ এখন বানপীড়িত গাঁৱৰ বাসিন্দা। গৰ্ভাৱস্থাত এদিন হঠাতে পূৰ্ণিমা অসুস্থ হৈ পৰাৰ ফলত অদ্ভুত আচৰণ কৰিবলৈ ধৰিলে। পূৰ্ণিমাৰ এই আচৰণৰ বাবে পৰিয়ালৰ বহু সদস্য তথা ওচৰ-চুবুৰীয়াই তেখেতক ডাইনীয়ে আক্ৰমণ কৰা বুলি ধাৰণা কৰিছিল। এই অন্ধবিশ্বাসৰ বলি হৈ পূৰ্ণিমাক সকলোৱে একাষৰীয়া কৰাৰ লগতে মৃত্যুৰ মুখলৈ ঠেলি দিছিল। কিন্তু সেই সময়তেই পূৰ্ণিমাৰ কাষত থিয় হৈছিল এগৰাকী বিশেষ মহিলা।
পূৰ্ণিমাৰ এই পৰিস্থিতিৰ বিষয়ে খবৰ পোৱাৰ মাত্ৰকে ডিমৌ খণ্ডৰ অধীনৰ আশাকৰ্মী মীনাক্ষী চেতিয়াই এখন নাৱৰ ব্যৱস্থা কৰি প্ৰবল বানৰ মাজতো পূৰ্ণিমাৰ ঘৰলৈ ৰাওনা হয়।
“মই পূৰ্ণিমাৰ ঘৰত উপস্থিত হোৱাৰ লগে লগেই তেখেতৰ ৰক্তচাপ পৰীক্ষা কৰিছিলোঁ। উচ্চ ৰক্তচাপৰ ফলত পূৰ্ণিমাই কৰা এই আচৰণক পৰিয়ালৰ আন সদস্য আৰু চুবুৰীয়াই ডাইনীৰদ্বাৰা আক্ৰমণ হোৱা বুলি ভাবিছিল। যাৰ ফলত তেখেতক কোনো এজনেও চিকিৎসালয়লৈ লৈ যোৱাৰ সাহস নকৰিলে,” অসম বাৰ্তাৰ প্ৰতিৱেদকৰ সৈতে হোৱা বাৰ্তালাপত মীনাক্ষীয়ে পুনৰ কয়, “বহু তৎপৰতাৰে মই পূৰ্ণিমাক ডিমৌ চিকিৎসালয়লৈ লৈ গৈছিলোঁ। অৱশ্যে পূৰ্ণিমাৰ জটিল অৱস্থাৰ বাবে পৰৱৰ্তী সময়ত তেখেতক অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ডিব্ৰুগড়)লৈ প্ৰেৰণ কৰা হৈছিল। চিকিৎসাৰ অন্তত পূৰ্ণিমাৰ জীৱন ৰক্ষা পৰিছিল যদিও তেখেতৰ সন্তানৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল। দুবছৰৰ পাছত পূৰ্ণিমাই এটি স্বাস্থ্যৱান সন্তান জন্ম দিয়ে।”
পূৰ্ণিমাৰ দৰে আন বহু মহিলাৰ সাহস মীনাক্ষী বাইদেউ। এনে বহু কাহিনীৰ উদাহৰণ আমাৰ সমাজত এতিয়াও আছে। প্ৰশংসনীয় যে তেখেতে গৰ্ভৱতী মহিলাসকলৰ প্ৰতিষ্ঠানগত তত্ত্বাৱধানত প্ৰসৱ নিশ্চিত কৰিবলৈ বাটকুৰি বাই যায়।
মীনাক্ষী চেতিয়াই নীৰৱে সমাজলৈ আগবঢ়োৱা এই অৱদানৰ বাবে অসম চৰকাৰে তেখেতক ২০২৩ বৰ্ষৰ ‘অসম গৌৰৱ’ বঁটাৰে সন্মানিত কৰে।
“তৃণমূল পৰ্যায়ত কৰা কামৰ স্বীকৃতিস্বৰূপে এই বঁটা প্ৰদান কৰা হৈছে। মোক এই সন্মানৰ বাবে যোগ্য বুলি ভাবি নিৰ্বাচিত কৰাৰ বাবে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। এই সন্মানে মোক সমাজৰ বাবে অধিক উদ্যমেৰে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিব,” মীনাক্ষী চেতিয়াই অসম বাৰ্তাৰ প্ৰতিৱেদকক এনেদৰে কয়।
মীনাক্ষী চেতিয়াৰ দৰে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে অসম চৰকাৰে আন বহুকেইগৰাকী ব্যক্তিক ৰাজ্যিক অসামৰিক বঁটা আগবঢ়াইছে। ইয়াৰ ভিতৰত সৰ্বোচ্চ ৰাজ্যিক অসামৰিক বঁটা ‘অসম বৈভৱ’ প্ৰদান কৰা হয় ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক । ’অসম সৌৰভ’ বঁটা লাভ কৰে ড° কিষাণ চান্দ নৌৰিয়াল (প্ৰত্নতত্ত্ব), এলভিছ আলী হাজৰিকা ( সাঁতোৰবিদ), হিমা দাস (দৌৰবিদ), নাদিৰাম দেউৰী (তিৱা লোকনৃত্যৰ প্ৰচাৰক তথা তিৱা সংস্কৃতিৰ সাধক)।
অসম সৌৰভ বঁটাপ্ৰাপক নাদিৰাম দেউৰীয়ে কয়, “১৯৭৫ চনত জাগীৰোডত এটি কাৰ্যসূচী অনুষ্ঠিত হৈছিল। য’ত কোনো সাংস্কৃতিক দলে অনুষ্ঠান পৰিৱেশন কৰা নাছিল। তেতিয়াই মই মোৰ নিজৰ দল এটা গঠন কৰাৰ সিদ্ধান্ত লৈছিলোঁ আৰু তিৱা সংস্কৃতি-পৰম্পৰাৰ প্ৰচাৰ তথা প্ৰসাৰৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ১৯৭৬ চনত আমাৰ দলটোৱে প্ৰথমবাৰৰ বাবে লতাশিল বিহুতলীত অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। তেতিয়াৰপৰাই আমি বিভিন্ন কাৰ্যসূচীত অনুষ্ঠান পৰিৱেশন কৰি আহিছোঁ।”
চাৰি দশকৰো অধিক কাল এই দিশতেই মনোনিৱেশ কৰা নাদিৰাম দেউৰীয়ে ১৯৯১ চনত তিৱা ব্যাকৰণ গ্ৰন্থ ‘Tiwa Mad Chinjiwa’ ৰচনা কৰে, ১৯৯৫ চনত প্ৰথম তিৱা লোকগীত আৰু আধুনিক গীতৰ অডিঅ’ কেছেট মুকলি কৰে আৰু ২০২২ চনত বৰত তিৱা লোক নৃত্যৰ বিষয়ক এখন পাঠ্যপুথি লিখি উলিয়ায়।
জৈৱিক খেতিৰ কৃষক নীলম দত্তই ‘অসম গৌৰৱ’ বঁটা লাভ কৰাৰ পাছত আনন্দ প্ৰকাশ কৰি কয়, “মোৰ বাবা এগৰাকী চিকিৎসক আছিল। তেখেতে ১৯৭৬ চনতে চাকৰি বাদ দি কৃষিকাৰ্যত জড়িত হৈ পৰিল। বাবাৰ ঐকান্তিক প্ৰচেষ্টাত ‘লক্ষ্মী কৃষি বহুমুখী প্ৰকল্প’ নামেৰে এখন কৃষিপাম খোলা হৈছিল। ২০০১ চনত বাবা ঢুকোৱাৰ পাছত মা আৰু মই পামখন চোৱা-চিতা কৰাৰ দায়িত্ব ল’লোঁ।”
তেখেতে কয় যে ২০০৩ চনত পামখন জৈৱিক কৃষিপামলৈ ৰূপান্তৰ কৰা হৈছিল। তেতিয়াৰপৰাই সম্পূৰ্ণৰূপে জৈৱিক কৃষিকাৰ্যৰ সৈতে জড়িত হৈ থকাৰ কথা তেখেতে ব্যক্ত কৰে।
“২০১৮ চনত এই পামখনে ‘পাভৈ গ্ৰীনছ্’ হিচাপে কোম্পানীৰ স্বীকৃতি লাভ কৰে। পাভৈ গ্ৰীনছে বহু নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপন দিছে। কৃষিকৰ্মক যেতিয়া যুৱপ্ৰজন্মই পেছা হিচাপে ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিব, তেতিয়া ৰাজ্য তথা দেশখনৰ অৰ্থনীতিত এক নতুন বিকাশৰ লহৰ আহিব,” তেখেতে কয়।
প্ৰকৃতিপ্ৰেমী, হাতী আৰু অৰণ্যক সৰ্বশ্ৰেষ্ঠ বন্ধু হিচাপে গণ্য কৰা ভাৰতৰ প্ৰথম মহিলা ফাণ্ডী পাৰ্বতী বৰুৱায়ো ’অসম গৌৰৱ’ সন্মান লাভ কৰি আনন্দ প্ৰকাশ কৰে। উল্লেখযোগ্য যে তেখেতে শেহতীয়াকৈ ‘পদ্মশ্ৰী’ সন্মান লাভ কৰে।
“মোৰ পিতৃ হস্তী বিশেষজ্ঞ প্ৰকৃতিশ চন্দ্ৰ বৰুৱা আছিল মোৰ গুৰু। ১৪ বছৰ বয়সত কচুগাঁৱত হাতী ধৰাৰ প্ৰথম প্ৰচেষ্টা কৰিছিলোঁ। ইয়াৰ পৰৱৰ্তী সময়ত এই বিদ্যাৰ সৈতে জড়িত হৈ পৰিলোঁ,” পাৰ্বতী বৰুৱাই কয়।
তেখেতে লগতে কয়, “ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে উত্তৰ বংগতো এই বিদ্যাৰ প্ৰশিক্ষণ দি আহিছোঁ। ইয়াৰ সমান্তৰালকৈ বিভিন্ন কৰ্মশালা আৰু ছেমিনাৰতো অংশ লৈছোঁ। বিশেষকৈ বেংগলত মোক প্ৰায়েই প্ৰশিক্ষণ দিয়াৰ বাবে আমন্ত্ৰণ কৰে। এই বিদ্যাৰ আদৰ হোৱা উচিত।”