ঘৰৰপৰা শাৰী পৰিধান কৰি অহা বীণাপাণিক কৰ্মস্থলীত দেখা গৈছে অন্য এটা ৰূপত৷ খাকী পোছাকযোৰৰ সৈতে মুখত ফুটি অহা আত্মবিশ্বাসে শোভাবৰ্ধন কৰিছে তেখেতক৷ প্ৰতিদিনে এই আত্মবিশ্বাস, মনোবল, সাহস, কৰ্তব্যনিষ্ঠা, সমৰ্পিত মনোভাবেৰে ১৯৮২ চনৰপৰাই সাধাৰণ জনগণৰ সেৱাত আত্মনিয়োগ কৰি আহিছে বীণাপাণি দাসে৷
“অহা বছৰ মই কৰ্মজীৱনৰপৰা আনুষ্ঠানিকভাৱে অৱসৰ ল’ম৷ বিবাহৰ পূৰ্বৰেপৰা মই আৰক্ষী সেৱাৰ সৈতে জড়িত হৈছোঁ৷ কনিষ্টবল হিচাপে পেছাগত জীৱনৰ সমান্তৰালকৈ সাংসাৰিক জীৱনৰো দায়িত্ব সমভাৱে পালন কৰিছোঁ৷ তিনিজনীকৈ ছোৱালীক বিয়া দিলোঁ৷ অৱসৰৰ পাছত বাকী সময়খিনি পৰিয়ালৰ সৈতে কটাম বুলি ভাবিছোঁ,” দাসে কয়৷
২০২২ বৰ্ষত অনুষ্কা শৰ্মা (২৭)ই পাণবজাৰস্থিত সমূহ মহিলা আৰক্ষী থানাত যোগদান কৰি তেখেতৰ চাকৰি জীৱনৰ আৰম্ভ কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা অনুষ্কাই কয়, “মহিলা আৰক্ষী থানাত যোগদান কৰি মই পেছাগত জীৱনৰ আৰম্ভ কৰোঁ৷ যিকোনো মুহূৰ্ততে আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়৷ কঠিন সময়ত উচিত সিদ্ধান্ত গ্ৰহণৰ বাবে মই মোৰ বৰ্তমানৰ কৰ্মজীৱন আৰু জ্যেষ্ঠসকলৰপৰা বহু কথা শিকিছোঁ৷”
২০২২ চনৰ ডিচেম্বৰ মাহৰপৰা মহিলা আৰক্ষী থানাখনৰ উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত এটি ডেৰ বছৰীয়া সন্তানৰ মাতৃ বৰ্ণালী গোহাঁয়ে (২৯) ২০১৭ চনৰপৰা আৰক্ষী সেৱাৰ সৈতে জড়িত হৈ আহিছে৷
“পুৱা কৰ্মস্থলীলৈ অহাৰ আগতে ল’ৰাটিৰ বাবে খোৱা-লোৱা আদিৰ সকলো ব্যৱস্থা কৰি থৈ আহোঁ৷ মাজে মাজে মোক বিচাৰি সি কান্দে৷ আইতাক থকাৰ বাবে কিছু সকাহ হৈছে৷ কৰ্মসূত্ৰে স্বামী গোলাঘাটত থাকে৷ গতিকে কেতিয়াবাহে আমি আটাইকেইগৰাকীয়ে একেলগে সময় কটাবলৈ সুযোগ পাওঁ,” বৰ্ণালীয়ে কয়৷
বিবাহসূত্ৰে বৰ্তমান চাংসাৰিৰ নিবাসী কনিষ্টবল ৰৌনক বৰভূঞা (৩৩)ই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে ২০০৯ চনত চাকৰিত যোগদান কৰে৷ পঢ়াৰ প্ৰতি প্ৰবল আগ্ৰহ থকাৰ হেতুকে কৰ্মব্যস্ততাৰ মাজতো দূৰ শিক্ষা গ্ৰহণ কৰি তেখেতে স্নাতক ডিগ্ৰী লাভ কৰে৷ ৯ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ বৰভূঞাই দৈনন্দিন চাংসাৰিৰপৰাই তেখেতৰ কৰ্মক্ষেত্ৰ পাণবজাৰলৈ অহা-যোৱা কৰে৷
“পৈতৃক আৰু স্বামী গৃহ শিলচৰত হোৱা হেতুকে বছৰত এবাৰ বা দুবাৰহে ঘৰলৈ যোৱাৰ সুযোগ পাওঁ৷ ল’ৰাটোক সময় দিব নোৱৰাৰ বাবে কেতিয়াবা আপত্তি কৰে৷ স্বামীও একেই পেছাৰ সৈতে জড়িত হোৱাৰ বাবে দুয়ো দুয়োৰে সহযোদ্ধা হৈ আগুৱাই গৈছোঁ৷ আৰক্ষীৰ খাকী পোছাকযোৰ পিন্ধাৰ পাছত আমি অন্য এখন জগতলৈ উভতি যাওঁ৷ আমি মানুহক দেখুৱাই চকুপানী টুকিব নোৱাৰোঁ৷ যিমানেই কঠিন পৰিস্থিতি বা ঘটনাৰ সন্মুখীন নহওঁ কিয়, আমি আমাৰ আৱেগ সামৰি নিৰপেক্ষভাৱে সকলো সমাধান কৰিবলৈ চেষ্টা কৰোঁ,” বৰভূঞাই কয়৷
৫ মহীয়া অন্তঃসত্ত্বা অনিতা পাটৰ (৩০) বিবাহসূত্ৰে মিৰ্জা নিবাসী৷ আৰম্ভণিতে মিৰ্জাৰপৰাই কৰ্মস্থলীলৈ অহা-যোৱা কৰিছিল যদিও বৰ্তমান তেওঁ কামাখ্যা গেটৰপৰাই অহা-যোৱা কৰে৷ অনিতাই বিভিন্ন ঘৰুৱা কাম কৰি নিজৰ উপাৰ্জনেৰে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত আৰক্ষী সেৱাৰ সৈতে জড়িত হৈ নিৰস্ত্ৰ বাহিনীত পেছাগত জীৱন আৰম্ভ কৰে৷
“সৰুৰেপৰাই কঠিন সময় পাৰ কৰি আহিছোঁ৷ গতিকে মনটো দৃঢ় কৰি সময়সাপেক্ষ সিদ্ধান্ত ল’বলৈ জীৱনৰ অভিজ্ঞতাৰপৰাই শিকিছোঁ,” অনিতাই কয়৷
একেখন আৰক্ষী থানাতে কৰ্মৰত কনিষ্টবল সবিতা গোৱালা, শেলী চোৰেই আৰু এটি এমহীয়া সন্তানৰ মাতৃ উপ-পৰিদৰ্শক এম থাদৈ সিনহাৰ বাবে জনসাধাৰণৰ বিশ্বাস আৰু আস্থাই তেওঁলোকৰ অন্যতম মূল সাহস৷
১৯৯২ চনতে প্ৰশিক্ষণপ্ৰাপ্ত বুলবুলি দাসে ২০১৪ চনত পাণবজাৰ মহিলা আৰক্ষী থানাত গাৰ্ড হিচাপে যোগদান কৰে৷ তিনিজনী ছোৱালী আৰু দুজন পুত্ৰ সন্তানৰ মাতৃ বুলবুলিয়ে কয়, “প্ৰথম অৱস্থাত কৰ্মজীৱনৰ বাবে পৰিয়ালৰপৰা সমৰ্থন লাভ কৰা নাছিলোঁ৷ নিজৰ মনোবলেৰে আগবাঢ়ি আহি জনসাধাৰণৰ সেৱাত নিজকে সমৰ্পিত কৰি মই সুখী৷ সহকৰ্মীসকলেই মোৰ বাবে সাহস৷”
২০২১ চনৰ ডিচেম্বৰ মাহত পাণবজাৰস্থিত সমূহ মহিলা আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰা টুইংকল গোস্বামী (৩৭)য়ে ২০০৮ চনত উপ-পৰিদৰ্শক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে৷ তেওঁ অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “আমি একেটা পৰিয়ালৰে সদস্য৷ দিনটোৰ প্ৰতি মুহূৰ্ততে আমি যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিব লাগে৷ থানাৰ সকলোৱে একগোট হৈ কাম কৰি আছোঁ৷ আগতে আমি প্ৰায়ভাগেই পুৰুষ-মহিলা উভয় পক্ষৰ বাবে কাম কৰিছিলোঁ৷ এতিয়া আমি কন্যা শিশু বা মহিলাৰ সমস্যা বা গোচৰৰ বাবে দায়বদ্ধ৷ ধৰ্ষণ, বাল্য বিবাহ, সামাজিক মাধ্যমকে ধৰি মহিলাৰ সৈতে জড়িত বিভিন্ন গোচৰ আহে৷ এইক্ষেত্ৰত থানাত কৰ্মৰত প্ৰতিগৰাকীয়ে নিজৰ দায়িত্ব গুৰুত্বসহকাৰে পালন কৰি আহিছে৷”
যোৰহাট, দৰং, কামৰূপ (গ্ৰাম্য) আদি কেইবাখনো জিলাত আৰক্ষী সেৱাৰ সৈতে জড়িত হৈ বিভিন্ন অভিজ্ঞতা অৰ্জন কৰা গোস্বামীয়ে কয়, “আমাৰ বাবে দিন-ৰাতি সকলো সমান৷ মানুহখিনিৰ মৰম-ভালপোৱা, শ্ৰদ্ধাৰ বাবেই আমি তেওঁলোকৰ ওচৰত সদায় দায়বদ্ধ৷”

উল্লেখযোগ্য যে শেহতীয়াকৈ ভাৰত চৰকাৰৰ ব্যুৰ’ অফ পুলিচ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট (বিপিআৰডি) ২০২২ৰ ৰেংকিঙত অসমৰ ভিতৰত শ্ৰেষ্ঠ আৰক্ষী থানাৰ সন্মান লাভ কৰিছে ১৯৯৩ চনৰ ২ অক্টোবৰত স্থাপিত পাণবজাৰৰ সমূহ মহিলা আৰক্ষী থানাই৷