• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Monday, May 12, 2025
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta-English
      • Asom Barta-Assamese
      • Asom Barta-Hindi
    • Last Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • Asom Barta – English
    • Asom Barta – Assamese
    • Asom Barta – Hindi
    • Year – 2024
      • December 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • October 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • September 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • August 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • JULY 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • March 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • February 2024
        • Asom Barta – English
        • Asom barta – Assamese
        • Asom Barta – Hindi
      • January 2024
        • Asom Barta – English
        • Asom barta – Assamese
        • Asom Barta – Hindi
    • Year – 2023
      • December 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • November 2023
        • Asom Barta- English
        • Asom Barta – Assamese
        • Asom barta – Hindi
      • October 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • September 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • August 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • July 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • June 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • May 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • April 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • March 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • February 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta- Hindi
      • January 2023
        • Asom Barta -English
        • Asom Barta – Assamese
        • Asom Barta -Hindi
    • Year – 2022
      • December 2022
        • Asom Barta -English
        • Asom Barta – Assamese
        • Asom Barta -Hindi
      • November 2022
        • Asom Barta -English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • October 2022
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • September 2022
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • August 2022
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • July 2022
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
        • June 2022
          • Asom Barta – English
          • Asom Barta – Assamese
          • Asom Barta – Hindi
      • May 2022
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta-English
      • Asom Barta-Assamese
      • Asom Barta-Hindi
    • Last Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • Asom Barta – English
    • Asom Barta – Assamese
    • Asom Barta – Hindi
    • Year – 2024
      • December 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • October 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • September 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • August 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • JULY 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • March 2024
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • February 2024
        • Asom Barta – English
        • Asom barta – Assamese
        • Asom Barta – Hindi
      • January 2024
        • Asom Barta – English
        • Asom barta – Assamese
        • Asom Barta – Hindi
    • Year – 2023
      • December 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • November 2023
        • Asom Barta- English
        • Asom Barta – Assamese
        • Asom barta – Hindi
      • October 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • September 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • August 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • July 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • June 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • May 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • April 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • March 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • February 2023
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta- Hindi
      • January 2023
        • Asom Barta -English
        • Asom Barta – Assamese
        • Asom Barta -Hindi
    • Year – 2022
      • December 2022
        • Asom Barta -English
        • Asom Barta – Assamese
        • Asom Barta -Hindi
      • November 2022
        • Asom Barta -English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • October 2022
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • September 2022
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • August 2022
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
      • July 2022
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
        • June 2022
          • Asom Barta – English
          • Asom Barta – Assamese
          • Asom Barta – Hindi
      • May 2022
        • Asom Barta – English
        • Asom Barta – Assamese
        • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অসমীয়া বিশেষ নিবন্ধ

সময়ৰ অগ্ৰগতিত… অনিৰুদ্ধ অসম

পৱন কুমাৰ বৰঠাকুৰ, মুখ্য সচিব, অসম

May 11, 2023
in অসমীয়া, বিশেষ নিবন্ধ
0
0
সময়ৰ অগ্ৰগতিত… অনিৰুদ্ধ অসম

অসমৰ উন্নয়নৰ যাত্ৰাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত এক নতুন গতি লাভ কৰিছে৷ ৰাজ্যখনৰ সকলো খণ্ডতে এক ইতিবাচক পৰিৱৰ্তন আৰু প্ৰগতিৰ প্ৰতিচ্ছবি পৰিস্ফুট হৈছে৷

ড॰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিচাপে বহুকেইটা অভিনৱ আঁচনিৰ আৰম্ভণি কৰিছিল৷ বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালতো এই আঁচনিসমূহ অব্যাহত আছে যিসমূহে জনসাধাৰণৰ জীৱনক যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত কৰিছে৷ বিত্তমন্ত্ৰী হিচাপে নিজৰ কাৰ্যকালত ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা অৰুণোদয় আঁচনিয়ে গ্ৰামাঞ্চলৰ মহিলা আৰু তেওঁলোকৰ পৰিয়ালৰ আৰ্থিক স্বনিৰ্ভৰশীলতাত এক দৃষ্টান্তমূলক পৰিৱৰ্তন আনিছে৷ এই অভিলাষী আঁচনিখনে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (ডিবিটি) পদ্ধতিৰ জৰিয়তে ১৮,৯৭,৯১৫গৰাকী হিতাধিকাৰীক লাভান্বিত কৰিছে৷ গুণোৎসৱ হৈছে বিদ্যালয়সমূহত গুণগত শিক্ষাদান নিশ্চিত কৰাৰ এক পদক্ষেপ যি শিক্ষা ব্যৱস্থাৰ আসোঁৱাহ চিনাক্ত কৰাত আৰু ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা গ্ৰহণত সহায় কৰিছে৷ গুণোৎসৱ-২০২৩ৰ চতুৰ্থ পৰ্যায়ত ৪৪,৫৩১খন বিদ্যালয়ৰ ৪১,৩৫,১৬৩গৰাকী শিক্ষাৰ্থীক সামৰি লোৱা হৈছে৷

ড॰ শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ‘অসম প্ৰথম’ মূলমন্ত্ৰক সাৰোগত কৰি চৰকাৰৰ প্ৰতিটো বিভাগ আৰু বিষয়া-কৰ্মচাৰীসকলে এতিয়া নিৰন্তৰ কাম কৰি গৈছে৷ বিভাগীয় সীমাবদ্ধতাসমূহ নেওচি সকলো চৰকাৰী বিষয়াই উমৈহতীয়া লক্ষ্য আৰু উদ্দেশ্য পূৰণৰ বাবে ‘টীম অসম’ৰ একোগৰাকী সদস্য হিচাপে কৰ্তব্য পালন কৰিবলৈ অনুপ্ৰাণিত হৈছে৷ ২০২২ চনৰ ২৩-২৫ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত ‘লাচিত দিৱস’ হৈছে এনেধৰণৰ সমূহীয়া প্ৰচেষ্টাৰ এক উজ্জ্বল নিদৰ্শন৷ মাননীয় প্ৰধানমন্ত্ৰী 

শ্ৰী নৰেন্দ্ৰ মোদী, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ অনুষ্ঠানটোৱে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰৰ দৰ্শকসকলক শৌৰ্য্য-বীৰ্য্যৰে পৰিপূৰ্ণ অসমৰ সোণোৱালী ইতিহাস আৰু চহকী ঐতিহ্যৰ বিষয়ে জনাৰ সুযোগ আগবঢ়াইছিল৷ একেদৰেই ১৪ এপ্ৰিল ২০২৩ত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১১,০০০তকৈও অধিক বিহু নাচনী আৰু ঢুলীয়াৰ বিহুনাচ প্ৰদৰ্শনে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিলে৷ এই অনুষ্ঠানটো গীনিজ বুক অৱ ৱৰ্ল্ড ৰেক’ৰ্ডছতো অন্তৰ্ভুক্ত হৈছে৷

সৰ্বাংগীণ উন্নয়ন সুনিশ্চিত কৰিবলৈ চৰকাৰ আৰু প্ৰশাসনিক ব্যৱস্থা জনসাধাৰণৰ ওচৰ চাপিব লাগিব৷ চৰকাৰখনে এই উদ্দেশ্য পূৰণৰ বাবে বহুতো অভিনৱ পদক্ষেপ হাতত লৈছে৷ উদাহৰণস্বৰূপে পৰিবহণ বিভাগৰ কথাই উল্লেখ কৰিব পাৰি৷ বিভাগটোৱে আধাৰযোগে অনলাইন নাগৰিক সেৱা আৰম্ভ কৰিছে যিয়ে ৰাইজক অনলাইনত লাৰ্নাৰ ড্ৰাইভিং লাইচেঞ্চৰ বাবে আৱেদন আৰু নৱীকৰণৰ লগতে ঘৰতে বহি ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ লাভ কৰাটো সহজলভ্য কৰিছে৷ অন্যান্য বিভাগতো অনুৰূপ কিছুমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনত অসম ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (প্ৰতিষ্ঠা আৰু সঞ্চালনৰ সুবিধা) আইনৰ সংশোধন এনে পদক্ষেপৰ আন এক উদাহৰণ৷ ইয়াৰ জৰিয়তে এতিয়া এজন ব্যক্তি বা উদ্যোগক আৱেদন কৰাৰ ৩০ দিনৰ ভিতৰত ‘অধিসূচিত ঔদ্যোগিক এলেকা’ত এটা ঔদ্যোগিক গোট স্থাপন কৰিবলৈ শক্তি আৰু অগ্নি নিৰ্বাপক সেৱাৰ বাহিৰে সকলো ক্লিয়াৰেন্স প্ৰাপ্ত কৰাত সক্ষম কৰি তুলিব৷ 

জনগণলৈ উন্নত সেৱা আগবঢ়োৱাৰ বাবে এটি প্ৰাণৱন্ত আমোলাতন্ত্ৰ থকাটো অতিকৈ গুৰুত্বপূৰ্ণ৷ আমোলাতন্ত্ৰক পুনৰুজ্জীৱিত কৰি এক দক্ষ কাৰ্যপ্ৰণালী গঢ়ি তুলিবলৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ নিয়মীয়া সন্মিলন অনুষ্ঠিত কৰাটো এক সময়োপযোগী পদক্ষেপ৷ বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত অসম আৰক্ষীয়ে ড্ৰাগছ, চাইবাৰ অপৰাধ, মহিলাৰ বিৰুদ্ধে অপৰাধ আদিৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে৷ অনুসন্ধানৰ বাবে বহুতো বিজ্ঞানসন্মত পদক্ষেপ লোৱা হৈছে৷ নতুন আঞ্চলিক আৰু ভ্ৰাম্যমাণ ফৰেনচিক বিজ্ঞান গৱেষণাগাৰ স্থাপন আৰু গুৱাহাটীত ৰাজ্যিক ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ উন্নীতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

ৰাজ্যৰ জিলাসমূহত চৰকাৰৰ নীতিগত সিদ্ধান্ত, প্ৰশাসনিক সংস্কাৰ আৰু অন্যান্য কল্যাণমূলক আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘অভিভাৱক মন্ত্ৰী’ আৰু ‘অভিভাৱক সচিব’ নিযুক্ত কৰিছে৷ এই পদক্ষেপে চৰকাৰখনক সাধাৰণ ৰাইজৰ বাবে সহজে উপলভ্য কৰি তুলিছে৷ জিলা পৰ্যায়ত গঠন কৰা ‘টীম’সমূহক বিকাশৰ প্ৰক্ৰিয়াত আগভাগ ল’বলৈ উৎসাহিত কৰা হয় যাতে জিলাসমূহক উন্নয়নৰ আধাৰ হিচাপে গঢ়ি তুলিব পাৰি৷

বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী হৈছে এজন দক্ষ ‘প্ৰতিষ্ঠান নিৰ্মাতা’ (institution builder)৷ চাহ বাগিচা মডেল হাইস্কুলকে আদি কৰি বিভিন্ন জিলাত নতুন চিকিৎসা মহাবিদ্যালয়ৰপৰা ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰালৈকে, ড॰ শৰ্মাই সকলো ক্ষেত্ৰতে এগৰাকী প্ৰতিষ্ঠান নিৰ্মাতা হিচাপে এক ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিছে৷ এইমছৰ দৰে সৰ্বভাৰতীয় পৰ্যায়ৰ স্বাস্থ্য প্ৰতিষ্ঠান স্থাপন আৰু কাৰ্যকৰী হৈছে৷ আন এটি খ্যাতিসম্পন্ন শিক্ষা প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়, গুজৰাটে অসমত এটা চৌহদ স্থাপন কৰিব৷

প্ৰায় প্ৰতিসপ্তাহে অনুষ্ঠিত কৰা কেবিনেট বৈঠকসমূহ হৈছে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম অগ্ৰণী পদক্ষেপ৷ ১১ মে’ ২০২১ৰপৰা ২৯ এপ্ৰিল ২০২৩লৈকে মুঠ ৮৭খন কেবিনেট বৈঠকত দ্ৰুত উন্নয়নৰ উদ্দেশ্যে শতাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ পুৰণি পৰম্পৰাৰ বিপৰীতে এতিয়া প্ৰায় সকলো বৈঠকতে বিভাগীয় সচিবালয়ে কেবিনেটৰ সন্মুখত বিশদভাৱে প্ৰেজেণ্টেশ্যন্‌ উপস্থাপন কৰে যাতে প্ৰস্তাৱসমূহৰ সঠিক প্ৰেক্ষাপট সম্পৰ্কে অৱগত হ’ব পৰা যায়৷ সমস্যা আৰু বিষয়সমূহ গভীৰতাৰ সৈতে আলোচনা কৰা হয়৷ বিভিন্ন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্তই সেই স্থানসমূহৰ উন্নয়নৰ প্ৰতিচ্ছবি সলনি কৰিছে৷ পূৰ্বতে ইমান কম সময়ৰ ব্যৱধানত কেবিনেট বৈঠক অনুষ্ঠিত হোৱা নাছিল৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰা ‘ডাবল-ইঞ্জিন’ (দ্বৈত ইঞ্জিন) ব্যৱস্থাৰ জৰিয়তে ৰাজ্যবাসীয়ে বিভিন্ন সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্ৰৰপৰা লাভ কৰা সক্ৰিয় সমৰ্থন আৰু সহযোগিতাই ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজ তথা পদক্ষেপসমূহক এক নতুন গতি প্ৰদান কৰিছে৷ আনহাতে, ষষ্ঠ অনুসূচীৰ অধীনস্থ পৰিষদসমূহৰ সৈতে অসম চৰকাৰে সুসম্পৰ্ক গঢ়ি তুলিছে৷ এনেদৰেই কেন্দ্ৰ, ৰাজ্য আৰু ষষ্ঠ অনুসূচীৰ অধীনস্থ পৰিষদসমূহে সহযোগিতাৰ মাধ্যমেৰে বিকাশ আৰু প্ৰগতিৰ সম বাটেৰে আগবাঢ়িছে৷

জনগণৰ স্বাস্থ্য সুৰক্ষাৰ বিষয়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা সদাসচেতন৷ পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ কল্যাণকামী পদক্ষেপ আৰু কাম-কাজসমূহেই হৈছে ইয়াৰ সাক্ষী৷ ব’হাগ বিহুৰ প্ৰথম দিনটোত অৰ্থাৎ ১৪ এপ্ৰিল ২০২৩ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে এইমছৰ লগতে নলবাৰী, নগাঁও আৰু কোকৰাঝাৰত আন তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰে৷ তদুপৰি পৰৱৰ্তী ৪-৫ বছৰৰ ভিতৰত অসমত ২৪খন চিকিৎসা মহাবিদ্যালয় গঢ়ি তোলাৰ লক্ষ্যও নিৰ্ধাৰণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একেদিনাই ১.১ কোটি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ (এবি-পিএমজেৱাই)ৰ কাৰ্ড বিতৰণৰ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে৷

নাগৰিককেন্দ্ৰিক সু-শাসন ব্যৱস্থাৰ অংশস্বৰূপে অসম চৰকাৰে সদ্ভাৱনা প্ৰকল্প আৰম্ভ কৰে৷ ১০ মে’ ২০২১ৰ পূৰ্বৰ জনতা ভৱনত অমীমাংসিত আৱেদনসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিকৰণৰ দিশত অসম চৰকাৰে গ্ৰহণ কৰা অভিলাষী পদক্ষেপ সদ্ভাৱনা প্ৰকল্প মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২০২২ বৰ্ষৰ ১ ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰে৷ এক সুচল প্ৰশাসন ব্যৱস্থা সৃষ্টি কৰিবলৈ প্ৰকল্পটিৰ তিনিটা উপাদান নিৰ্ধাৰণ কৰা হৈছিল – ১) আৱেদন নিষ্পত্তিকৰণ ২) ফাইলৰ শ্ৰেণী বিভাজন ৩) ই-অফিচ ব্যৱস্থাৰ ৰূপায়ণ৷ এই প্ৰকল্পৰ অধীনত লাভ কৰা সকলো আৱেদন-পত্ৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত নিষ্পত্তি কৰা হৈছে৷ অসম চৰকাৰৰ ডিজিটাইজেচন প্ৰক্ৰিয়াৰ অংশ হিচাপে আৰম্ভ কৰা ই-অফিচ ফাইল ব্যৱস্থাপনাৰ প্ৰৱৰ্তনে সচিবালয়ৰ কাম-কাজসমূহক গতিশীলতা প্ৰদান কৰিছে৷ সদ্ভাৱনা প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ত ই-অফিচৰ বাবে অসম চৰকাৰৰ সকলো উপায়ুক্তৰ কাৰ্যালয় আৰু সঞ্চালক তথা আয়ুক্তসকলক সামৰি ল’ব৷

২০২১ চনৰ ২ অক্টোবৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ‘মিছন বসুন্ধৰা’ মুকলি কৰে৷ ভূমি প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী কৰি তুলি সকলো ভূমি ৰেকৰ্ডছ আৰু মানচিত্ৰৰ শুদ্ধ ৰূপ প্ৰদান আৰু উন্নীতকৰণেই হৈছে এই মিছনৰ উদ্দেশ্য৷ মিছন বসুন্ধৰা ১.০ৰঅধীনত মুঠ ৮,১৩,৯৮১খন আৱেদন পঞ্জীয়ন কৰা হৈছিল যাৰ ভিতৰত ৫,৮২,৬৮৮খন আৱেদন নিষ্পত্তি কৰা হৈছে৷ তদুপৰি মিছন বসুন্ধৰা ২.০ৰ অধীনত মুঠ ১৩,৩৯,৪৯৮খন আৱেদন পঞ্জীয়ন কৰা হৈছে৷ এই সংখ্যাসমূহে জনসাধাৰণৰ অভূতপূৰ্ব সঁহাৰিকে প্ৰতিফলিত কৰিছে৷

২০২২ চনৰ ১ আগষ্ট তাৰিখে ৰাজ্যত ‘মিছন ভূমিপুত্ৰ’ৰ শুভাৰম্ভ কৰা হৈছিল৷ বিশেষকৈ গ্ৰাম্য অঞ্চলসমূহত আৱেদনকাৰীসকলে জাতিগত প্ৰমাণ-পত্ৰ কম সময়ৰ ভিতৰতে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ এই মিছন আৰম্ভ কৰা হয়৷ মিছন ভূমিপুত্ৰৰ অধীনত আৱেদনকাৰীসকলে সৰলীকৃত পদ্ধতিৰে অনলাইনযোগে জাতিগত প্ৰমাণ-পত্ৰ লাভ কৰিছে৷ এই মিছনৰ অংশ হিচাপে এটি বিশেষ পদক্ষেপো গ্ৰহণ কৰা হৈছে৷ সেয়া হৈছে উপায়ুক্তসকলে অধ্যক্ষ তথা প্ৰধান শিক্ষকসকলৰ জৰিয়তে ছপা আৱেদন-পত্ৰ বিতৰণ কৰিছে আৰু বিদ্যালয়ত উপস্থিত হৈ নিজে জাতিগত প্ৰমাণ-পত্ৰ প্ৰদান কৰিছে৷ জাতিগত প্ৰমাণ-পত্ৰ প্ৰদানৰ বাবে মিছনৰ অধীনত ১১,৩৮,২৯৪খন আৱেদন অনুমোদন কৰা হৈছে৷

অৱসৰকালীন প্ৰক্ৰিয়াসমূহক সুশৃংখলিত তথা নিকা আৰু স্বচ্ছ পদ্ধতিৰে উপলব্ধ কৰাৰ লগতে এই বিষয়ত প্ৰয়োজনীয় সকলো তথ্য আৰু নিৰ্দেশনা প্ৰদানৰ বাবে কৃতজ্ঞতা প’ৰ্টেল মুকলি কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ পেঞ্চনাৰসকলৰ সুবিধাৰ্থে এই অনলাইন প’ৰ্টেলটোৰ জৰিয়তে পেঞ্চনৰ আৱেদন দাখিল আৰু ট্ৰেকিঙৰ সুবিধা প্ৰদান কৰা হৈছে৷ পেঞ্চন সম্বন্ধীয় সকলো নথি-পত্ৰ আপল’ড কৰিবলৈ সুবিধা প্ৰদান কৰাৰ বাবে জিলাসমূহত পেঞ্চন সেৱা কেন্দ্ৰও স্থাপন কৰা হৈছে৷

বিগত দুটা বছৰত ৰাজ্যবাসী এক শান্তিৰ পৰিৱেশৰ সাক্ষী হৈছে৷ ৰাজ্যখনৰ বিকাশ আৰু প্ৰগতিৰ পথত শান্তি স্থাপন হৈছে এক পূৰ্বচৰ্ত৷ বিভিন্ন সশস্ত্ৰ গোটক আত্মসমৰ্পণ কৰিবলৈ আৰু মূলসুঁতিলৈ উভতি আহিবলৈ চৰকাৰে সৈমান কৰোৱাৰ পৰিপ্ৰেক্ষিতত বহু প্ৰতীক্ষিত এই শান্তি ঘূৰি আহিছে৷ তদুপৰি ছাত্ৰ সংগঠন, বিৰোধী দল আৰু সৰ্বসাধাৰণৰ সৈতে চৰকাৰে গঢ়ি তোলা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ বাবেও বৰ্তমান আমাৰ মাজত শান্তি বিৰাজমান৷ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে চৰকাৰে একেধৰণৰ সুসম্পৰ্ক স্থাপন কৰি দীৰ্ঘদিনীয়া সীমা বিবাদ আৰু আন সমস্যাসমূহৰ আগতীয়া সমাধানৰ পথো প্ৰশস্ত কৰিছে৷

অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱৰ দৰে অসামৰিক বঁটাসমূহে সমাজত এক নতুন মূল্যবোধৰ সৃষ্টি কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত উদ্দীপনাৰ সঞ্চাৰ কৰিছে৷ উদ্যোগপতি, চিকিৎসাকৰ্মীৰপৰা আৰম্ভ কৰি শিপিনী, আশাকৰ্মীসকলকে ধৰি সৰ্বস্তৰৰ ব্যক্তিক উক্ত বঁটাসমূহৰ বাবে সামৰি লোৱা হৈছে৷ অসম চৰকাৰে এই তিনিটা বঁটা আগবঢ়াই বিভিন্ন ক্ষেত্ৰৰ যোগ্য ব্যক্তিসকলৰ নিষ্ঠাপূৰ্ণ কৰ্মক স্বীকৃতি প্ৰদান কৰাৰ লগতে কৰ্ম-সংস্কৃতিক শ্ৰেষ্ঠ সংস্কৃতি হিচাপে গঢ়ি তোলাৰ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিছে৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ ফলশ্ৰুতিত ৰাইজৰ মাজত নতুন আশা-আকাংক্ষাৰ সঞ্চাৰ হৈছে৷ প্ৰকৃতি আৰু সংস্কৃতিক বহু শতিকা গৰকা এই সভ্যতাৰ চিৰন্তন আত্মা হিচাপে লৈ অসমৰ উন্নয়নৰ এই অনিৰুদ্ধ যাত্ৰাত সকলোৱে যোগদান কৰি অসমক এখন শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ ইংগিত প্ৰদান কৰিছে৷

ShareTweetShare

Related Posts

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ অসম ভ্ৰমণ
অসমীয়া

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ অসম ভ্ৰমণ

February 10, 2025
52
  ‘২০২৫- কিতাপৰ বৰ্ষ’
অসমীয়া

  ‘২০২৫- কিতাপৰ বৰ্ষ’

February 10, 2025
117
অসমৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহৰ প্ৰতি বিনিয়োগকাৰীক আকৰ্ষণ
অসমীয়া

অসমৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰসমূহৰ প্ৰতি বিনিয়োগকাৰীক আকৰ্ষণ

February 8, 2025
37
  মুখ্যমন্ত্ৰীৰ ঐতিহাসিক ভূটান ভ্ৰমণ
কেন্দ্ৰ-ৰাজ্য সংবাদ

  মুখ্যমন্ত্ৰীৰ ঐতিহাসিক ভূটান ভ্ৰমণ

January 8, 2025
89
উন্নয়নৰ বতৰা লৈ অনুষ্ঠিত হ’ব এডভাণ্টেজ অসম ২.০
প্ৰথম পৃষ্ঠা

উন্নয়নৰ বতৰা লৈ অনুষ্ঠিত হ’ব এডভাণ্টেজ অসম ২.০

January 7, 2025
67
मुख्यमंत्री मंत्री के विचार 
মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ বাৰ্তা – জানুৱাৰী ২০২৫

January 7, 2025
27
Load More

By Categories

  • Anniversary Special
  • Assam Budget Special
  • Assam on the Move
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • Miscellaneous
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Article
  • Special Feature
  • Wind of change
  • असम प्रगति के पथ पर
  • असम बजट विशेष
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • झलकियां
  • नज़रिया
  • परिवर्तक
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वर्षगांठ विशेषांक
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • विशेष लेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • ইতিবাচক পৰিৱৰ্তন
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • জিলিঙনি
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বৰ্ষপূৰণ বিশেষ
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ নিবন্ধ
  • বিশেষ বতৰা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Important Links

  • G20
  • National Portal of India
  • Assam State Portal
  • North Eastern Council
  • Aspire Portal

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022-2023 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta-English
      • Asom Barta-Assamese
      • Asom Barta-Hindi
    • Last Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • Asom Barta – English
    • Asom Barta – Assamese
    • Asom Barta – Hindi
    • Year – 2024
      • December 2024
      • October 2024
      • September 2024
      • August 2024
      • JULY 2024
      • March 2024
      • February 2024
      • January 2024
    • Year – 2023
      • December 2023
      • November 2023
      • October 2023
      • September 2023
      • August 2023
      • July 2023
      • June 2023
      • May 2023
      • April 2023
      • March 2023
      • February 2023
      • January 2023
    • Year – 2022
      • December 2022
      • November 2022
      • October 2022
      • September 2022
      • August 2022
      • July 2022
      • May 2022
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022-2023 Directorate of Information and Public Relations, Govt of Assam