সংসদত কেন্দ্ৰীয় বাজেট ২০২৩-২৪ উত্থাপন হোৱাৰ পাছতেই বাজেটখনে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কঢ়িয়াই আনিলে আশাৰ বতৰা৷ ইতিহাসত এই পৰ্যন্ত অনুমোদিত সৰ্বাধিক এই উন্নয়ন পুঁজিৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক কৃতজ্ঞতা জনায়৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই বাজেটত উল্লেখ কৰা প্ৰধানমন্ত্ৰী বিকাশ, ৰাষ্ট্ৰীয় শিক্ষানবীচ কাৰ্যসূচী, প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা ৪.০ তথা ডিজিটেল আৰু সেউজ অৰ্থনীতিৰ বিনিয়োগ আদিয়ে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত অনুঘটকৰ দৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে৷
তেওঁ অনুভৱ কৰে যে এই পদক্ষেপসমূহে নিয়োগৰ সুযোগ প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ উদ্ভাৱন আৰু বহনক্ষমতাৰ প্ৰসাৰৰ ক্ষেত্ৰতো সহায় কৰিব৷
“মূলধনী বিনিয়োগৰ প্ৰতি উৎসাহিত কৰিবলৈ ৰাজ্যসমূহক অধিক বিত্তীয় স্বাধীনতা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীৰ ওচৰত মই কৃতজ্ঞ,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক পদক্ষেপত(PM-DevINE) পুঁজি আবণ্টন প্ৰায় দুগুণ কৰি দিয়াৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূবৰ ৰাজ্যসমূহত আন্তঃগাঁথনিৰ উন্নয়ন পুনৰুজ্জীৱিত কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ আৰু পিএম-পিভিটিজিৰ দৰে আঁচনিৰ জৰিয়তে খিলঞ্জীয়া
সম্প্ৰদায়ক গুৰুত্ব প্ৰদান কৰাৰ বাবেও বাজেটখনৰ প্ৰশংসা কৰে৷
চিআইআই এনই কাউন্সিলৰ এক প্ৰেছ বিবৃতিত উল্লেখ কৰে, “মূলধনী ব্যয়ৰ বৃহৎ পৰিসৰ আৰু নিয়োগ সৃষ্টিৰ দৃষ্টিভংগীৰে প্ৰদান কৰা বাজেটখন আদৰণীয়৷ বাজেটখনত এক প্ৰগতিশীল দৃষ্টিভংগীৰ লগতে অৰ্থনৈতিক, সামাজিক, পাৰিপাৰ্শ্বিক স্থিৰতাৰ লগতে দেশৰ উন্নয়নৰ ক্ষেত্ৰত এক ভাৰসাম্যতা আছে৷
“মই বাজেটত সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ(এমএছএমই) খণ্ডক লৈ কৰা ঘোষণাক স্বাগতম জনাইছোঁ৷ ৰাজ্যখনত এমএছএমইৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে এই ঘোষণাৰ সুবিধাসমূহ গ্ৰহণ কৰা উচিত,” সৰ্থেবাৰীৰ অসম সমবায় কঁহাৰ সংঘৰ সম্পাদক মনোজ ভূঞাই কয়৷
২০১৪ চনৰ পাছত মুকলি কৰা ১৫৭খন চিকিৎসা মহাবিদ্যালয়ৰ একে স্থানতে ১৫৭খন নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ বাবে কৰা ঘোষণাক প্ৰিমিয়াৰ ক্ৰায়’জেনি’ লিমিটেডৰ পৰিচালন সঞ্চালক অভিজিত বৰাই আদৰণি জনাইছে৷ “ই ভাৰতৰ জনগাঁথনিগত সুবিধাসমূহক বিকশিত কৰিব৷ ভাৰতীয়, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ নাৰ্ছসকলৰ সেৱা সমগ্ৰ বিশ্বতে জনপ্ৰিয় আৰু অঞ্চলটোক এনে কেইখনমান মহাবিদ্যালয়ে এই দিশত অঞ্চলটোক লাভান্বিত কৰিব,” তেওঁ কয়৷
গুৱাহাটীৰ আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড॰ হেমেশ্বৰী ভূঞাই উদ্যোগপতিগৰাকীৰ সৈতে সহমত প্ৰকাশ কৰে৷ “একে স্থানতে এই নাৰ্ছিং মহাবিদ্যালয়সমূহ স্থাপন কৰাৰ ফলত চিকিৎসালয়সমূহত পৰ্যাপ্ত পৰিমাণে চিকিৎসা বৃত্তিধাৰী উপলভ্য হোৱাটো নিশ্চিত কৰিব৷ এই ঘোষণাই চিকিৎসা খণ্ডটোৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰদান কৰা গুৰুত্বক প্ৰতিফলিত কৰিছে,” তেওঁ অসম বাৰ্তাক কয়৷
“এক সক্ৰিয় স্বাস্থ্যসেৱা প্ৰণালী চিকিৎসক আৰু নাৰ্ছ দুয়োৰে ওপৰত নিৰ্ভৰশীল৷ মই আশা কৰিম যে অসম চৰকাৰে অনাগত দিনত ৰাজ্যখনত এনে কেইখনমান মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিব,” ৰাজ্যখনত থকা নাৰ্ছিং শিক্ষাৰ বৃহৎ চাহিদাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়৷
ৱেভ ইক’ ট্যুৰিজমৰ সঞ্চালক নিৰন্ত গোহাঁয়ে স্বদেশ দৰ্শন আঁচনিৰ অধীনত বাজেটত ধাৰ্য কৰা ১,৪১২ কোটি টকাৰ পুঁজিৰ প্ৰশংসা কৰি কয়, “স্বদেশ দৰ্শন আঁচনিখন যদি আখৰে আখৰে কাৰ্যকৰী হয়, তেন্তে উত্তৰ-পূৰ্বাঞ্চল যথেষ্ট উপকৃত হ’ব৷”

উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল যোগাযোগ ব্যৱস্থালৈ আশাৰ বতৰা
ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা এক ভাৰ্চুৱেল বাৰ্তালাপত উল্লেখ কৰে যে কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লপথসমূহৰ উন্নয়নৰ বাবে ১০,৯৮৮.৮০ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে৷ মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰথমবাৰৰ বাবে অঞ্চলটোৰ পাহাৰীয়া আৰু সীমান্ত অঞ্চলসমূহক সংযোগ কৰাৰ উদ্দেশ্যে ১.২০ লাখ কোটি টকা ধাৰ্য কৰা হৈছে৷
তেওঁ কয়, “২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (এনএফআৰ) বাবে বাজেটত মুঠ ১০,৯৮৮.৮০ কোটি টকা আবণ্টন কৰা হৈছে৷ এয়া বিগত বছৰৰ আবণ্টনৰ পৰিমাণতকৈ (৯,৬৬০.১৪ কোটি টকা) ১৩.৭৫ শতাংশ অধিক৷
লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৫৯টা ষ্টেচনক বিশ্বমানৰ আহিলা তথা সুবিধাৰ সংযোজনেৰে উন্নীত কৰা হ’ব৷ যোৱা বছৰ, অসমত ৪৪৫ কিল’মিটাৰ ৰেলপথত বৈদ্যুতীকৰণ কৰা হৈছিল৷ অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এনএফআৰৰ প্ৰতিটো শাখাৰ পোন্ধৰটাকৈ ষ্টেচনৰ উন্নীতকৰণ হ’ব৷
তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰে’ল আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজিৰ আবণ্টন কৰা হৈছে৷ অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমক জনায় যে অঞ্চলটোত ৭৫,৭৯৫ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ কাম অব্যাহত আছে৷
তেওঁ কয়, “ট্ৰেক ডাবলিং কামৰ দ্ৰুত কাৰ্যকৰীকৰণৰ বাবে নিউ বঙাইগাঁও-ৰঙিয়া-কামাখ্যা ৰেলপথৰ বাবে ৬০০ কোটি টকা আৰু নিউ বঙাইগাঁও-গোৱালপাৰা-কামাখ্যা ৰেলপথৰ বাবে ৫০০ কোটি টকা আবণ্টন কৰা হৈছে৷” তেওঁ লগতে উল্লেখ কৰে যে মুঠ ৫১৭ কোটি টকা ব্যয় কৰি গুৱাহাটীৰ সমীপৰ আজ্ঞাথুৰী ষ্টেচনক বিশ্বমানৰ সুবিধাৰে নতুন ৰূপ প্ৰদান কৰা হ’ব৷