সোনাপুৰৰ চন্দিকা গাৰোৰ বাবে পকী ঘৰ এটা সপোন আছিল৷ সেই সপোনটোৱে বাস্তৱৰ পদুলিত খোজ পেলালে যোৱা ১৬ ফেব্ৰুৱাৰীত৷ উক্তদিনা প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত অসমৰ ৩.৮০ লাখ হিতাধিকাৰীলৈ প্ৰথমটো কিস্তিৰ ধন মুকলি কৰা হয়৷
গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰিমৰ্টৰ বুটাম টিপি আবণ্টিত এই ধন মুকলি কৰে মুখ্যমন্ত্ৰী
ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে৷
স্থানীয় এটা পেট্ৰ’ল পাম্পত কৰ্মৰত মৈৰাবাৰীৰ অধিৰ চন্দ্ৰ দাসো ইয়াৰে এগৰাকী হিতাধিকাৰী৷ তেওঁ অসম বাৰ্তাক কয়, “ঘৰটো পকী হ’লে পৰিয়ালৰ যথেষ্ট সুবিধা হ’ব৷ এতিয়াৰ ঘৰটোৰ অৱস্থা যথেষ্ট বেয়া হৈ গৈছে৷ কেঁচা ঘৰ হোৱা বাবে বছৰে বছৰে মেৰামতি কৰি থাকিবলগীয়া হয়৷”
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এক শুভেচ্ছা বাৰ্তাযোগে কয় যে অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময় নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ একনিষ্ঠভাৱে কাম কৰি গৈছে৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰণজিৎ কুমাৰ দাসে কয়, “মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ‘২০২৪ চনৰ ভিতৰত সকলোৰে বাবে আৱাসগৃহ’ৰ এক লক্ষ্য হাতত লৈছে৷ এই দিশত এয়া এক অভিলাষী প্ৰকল্প৷” ধন পোনপটীয়াকৈ লাভ কৰাৰ পাছত গৃহ নিৰ্মাণৰ বাবে আবণ্টিত পুঁজিৰ সদ্ব্যৱহাৰ কৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত নিজৰ আপোন ঘৰটিৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ তেখেতে আহ্বান জনায়৷ তেওঁ কয়, “মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাৰ বাবে গ্ৰামোন্নয়ন বিভাগটোক এক গতি প্ৰদান কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে, যাৰ বাবে ২০ মাহত প্ৰায় ৩.৬১ লাখ ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ৷’’
এই বৰ্ষত অসমত প্ৰায় ১০ লাখ ঘৰৰ বাবে পুঁজি আবণ্টন কৰা হৈছে৷ অনুষ্ঠানত হিতাধিকাৰীসকলক এখন হাতপুঠি প্ৰদান কৰা হয়৷ এই হাতপুঠিত আবণ্টিত পুঁজিৰ ভিতৰত নিৰ্মাণ কৰিব পৰাকৈ কেইটামান ঘৰৰ আৰ্হি দেখুওৱা হৈছে৷
গৃহ নিৰ্মাণৰ সময়ত মজুৰিৰ বাবদ এমজি এনৰেগাৰ অধীনত ৯৫ দিনৰ মজুৰিও হিতাধিকাৰীসকলে লাভ কৰিব৷ গৃহ নিৰ্মাণৰ বাবে আবণ্টিত ১ লাখ ৩০ হাজাৰ টকাৰ লগতে এমজি এনৰেগাৰ অধীনত ২১ হাজাৰ টকা হিতাধিকাৰীসকলে লাভ কৰিব৷
উল্লেখ্য যে ভিডিঅ’ কনফাৰেন্সযোগে এই অনুষ্ঠানত অংশ লয় অসমৰ বহুকেইখন গাঁও পঞ্চায়তেও৷