মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু টাটা ছন্ছ লিমিটেডৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে যোৱা মাহত মৰিগাঁও জিলাৰ জাগীৰোডত ২৭,০০০ কোটি টকাৰ অৰ্ধপৰিবাহী এছেম্বলী আৰু টেষ্ট ফেচিলিটীৰ ভূমি পূজন সম্পন্ন কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়এ টাটা চন্স লিমিটেডৰ অধ্যক্ষগৰাকীক আশ্বাস প্ৰদান কৰি কয় যে কোম্পানীটোৱে এই উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন নহ’ব আৰু এই প্ৰতিষ্ঠানটো স্থাপনৰ বাবে অসমৰ ৰাইজ তেওঁলোকৰ ওচৰত কৃতজ্ঞ।
“এই ফেচিলিটীটোৰ স্থাপনে ৰাজ্যখনত ঔদ্যোগিক বিকাশৰ সূচনা কৰিব। আমাৰ যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ সম্ভাৱনাৰ সৃষ্টি হ’ব”, মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। তেওঁ লগতে উল্লেখ কৰে, “কাৰ্যক্ষম হোৱাৰ পাছত এই গোটটোৱে অসমৰ ঔদ্যোগিক দৃশ্যপট সলনি কৰি উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰিব।”
মখ্যমন্ত্ৰীগৰাকীয়ে জাগীৰোডত অৰ্ধপৰিবাহী এছেম্বলী আৰু টেষ্ট ফেচিলিটীৰ স্থাপনৰ দিশত গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু টাটা ছন্ছ লিমিটেডক ধন্যবাদ জ্ঞাপন কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি টাটা ছন্ছৰ অধ্যক্ষ এন চন্দ্ৰশেখৰনে কয় যে অসমৰ সৈতে টাটা গোটৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু ৬০,০০০ৰো অধিক লোকে অসমৰ বিভিন্ন টাটা প্লেটফৰ্মত কৰ্মৰত হৈ আছে। তেওঁ আশা প্ৰকাশ কৰে যে ইলেক্ট্ৰ’নিক্স খণ্ডৰ এই গোটটোৱে ৰাজ্যখনত উন্নয়নৰ এক শক্তিশালী পৰিৱেশ সৃষ্টি কৰাৰ লগতে বৃহৎ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।
টাটা ছন্ছৰ অধ্যক্ষগৰাকীয়ে কয় যে জাগীৰোড অৰ্ধপৰিবাহী ফেচিলিটীত ইতিমধ্যে কোম্পানীটোৱে অসমৰ ১,০০০গৰাকী ব্যক্তিক নিযুক্তি প্ৰদান কৰিছে।
” ২৭,০০০ লোকক নিযুক্তি দিব পৰাৰ ক্ষমতাৰে এই গোটটো স্থাপন হ’ব। ইয়াৰে অধিকাংশ হ’ব প্ৰত্যক্ষ নিযুক্তি। আমি আশা কৰিছোঁ যে ২০২৫ বৰ্ষত এই প্ৰকল্পটো কাৰ্যক্ষম হৈ উঠিব,” চন্দ্ৰশেখৰনে কয়।
প্ৰকল্পটোৰ নিৰ্মাণ এবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব আৰু অহা বছৰ এপ্ৰিলত ইয়াক কাৰ্যক্ষম কৰি তোলাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। অৰ্ধপৰিবাহী প্ৰকল্পটোৰ উৎপাদন ক্ষমতা হ’ব প্ৰতিদিনে ৪৮ নিযুত চিপ। প্ৰকল্পটোৰ জৰিয়তে বিশ্বৰ ঔদ্যোগিক মানচিত্ৰত অসমে এক বিশেষ স্থান লাভ কৰাৰ সম্ভাৱনা আছে। এই প্ৰকল্পটো হ’ব এটা এছেম্বলী, টেষ্টিং, মাৰ্কিং, আৰু পেকেজিং (এটিএমপি) ফেচিলিটী আৰু ই হৈছে ভাৰতৰ প্ৰথমটো থলুৱা অৰ্ধপৰিবাহী এছেম্বলী আৰু টেষ্ট ফেচিলিটী।