জীয়াই থাকিবলৈ মানুহক আহাৰৰ প্ৰয়োজন৷ ঠিক সেইদৰে মানৱীয় প্ৰমূল্যবোধক জীয়াই ৰাখিবলৈ আমাক সাংস্কৃতিক চিন্তা-চেতনাৰ প্ৰয়োজন৷ আমাক আহাৰৰ বাছনি কৰিবলৈ দিলে সুস্বাস্থ্যৰ বাবে সুষম আহাৰহে নিৰ্বাচন কৰাটো জৰুৰী৷ সু-সংস্কৃতিও সুষম আহাৰৰ দৰে৷ সমাজত সংস্কৃতিৰ ৰূপত জটিলতা থাকিব পাৰে৷ এই জটিলতাক চিনাক্ত কৰিব নোৱাৰিলে ই বিপৰীত বা নেতিবাচক ক্ৰিয়া কৰাৰহে সম্ভাৱনা থাকে৷
জীৱনৰ বিভিন্ন দিশৰ লগতে সংস্কৃতিৰ ক্ষেত্ৰতো আজিৰ দিনত প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ প্ৰভাৱ পৰিছে৷ ই বিস্ময়কৰ যদিও ক্ষতিকাৰক৷ আমাৰ মূল সংস্কৃতিৰ সৈতে সংস্কৃতি উদ্ভুত নতুন উপকৰণ আৰু ইয়াৰ ব্যাপক ব্যৱহাৰৰ মাজত যি ব্যৱধান থাকিব লাগে তাক ই প্ৰতিৰোধ কৰিছে৷ শিশুসকলক শাৰীৰিক ব্যাধিৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ যিদৰে সুষম আহাৰ প্ৰদান কৰা হয়, মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ তেওঁলোকক সু-সংস্কৃতিৰ জ্ঞান প্ৰদানৰ দায়িত্বও অভিভাৱকে ল’ব লাগিব৷ সামাজিক ব্যাধি আঁতৰ কৰিবলৈও সংস্কৃতি হৈছে এক মহৌষধ৷ কিন্তু, সংস্কৃতিক অৱহেলা কৰিলে এই ব্যাধি শিপাই গৈ থাকিব৷
শতিকাজুৰি প্ৰতিখন দেশে আন্তৰিক প্ৰচেষ্টাৰে নিজৰ সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ পৃষ্ঠপোষকতা কৰি আহিছে৷ সেই প্ৰচেষ্টা আছিল এক সুচিন্তিত অনুশীলন য’ত সংস্কৃতিৰ এক আত্মিক প্ৰভাৱ সকলোৰে মাজত আছিল৷ কিন্তু, যেতিয়া উদ্যোগিক বিপ্লৱ আৰু বিশ্বায়নৰ পৰৱৰ্তীকালত বাণ্যিজিক সংস্কৃতিৰ প্ৰভাৱ বৃদ্ধি পালে, এই আত্মিক প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিলে৷
বিশ্বায়নৰ যুগত সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আজি চৰকাৰ যেন এগৰাকী অভিনেতা মাত্ৰ৷ পৰম্পৰাগতভাৱেই, তেওঁলোকে ফলপ্ৰসূতাৰ বিপৰীতে সংস্কৃতিৰ পৃষ্ঠপোষকতাৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰিছে৷ সেয়েহে, আজি আমি চাৰিওফালে এক অসুস্থ পৰম্পৰা আৰু সামাজিক বিশৃংখলতাৰ সাক্ষী হ’বলগীয়া হৈছে৷
অসমৰ সৰ্বকালৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে উপদেশমূলক শিক্ষাৰ বিপৰীতে বাস্তৱিক অনুশীলনেৰে কিদৰে সুসংগতভাৱে সংস্কৃতিৰ বিকাশ ঘটাব পাৰি তাৰ এক সুন্দৰ নিদৰ্শন ৰাখি গৈছে৷ শংকৰদেৱৰ জন্ম হৈছিল পঞ্চদশ শতিকাৰ মাজভাগত৷ সেই সময়ত সামাজিক-ৰাজনৈতিক পৰিস্থিতিৰ বাবে যিকোনো ৰূপত সংস্কৃতিৰ পৃষ্ঠপোষকতা বৰ সীমিত আছিল যদিও তেখেতে সমাজখনৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিল৷ তেখেতে আহোম সাম্ৰাজ্য আৰু ইয়াৰ ওচৰ-চুবুৰীয়া ৰাজ্যসমূহৰ বিষয়েও অধ্যয়ন কৰিছিল৷ তেতিয়াই তেখেতে এটা সাংস্কৃতিক ঢৌৰ বাবে প্ৰয়োজনীয় পৰিৱেশৰ অভাৱ অনুভৱ কৰিছিল৷ ভাৰতবৰ্ষৰ আন আন অঞ্চলসমূহত কেনেদৰে নৱজাগৰণৰ সৃষ্টি হৈছে তাৰ বুজ ল’বলৈ তেখেতে দেশৰ পশ্চিম প্ৰান্তলৈ ভ্ৰমণ কৰে৷ তাত উপস্থিত হৈ তেখেতে উপলব্ধি কৰিলে যে ধৰ্মক মানৱ সভ্যতাৰ দিশসমূহৰ সৈতে সংযোগ কৰাৰ মাধ্যমৰূপে ব্যৱহাৰ কৰা হৈছে৷
অষ্টম শতিকাৰ মাজভাগৰ পৰা আৰম্ভ হোৱা ইছলামিক আগ্ৰাসনে সমগ্ৰ ভাৰতবৰ্ষৰ সামাজিক ব্যৱস্থালৈ অস্থিৰতা কঢিয়াই অনাৰ পাছত শংকৰদেৱৰ সমসাময়িক নানক, চৈতন্য, সুৰদাস আৰু কবীৰৰ দৰে আন আন ধৰ্মগুৰুসকলে মুক্ত আৰু ফলপ্ৰসূভাৱে ধৰ্মীয় বিশ্বাসৰ জৰিয়তে বিশৃংখল সমাজখনলৈ শৃংখলাবদ্ধতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল৷ এয়া তেওঁলোকৰ বাবে যথেষ্ট সহজ হৈ পৰিল যেতিয়া দক্ষিণ ভাৰতত অষ্টম শতিকাৰ পৰাই ভক্তি আন্দোলনৰ পুনৰ উত্থান আৰম্ভ হৈছিল আৰু ইয়াৰ গ্ৰহণযোগ্যতা অধিকাংশৰ মাজত বৃদ্ধি পালে৷ শংকৰদেৱৰ ক্ষেত্ৰত কথাষাৰ সুকীয়া৷ সেই সময়ত ভাৰতৰ অন্য প্ৰান্তত সমগোত্ৰীয় সামাজিক ব্যৱস্থা থকাৰ বিপৰীতে এক স্বীকৃত ৰাজনৈতিক ব্যৱস্থাৰ প্ৰচলন থকা সত্ত্বেও আহোম সাম্ৰাজ্য জনগোষ্ঠীয় আৰু ধৰ্মীয় বিশ্বাসৰ ভিত্তিত দুটা ভাগত বিভক্ত হৈ আছিল৷ শংকৰদেৱে আহোম সাম্ৰাজ্যৰ মিশ্ৰিত সামাজিক ব্যৱস্থাক একক সামাজিক নীতি-নিয়মৰ আওতালৈ অনাৰ প্ৰচেষ্টা কৰিছিল৷
শংকৰদেৱে তেওঁৰ ফলপ্ৰসূ ভ্ৰমণ সামৰি উভতি অহাৰ পাছত ধৰ্মৰ দিশটোক সম্পূৰ্ণভাৱে ত্যাগ কৰিছিল৷ ইয়াৰ পৰিৱৰ্তে তেওঁ সংগীত, নৃত্য, গদ্য, ভাওনা আদি সংস্কৃতিৰ সৃষ্টিশীল দিশবোৰৰ জৰিয়তে সমাজৰ এজন ব্যক্তিৰ সৈতে আনজনক এখন উমৈহতীয়া মঞ্চত সংযোগ স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ সীমিত সম্পদ আৰু আহিলাৰে শংকৰদেৱে একক প্ৰচেষ্টাৰে জনসাধাৰণক সংযোগ কৰি অভিন্নতা প্ৰদান কৰিছিল৷
ইয়াৰ বিপৰীতে সংস্কৃতিৰ উত্থানৰ বাবে আমাৰ ওচৰত যথেষ্ট সম্পদ আছে যদিও ইয়াৰ প্ৰয়োগ কেনেদৰে কৰিব লাগে তাৰ বিষয়ে সম্যক জ্ঞানৰ অভাৱ দেখা যায়৷
মই বিশেষকৈ দেশৰ যুৱচামক ক’বলৈ বিচাৰোঁ যে তেওঁলোকে গ্ৰহণ কৰিব পৰাকৈ যথেষ্ট সংস্কৃতিৰ খোৰাক আছে৷ আমি নিজৰ পছন্দক সুনিৰ্দিষ্ট কৰিব লাগিব৷ আপোনাৰ সন্মুখত বুফে (Buffet) আছে মানে এনে নহয় যে আপুনি বুফেত থকা সকলো খাদ্যই গ্ৰহণ কৰিব লাগিব৷ আপুনি নিজৰ পছন্দ, অভ্যাস, জলবায়ু অনুসৰি উপযুক্ত খাদ্য বাছনি কৰিব লাগিব৷ আপুনি যুক্তিবাদী আৰু সমালোচনাত্মক চিন্তা কৰিব পাৰিব লাগিব৷ যদিহে তেনে কৰিব নোৱাৰে তেন্তে সংস্কৃতিৰ চৰ্চাৰ আঁৰত লুকুৱাই ৰখা বাণিজ্যিক জালত পৰাৰ যথেষ্ট সম্ভাৱনা আছে৷
এটা উপমা উল্লেখ কৰিলে কথাখিনি বুজাত সহজ হ’ব৷ ভাৰতৰ প্ৰান্তে প্ৰান্তে স্থাপন হোৱা ৰংচঙীয়া শ্বপিং মলসমূহত ‘দুটাৰ সৈতে দুটা বিনামূলীয়া’ (Buy-2-Get-2 Free) বিজ্ঞাপনৰ প্ৰচলন দেখা যায়৷ এই বিজ্ঞাপনে আপোনাক প্ৰয়োজনতকৈ অধিক ক্ৰয় কৰাৰ বাবে প্ৰলোভিত কৰে আৰু প্ৰতিষ্ঠানটোৱে আপোনাৰ প্ৰয়োজনীয়তাৰ ভিত্তিত নিজৰ বিক্ৰী সম্পাদন কৰিবলৈ সক্ষম হয়৷ খৰখেদাকৈ লোৱা আপোনাৰ এই সিদ্ধান্তৰ বাবে পাছত আপুনি অনুতপ্ত হ’বলগীয়াও হয়৷ মনত ৰখা উচিত যে এই পৃথিৱীত একোৱেই বিনামূলীয়া নহয়৷
সেয়ে, আপোনাৰ চাৰিওফালে সংস্কৃতি উদ্ভুত উপকৰণৰ বিক্ৰয় (প্ৰচলন)ৰ ক্ষেত্ৰত আপুনি মন কৰাটো উচিত যে প্ৰকৃততে ই ‘ব্যৱহাৰযোগ্য’ হয় নে নহয়৷
(লেখকগৰাকী ১২ বাৰকৈ ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্ছিত্ৰ নিৰ্মাতা আৰু পদ্মভূষণ প্ৰাপক)