কামৰূপ (মহানগৰ) জিলাৰ ধাৰাপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মাচুমা বেগম আৰু ডিমৰীয়া উচ্ছ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী কাশ্মীৰা বেগমৰ বাবে যোৱা জুন মাহটো আছিল আনন্দৰে পৰিপূৰ্ণ৷ এই আনন্দৰ কাৰণ আছিল অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে বিশেষ জলপানি হিচাপে ক্ৰমে ৪,০০০ আৰু ২,০০০ টকাকৈ তেওঁলোক দুয়োৰে বেংক একাউণ্টত জমা কৰি দিছিল৷
“মোৰ দেউতা পেছাত এজন গাড়ীচালক৷ শিক্ষা বিভাগৰ তৰফৰ পৰা লাভ কৰা এই জলপানিয়ে আমাক কিছু সকাহ প্ৰদান কৰিছে৷ সেই ধনেৰে মই পাঠ্যপুথি আৰু কিছু লাগতিয়াল সামগ্ৰী ক্ৰয় কৰিছোঁ৷ এনেধৰণৰ পদক্ষেপৰ জৰিয়তে মোৰ দৰে আন ছাত্ৰীসকলকো শিক্ষাৰ ক্ষেত্ৰত উৎসাহ-উদ্দীপনা যোগোৱাৰ বাবে চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ,” মাচুমাই অসম বাৰ্তাক কয়৷
একেদৰে কাশ্মীৰায়ো এই জলপানি লাভ কৰাৰ পাছত উৎফুল্লিত হৈ পৰিছে৷ তেওঁ কয়, “সেই ধনেৰে নিজৰ প্ৰয়োজনীয় কেইপদমান সামগ্ৰী ক্ৰয় কৰিবলৈ পাই মই যথেষ্ট সুখী হৈছোঁ৷ এনেধৰণৰ আঁচনিসমূহে শিক্ষাৰ্থীসকলক ভালদৰে অধ্যয়ন কৰিবলৈ অধিক আগ্ৰহী কৰি তুলিব৷”
ৰাজ্য চৰকাৰে সংখ্যালঘু শিক্ষাৰ্থীসকলৰ আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে সময়ে সময়ে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰি আহিছে৷ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশনত মাধ্যমিক শিক্ষাৰ অন্তৰ্গত দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত সংখ্যালঘু ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে “সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীলৈ বিশেষ জলপানি আঁচনি”ৰ ঘোষণা কৰিছিল৷
এই আঁচনিৰ জৰিয়তে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইন, ১৯৯২-ৰ ধাৰা ২ (গ)ৰ অধীনত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায় অৰ্থাৎ মুছলমান, শিখ, খ্ৰীষ্টান, বৌদ্ধ, জৈন আৰু পাৰ্চী সম্প্ৰদায়ৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলক বছৰি ২,০০০ টকাকৈ আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীসকলক ৪,০০০ টকাকৈ প্ৰদান কৰা হয়৷
শেহতীয়াকৈ, অসমৰ চৰকাৰী, প্ৰাদেশীকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত ২১,৬৬১ গৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীলৈ ২০২১-২২ বৰ্ষৰ বিশেষ জলপানিৰ ধন প্ৰত্যক্ষ লাভালাভ হস্তান্তৰকৰণ (DBT) প্ৰক্ৰিয়াৰে প্ৰদান কৰা হয়৷ আঁচনিখনৰ দায়িত্বত থকা মাধ্যমিক শিক্ষা বিভাগে চলিত বৰ্ষত হিতাধিকাৰীসকলক মুঠ ৬.৮৬ কোটি টকা প্ৰদান কৰিছে৷
- আৱেদনকাৰীয়ে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট www.madhyamik.assam.gov.in-ৰ জৰিয়তে নাইবা প্লে’ ষ্টোৰ-ৰ পৰা “Bidyarthi” মোবাইল এপ্ ডাউনল’ড কৰি তাৰ সহায়তো আৱেদন কৰিব পাৰে৷
- মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ২০২১-২২ বৰ্ষৰ বাবে ২২,১৮৪খন আৱেদন লাভ কৰিছিল আৰু নিৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত ইয়াৰে ২১,৬৬১গৰাকী হিতাধিকাৰীয়ে আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে৷
- অসম সৰ্বশিক্ষা অভিযানে হিতাধিকাৰীসকলৰ বেংক একাউণ্টৰ নিৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰিছিল৷