২৬ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা মিলিত হয় ষষ্ঠদশ বিত্ত আয়োগৰ এটা দলৰ সৈতে হোৱা বৈঠকত৷ এই বৈঠকত তেওঁ অসমে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোকপাত কৰে৷ লোকসেৱা ভৱনত অনুষ্ঠিত উক্ত বৈঠকত কেবিনেটৰ মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে৷ প্ৰত্যাহ্বানসমূহৰ লগতে মুখ্যমন্ত্ৰীয়ে অসমৰ উন্নয়নৰ গতিপথৰ বিষয়ে উল্লেখ কৰে৷
বিত্ত আয়োগৰ চাৰিদিনীয়া অসম ভ্ৰমণ আৰম্ভ হৈছিল ২৫ ছেপ্টেম্বৰত ৷ তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি অসমৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ বিভিন্ন বিত্তীয় বিষয় সম্পৰ্কে আলোচনা কৰে৷
পাছত মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত অধ্যক্ষ অৰবিন্দ পানাগাৰিয়াৰ নেতৃত্বত সাতজনীয়া বিত্ত আয়োগৰ দলটিয়ে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী, মুখ্য সচিব ড॰ ৰবি কোটা আৰু বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিত্তীয় পৰিকল্পনা সম্পৰ্কে বুজ লয়৷
বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে বিত্ত আয়োগক তেওঁলোকৰ এই ভ্ৰমণৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ অসমৰ বৈচিত্ৰ্যপূৰ্ণ ভূগোলৰ লগতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, একাধিক আন্তঃৰাষ্ট্ৰীয় সীমাৰ সমীপত থকাৰ বাবে সৃষ্টি হোৱা আৰু জনগাঁথনিগত পৰিৱৰ্তন সম্পৰ্কীয় উদ্বেগ আদি অসমৰ অন্যান্য প্ৰত্যাহ্বান সম্পৰ্কে তেখেতে অৱগত কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কেনেকৈ এই প্ৰত্যাহ্বানসমূহৰ সত্ত্বেও অসমে উচ্চ মূলধনী ব্যয় প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে৷ তেওঁ লগতে স্বাস্থ্য, শিক্ষা, খোৱাপানী, আন্তঃগাঁথনি, স্থানীয় প্ৰশাসনকে ধৰি দুৰ্যোগ প্ৰশমন, শক্তি আদি গুৰুত্বপূৰ্ণ খণ্ডসমূহত অসমৰ উন্নত প্ৰদৰ্শনৰ বিষয়েও উল্লেখ কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুঠ ঘৰুৱা উৎপাদন আৰু জনমূৰি আয় বৃদ্ধিত গুৰুত্বপূৰ্ণ সফলতা লাভৰ বিষয়ে উল্লেখ কৰি কয় যে অসম এখন আত্মনিৰ্ভৰশীল ৰাজ্য হোৱাৰ লগতে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ অৱদানকাৰী ৰাজ্য হ’বলৈ প্ৰস্তুত হৈছে৷ এই উদ্দেশ্যে প্ৰাপ্তিৰ বাবে সহযোগিতামূলক ফেডাৰেলিজমক শক্তিশালী কৰাত সহায় কৰিব পৰাকৈ অন্তৰ্দৃষ্টি প্ৰদান কৰা হৈছে৷ সকলো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ তথা অংশীদাৰিত্ব আৰু দক্ষতাৰ মাজত এক সূক্ষ্ম ভাৰসাম্য বজাই ৰাখিব পৰাকৈ ৰাজ্যখন সাজু হৈছে৷
“উত্তৰ-পূৰ্বাঞ্চলক এক বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক আগুৱাই নিবলৈ অধিক পুঁজিৰ হস্তান্তৰ গুৰুত্বপূৰ্ণ,” মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আয়োগক কেন্দ্ৰৰ পুঁজি ৰাজ্যক হস্তান্তৰৰ পৰিকাঠামোৰ ভিতৰত অসমৰ অংশ বৃদ্ধি কৰিবলৈ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক ১০% কেন্দ্ৰীয় পুঁজি আবণ্টন কৰি উত্তৰ-পূৰ্বাঞ্চলক এক সামূহিক খণ্ড হিচাপে গণ্য কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ আহ্বান জনায়৷
অসমৰ অনন্য প্ৰত্যাহ্বানসমূহ সমাধানৰ বিষয়ে গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে আঞ্চলিক বৈষম্য দূৰ কৰাটোৱেই হৈছে ভাৰতৰ অগ্ৰগতিৰ একমাত্ৰ পথ৷ ষষ্ঠদশ বিত্ত আয়োগে অসমৰ পৰিস্থিতি অনুকূল হিচাপে বিবেচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে৷
এই বৈঠকত লগতে উপস্থিত আছিল আয়োগৰ সচিব ঋত্বিক পাণ্ডে, সদস্য অজয় নাৰায়ণ ঝা, শ্ৰীমতী এনি জৰ্জ মেথিউ, মনোজ পাণ্ডা, সৌম্য কান্তি ঘোষ আৰু যুটীয়া সচিব ৰাহুল জৈন৷
লোকসেৱা ভৱনত ষষ্ঠদশ বিত্ত আয়োগৰ প্ৰতিনিধি দল আৰু অসম চৰকাৰৰ বিষয়ববীয়াৰ সৈতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশ লোৱাৰ সময়ত