আজি ২৪ নৱেম্বৰ, ২০২২৷ আহোম সাম্ৰাজ্যৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী৷ সেই সময়ৰ শক্তিশালী মোগলক পৰাভূত কৰি মানস নদীৰ সিপাৰলৈ ভটিয়াই যাবলৈ বাধ্য কৰিছিল লাচিতে৷ মোগল সৈন্যক নেতৃত্ব প্ৰদান কৰিছিল অম্বৰৰ ৰজা জয়সিংহৰ পুত্ৰ মানসিংহই৷ আহোম প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ সাধনেৰে শক্তিশালী কৰি তুলিবলৈ নিযুক্ত হোৱা প্ৰথমগৰাকী বৰবৰুৱা লাচিত আছিল মোমাই তামুলী বৰবৰুৱাৰ সুদক্ষ পুত্ৰ৷ বৰবৰুৱাৰ পৰামৰ্শ অনুসৰিয়েই অসমৰ বিভিন্ন জাতি-জনজাতিৰ বাবে টাই আহোম ভাষাৰ লগতে অসমীয়া ভাষাকো প্ৰশাসনীয় ভাষা কৰা হৈছিল আৰু এনেদৰে আঞ্চলিক অনুভূতিৰে জনসাধাৰণৰ হৃদয়ত বিশেষ স্থান দখল কৰিছিল৷ এজন সদা সক্ৰিয়, বুদ্ধিমন্ত আৰু অত্যন্ত কৰ্তব্যপৰায়ণ পিতৃৰ অধীনত এক শৃংখলাবদ্ধ ৰাজকীয় পৰিৱেশত ডাঙৰ-দীঘল হোৱা লাচিতে মোগলৰ বিৰুদ্ধে যুঁজত এজন বুদ্ধিমান, দূৰদৰ্শী আৰু ব্যতিক্ৰমী সেনাপতিৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল৷ মাতৃভূমিৰ প্ৰতি থকা গভীৰ প্ৰেমৰ লগতে এটা অদম্য সাহসিক মন আৰু গভীৰ কৰ্তব্যবোধে লাচিতক মোগলৰ শক্তিশালী আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম কৰি তুলিছিল৷
উল্লেখ্য যে সম্ৰাট ঔৰংগজেবে দিল্লীৰ সিংহাসনৰ বাবে ভাতৃসকলৰ সৈতে কন্দল সমাধান কৰি বংগৰ চুবেদাৰ হিচাপে আটাইতকৈ শক্তিশালী নবাব মীৰজুমলাক নিযুক্তি দি কোঁচ আৰু আহোমসকলৰ অধীনত থকা অঞ্চলসমূহ পুনৰ দখল কৰিবলৈ নিৰ্দেশ দিয়ে৷ ঔৰংগজেবৰ উদ্দেশ্য আছিল তেওঁৰ সিংহাসনৰ সম্ভাব্য প্ৰতিদ্বন্দ্বী মীৰজুমলা যাতে মোগলসকলৰ মতে ‘ৰহস্যময় আহোম ৰাজ্য’খনৰ পৰা উভতি আহিব নোৱাৰে৷ মীৰজুমলাই সহস্ৰাধিক অশ্বাৰোহী, পদাতিক সৈন্য, যুদ্ধ-নাও, জাহাজ আৰু গোলা-বাৰুদেৰে গঠিত এক বিশাল সৈন্যবাহিনীৰ বলত ৪ ফেব্ৰুৱাৰী ১৬৬২ত গুৱাহাটী পুনৰ দখল কৰে আৰু তাৰ পাছত ১৬৬২ চনৰ ১৭ মাৰ্চত আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰে৷ এই অভিযানৰ প্ৰকোপত আহোম স্বৰ্গদেউ নামৰূপলৈ ভগনীয়া হয়৷
কোৱা হয় যে আগ্ৰাসী মোগলক প্ৰতিৰোধ কৰিবলৈ সেই সময়ত আহোম ৰাজপৰিয়ালৰ কোনো ব্যক্তিৰ বিপৰীতে মনথিৰ ভৰালীক দায়িত্ব দিয়াৰ বাবে আহোম বিষয়াসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল৷ সেই সময়তেই অসমত বাৰিষা নামিল৷ এই সুবিধা লৈয়ে আতন বুঢ়াগোহঁায়ে মোগলৰ বিৰুদ্ধে গৰিলা যুদ্ধৰ আশ্ৰয় লয়৷ অৱশেষত মীৰজুমলাই এখন চুক্তিত সন্মত হৈ পিছুৱাই যোৱাৰ সিদ্ধান্ত লয়৷ ১৬৬৩ চনৰ ২৩ জানুৱাৰীত স্বাক্ষৰ হোৱা এই চুক্তি অনুসৰি স্বৰ্গদেউ জয়ধ্বজ সিংহৰ একমাত্ৰ কন্যা ৰমণী গাভৰুক দিল্লীৰ হেৰেমলৈ প্ৰেৰণ কৰা হয়৷ পাছলৈ ৰমণী গাভৰু ঔৰংগজেবৰ তৃতীয় পুত্ৰ চুলতান মহম্মদ আজমৰ সৈতে ৰহমত বানু বেগম নামেৰে বিবাহপাশত আবদ্ধ হয়৷ তদুপৰি, চুক্তি অনুসৰি আহোমে দিল্লীৰ সম্ৰাটক সোণ, ৰূপ, হাতী আদি তৎক্ষণাৎ পৰিশোধ কৰিছিল আৰু বছৰি এনে ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ মান্তি হৈছিল¸৷ ইয়াৰ বিপৰীতে মীৰজুমলাই মোগল সেনাক গুৱাহাটীলৈ প্ৰত্যাহাৰ কৰিছিল৷ ওভতনি যাত্ৰাত ঢাকা পোৱাৰ আগতে মীৰজুমলাৰ মৃত্যু হৈছিল৷
আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ এই পৰাজয় জনসাধাৰাণে সহজভাৱে ল’ব পৰা নাছিল৷ ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁইৰ পৰামৰ্শ আৰু উদ্যোগত যুদ্ধকলাৰ প্ৰশিক্ষণ, খাদ্য সংগ্ৰহ, অস্ত্ৰাগাৰ আৰু যুদ্ধ-নাও উৎপাদনৰ লগতে কৌশলগত স্থানত দুৰ্গ নিৰ্মাণৰ বাবে এক দীৰ্ঘদিনীয়া প্ৰস্তুতি আৰম্ভ হৈছিল৷ আনহাতে, মোগলৰ তলপ হৈ চুক্তিৰ অপমানজনক চৰ্তসমূহ পূৰণ কৰি থকাটো আহোম ৰজাৰ বাবে অসহনীয় হৈ পৰিছিল৷ স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিতেই যে আটাইতকৈ উপযুক্ত বৰফুকন হ’ব তাৰ গম লৈছিল৷ লাচিতে ইতিমধ্যে কাজলী, সোণাপুৰ, পানীখাইতী আদিত মোগল দুৰ্গবোৰ সহজে আক্ৰমণ কৰিছিল৷ ১৬৬৭ চনৰ ৪ নৱেম্বৰত শৰাইঘাটৰ ওচৰত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে ইটাখুলিৰ মোগল দুৰ্গত আক্ৰমণ কৰি শত্ৰু সেনা বধ কৰে আৰু বাকীসকলক মানসৰ সিপাৰলৈ খেদি পঠিয়ায়৷ এই আক্ৰমণৰ আগনিশা অসমীয়া চোৰাংচোৱাই মোগল দুৰ্গত প্ৰৱেশ কৰি শত্ৰুৰ কামানত পানী ঢালিছিল৷
দিল্লীৰ সম্ৰাটৰ পৰা ইয়াৰ প্ৰত্যুত্তৰ পোৱাৰ সম্ভাৱনাৰ কথা ভাি ব লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁয়ে গুৱাহাটীৰ চৌপাশে থকা দুৰ্গসমূহ শক্তিশালী কৰি তোলে৷ ৰামসিংহই মিতমাত আৰু আক্ৰমণ এই দুয়োটা পন্থাৰে গুৱাহাটীত প্ৰৱেশ কৰিবলৈ প্ৰয়াস কৰে যদিও সম্পূৰ্ণ ব্যৰ্থ হয়৷ ১৬৭১ চনৰ মাৰ্চ মাহত আন্ধৰুবালিৰ মাজেৰে গুৱাহাটীত প্ৰৱেশ কৰাৰ চূড়ান্ত প্ৰয়াস কৰে, তীব্ৰজ্বৰত ভুগি থকা সত্ত্বেও লাচিত বৰফুকনে এই প্ৰয়াস বিফল কৰিছিল৷ অৱশেষত মোগল সেনাই মানাহলৈ ভটিয়াই যায়৷ আলাবৈৰ ৰণৰ পৰাই লাচিতে বুজি উঠিছিল যে স্থলযুদ্ধত বিশাল মোগল অশ্বাৰোহী আৰু পদাতিক বাহিনীক প্ৰতিৰোধ কৰিব নোৱাৰিব৷ সেয়েহে, গুৱাহাটীৰ চাৰিওফালে দুৰ্ভেদ্য গড় বন্ধা সত্ত্বেও, লাচিতে শেষত মোগলক লুইতৰ বুকুত যুঁজিবলৈ বাধ্য কৰিছিল৷ লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাই অসংখ্য নাৱত উঠি শৰাইঘাটত মোগলক ভেটা দিছিল৷ ৰামসিংহই অৱশেষত ভটিয়াই যাবলৈ বাধ্য হয়৷ শতৰুক প্ৰশংসা কৰি ৰামসিংহই কৈ যায় “প্ৰতিজন অসমীয়া সৈন্য নাও চলোৱা, কাঁড়মৰা, খাৱৈ খন্দা আৰু হিলৈ কামান মৰা- এই সকলোতে পাকৈত৷” এনে পাকৈত ৰণুৱাক মাথোঁ লাচিত বৰফুকনৰ দৰে এজন সাহসী, বীৰ আৰু যোগ্য সেনাপতিৰ প্ৰয়োজন আছিল, যিজন হৈছে অসমৰ গৰিমা আৰু বৈভৱৰ প্ৰতীক৷ (লেখিকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক)