শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয় — মহান বৈষ্ণৱ কবি, ধৰ্মপ্ৰচাৰক শ্রীশ্রী অনিৰুদ্ধদেৱৰ নামেৰে নামকৰণ কৰা এখন বিশ্ববিদ্যালয়। মধ্যযুগৰ অসমৰ সমাজ সংস্কাৰক হিচাপে পৰিচিত অনিৰুদ্ধদেৱে আধ্যাত্মিকতা আৰু সমন্বয়ৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই শক্তিশালী সমাজ গঢ়াৰ বাট দেখুৱাই থৈ গৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত এই বিশ্ববিদ্যালয়খন হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ৰাজ্যিক ক্ৰীড়া বিশ্ববিদ্যালয়।
এই বিশ্ববিদ্যালয়খন অসম বিধান সভাত গৃহীত এখন বিধেয়ক (No. LGL. 164/2018/7)ৰ অধীনত স্থাপন কৰা হয়। ২০১৮ চনৰ ১০ ডিচেম্বৰত অসমৰ ৰাজ্যপালে বিশ্ববিদ্যালয়খন স্থাপনৰ বাবে সন্মতি প্ৰদান কৰে। বিশ্ববিদ্যালয়খন নিৰ্মাণ কৰাৰ বাবে অসম চৰকাৰে চাবুৱাৰ বালিজান পানীএৰা গাঁৱত ২০০ বিঘা ভূমি আবণ্টন কৰিছে। এই বিশ্ববিদ্যালয়খন ২০২০ চনৰ ২২ জুন তাৰিখে অসম বিধান সভাৰ আইন নম্বৰ XXIX, ২০১৮ৰ দ্বাৰা কাৰ্যক্ষম হয়।
বিশ্ববিদ্যালয়খনৰ মুখ্য লক্ষ্য হৈছে ক্ৰীড়া বিজ্ঞানী, শৰীৰ শিক্ষাবিদ, ক্ৰীড়া প্ৰশিক্ষক আৰু গৱেষকসকলক গঢ়ি তোলা, যিসকলে ক্ৰীড়া মনোবিজ্ঞান, ব্যায়াম বিজ্ঞান, ক্ৰীড়া বায়’মেকানিক্স, ক্ৰীড়া চিকিৎসা, ক্ৰীড়া ফিজিঅ’থেৰাপি, ক্ৰীড়া প্ৰযুক্তি আৰু ক্ৰীড়া বিশ্লেষণ আদি ক্ষেত্ৰত অধ্যয়ন আৰু গৱেষণা কৰিব।
প্ৰস্তাৱিত স্থায়ী আন্তঃগাঁথনি নিৰ্মাণ নোহোৱালৈকে বিশ্ববিদ্যালয়খন বৰ্তমান ডিব্ৰুগড় জিলাৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ এটা অস্থায়ী চৌহদৰ পৰাই পৰিচালিত হৈ আছে। আনহাতে, অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পৰামৰ্শত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ চৌহদত ইয়াৰ শৈক্ষিক কাম-কাজ চলি আছে।
বহু গৌৰৱোজ্জ্বল প্ৰতিষ্ঠানৰ আৰম্ভণি নিম্ন পৰ্যায়ৰ পৰাই হয়, যিয়ে পাছত গৌৰৱৰ প্ৰতীক হিচাপে পৰিগণিত হয়। মোৰ মনত আছে যে যেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল, তেতিয়াও অসম সচিবালয় অস্থায়ী চৌহদতেই পৰিচালিত কৰিবলগীয়া হৈছিল। সেই সময়ৰ সৈতে বৰ্তমানৰ আন্তঃগাঁথনি তুলনা কৰিলে মই বিশ্বাস কৰোঁ যে এই বিশ্ববিদ্যালয়ো এদিন অসমৰ গৌৰৱ হ’ব আৰু ইয়াৰ আৰম্ভণিৰ অধ্যায় ইতিহাস হৈ ৰ’ব।
বিশ্ববিদ্যালয়খনে ইয়াৰ প্ৰথম বৰ্ষত ৮গৰাকী শিক্ষাৰ্থীক ক্ৰীড়া প্ৰশিক্ষণত স্নাতকোত্তৰ ডিপ্ল’মা প্ৰদান কৰে। ইয়াৰ ভিতৰত ৪গৰাকীয়ে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত নিযুক্তি লাভ কৰিছে। মই অনুভৱ কৰোঁ যে এই বিশ্ববিদ্যালয়খনে শিক্ষাৰ্থীসকলৰ বাবে অসমৰ সমান্তৰালকৈ সমগ্ৰ দেশতেই ক্ৰীড়া উদ্যোগৰ ক্ষেত্ৰত লাভজনক তথা সম্ভাৱনাময় কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।
২০২৩ চনত বিশ্ববিদ্যালয়খনে ইউ জি চিৰ নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ আধাৰত প্ৰথম ৪ বছৰীয়া স্নাতক পাঠ্যক্রম ‘Bachelor of Physical Education (অনাৰ্চ/ অনাৰ্চৰ সৈতে গৱেষণা)’ আৰম্ভ কৰে। তদুপৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত বিশ্ববিদ্যালয়খনে ফিজিকেল এডুকেশ্যনত পি এইচ ডি পাঠ্যক্ৰমৰো আৰম্ভ কৰিছে। দৰাচলতে বিশ্ববিদ্যালয়খনত বিভিন্ন শৈক্ষিক পাঠ্যক্রম আৰম্ভ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছিল, কিন্তু পৰ্যাপ্ত স্থান আৰু প্ৰশিক্ষিত অধ্যাপকৰ অভাৱে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক দিশৰ অগ্ৰগতিত কিছু বাধা আনিছে।
যোৱা মাহত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডিব্ৰুগড় জিলা পৰিদৰ্শন কৰি জিলা প্ৰশাসন, লোক নিৰ্মাণ বিভাগ আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে বিশ্ববিদ্যালয়খনৰ কাৰ্যক্ষমতা আৰু আন্তঃগাঁথনিৰ বিকাশ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীগৰাকীৰ পৰাও এইক্ষেত্ৰত যথেষ্ট সহায়-সহযোগিতা লাভ কৰা দেখিবলৈ পোৱা গৈছে।
চাবুৱাত এনে এখন বিশ্ববিদ্যালয় স্থাপন হোৱাটো মোৰ বাবে আনন্দ আৰু গৌৰৱৰ বিষয়। চাবুৱা অঞ্চলৰ চাহ বাগিচাত উৎপাদিত চাহপাত বিশ্ববিখ্যাত। এই বিশ্ববিদ্যালয়খনৰ স্থাপনে চাবুৱাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ ক্ষেত্ৰখনলৈ এক গৌৰৱময় বতৰা কঢ়িয়াই আনিছে।
কিন্তু আমি স্বীকাৰ কৰিবই লাগিব যে বিভিন্ন আন্তঃগাঁথনিমূলক সমস্যাৰ কাৰণে বিশ্ববিদ্যালয়খনক ইয়াৰ স্থায়ী ঠিকনালৈ স্থানান্তৰিত কৰিবলৈ কিছু সময় লাগিব। স্থানীয় বিধায়ক হিচাপে মই বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ সৈতে ইয়াৰ স্থান পৰিদৰ্শন কৰি কেনেদৰে নতুন ৰূপ দিব পাৰি, সেই বিষয়ে আলোচনা কৰিছোঁ। এই বিশ্ববিদ্যালয়খনে ৰাজ্যৰ যুৱ সমাজৰ উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰি ক্ৰীড়া প্ৰতিভাসমূহক উৎসাহিত কৰিব বুলি মই বিশ্বাসী।
এই বিশ্ববিদ্যালয়খন এক উৎকৰ্ষতাৰ কেন্দ্ৰত পৰিণত হৈ সমাজৰ কল্যাণ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ গুণগত শিক্ষা নিশ্চিতকৰণত যাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, তাৰ বাবে পৰ্যায়ক্ৰমে পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশ্ববিদ্যালয়খন স্থাপনৰ সৈতে জড়িত হৈ থকা আমাৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টাৰে কাম কৰা হৈছে।
বিশ্ববিদ্যালয় কেৱল এখন শিক্ষানুষ্ঠান নহয়; ই এক আশাৰ কিৰণ। য’ত বহু প্ৰজন্মৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি হৈ থাকে। এই প্ৰতিষ্ঠানত বিশ্বমানৰ শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলাৰ দিশটোত আমি সম্ভাৱনা দেখিবলৈ পাইছোঁ, যাৰ দ্বাৰা ভৱিষ্যতে খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদানেৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত ভাৰতৰ পদক লাভৰ নিশ্চিতি অধিক বৃদ্ধি পাব।
ক্ৰীড়া বিশ্ববিদ্যালয়খনে কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ পেছাগত দিশটোৰ বিকাশতেই সহায় নকৰে, বৰঞ্চ স্থানীয় লোককো বহুপৰিমাণে উপকৃত কৰিব আৰু দক্ষতা বিকাশ তথা উদ্যমিতাৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিব।
বিশ্ববিদ্যালয়খনে সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰি এটা ব্যাপক আন্দোলন গঢ়ি তুলিব পাৰে, যিয়ে স্বাস্থ্য আৰু আনুষংগিক ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন আনিব। আমাৰ লক্ষ্য কেৱল দেশৰ ভিতৰতে শ্ৰেষ্ঠ হোৱাই নহয়, বিশ্বৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয়সমূহৰ সৈতেও সমানেই প্ৰতিযোগিতা কৰাৰ সামৰ্থ্যও বিশ্ববিদ্যালয়খনে অটুট ৰাখিব লাগিব।
অসম চৰকাৰৰ সহায় তথা বিশ্ববিদ্যালয়ৰ নিষ্ঠাবান অধ্যাপক আৰু কৰ্মচাৰীসকলৰ সহযোগিতাৰ মাধ্যমেৰে আগন্তুক দিনসমূহত ক্ৰীড়া প্ৰতিভাসমূহে এখন উৎকৃষ্ট মঞ্চ লাভ কৰি দেশ-বিদেশত জিলিকি উঠিব বুলি আমি আশাবাদী।
(পোনাকণ বৰুৱা, বিধায়ক, চাবুৱা বিধান সভা সমষ্টি)