শ্ৰমিক কল্যাণৰ বাবে আইন তথা আঁচনিসমূহৰ সফল ৰূপায়ণৰ দিশত শ্ৰম কল্যাণ বিভাগে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰে। আমাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত বিভাগটোৱে শ্ৰমিকসকলৰ কল্যাণৰ দিশত শেহতীয়াকৈ বহুকেইটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
যোৱা বছৰ মাৰ্চত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভাগটোৰ অধীনত ই-সেৱা ব্যৱস্থাৰ মুকলি কৰে আৰু ১৬টাকৈ সেৱা স্বয়ংক্ৰিয় কৰি তোলে। এই ব্যৱস্থাৰ জৰিয়তে সফলভাৱে আবেদন কৰাৰ পাছত আবেদনকৰ্তাসকলে অনুজ্ঞাপত্ৰ/পঞ্জীয়ন আদি তৎক্ষণাত লাভ কৰিব পাৰিব। আগষ্টৰ ৩১ তাৰিখলৈকে মুঠ ১.৬৪ লাখ আবেদন শ্ৰম আয়ুক্তৰ কাৰ্যালয়ে লাভ কৰিছে। এই দূৰদৰ্শী পদক্ষেপৰ জৰিয়তে ‘ইজ অৱ ডুয়িং বিজনেছ’ প্ৰকল্পলৈ আগবঢ়োৱা সহযোগিতাৰ বাবে বিভাগটোৱে ২০২৩ বৰ্ষৰ কৰ্মশ্ৰী বঁটা লাভ কৰিছে। এয়া বিভাগটোৰ বাবে এক অনন্য সফলতা।
‘ইজ অৱ ডুয়িং বিজনেছ’ক সুলভ কৰি তোলাৰ দিশত আগবাঢ়ি যাওঁতে শ্ৰম আয়ুক্তালয়ে সুনিশ্চিত কৰিবলৈ চেষ্টা কৰিছে যাতে শ্ৰমিক আৰু শিশুসকলৰ অধিকাৰ খৰ্ব নহয়। এই বিষয়টোক লৈ শ্ৰম কল্যাণ বিভাগে ‘একশ্যন মান্থ’ শীৰ্ষক এটা বিশেষ এমহীয়া নিৰীক্ষণ অভিযান চলাই ২৩৭গৰাকী শিশু/কিশোৰক উদ্ধাৰ কৰে আৰু শিশু শ্ৰমিক ৰখাৰ অপৰাধৰ বাবে ৮৯খন এজাহাৰ দাখিল কৰে। এতিয়ালৈকে উদ্ধাৰ হোৱা শিশু শ্ৰমিক হৈছে মুঠ ১০৭২গৰাকী।
বৰ্তমানৰ শ্ৰমিক আইনখনত চাৰিটা শ্ৰমিক বিধিৰ আধাৰ হৈছে – ১) মজুৰিৰ বিধি, ২) ঔদ্যোগিক সম্পৰ্ক বিধি, ৩) সামাজিক সুৰক্ষা বিধি আৰু ৪) কৰ্মক্ষেত্ৰৰ সুৰক্ষা স্বাস্থ্য আৰু কৰ্ম চৰ্ত (OSHW) বিধি। অংশীদাৰসকলৰ পৰামৰ্শ আৰু পৰ্যাপ্ত গৱেষণাৰ ভিত্তিত এই চাৰিটা বিধিৰ অধীনত ৰাজ্যৰ নীতি প্ৰস্তুত কৰা হৈছে। এই বিধিসমূহ অতি সোনকালে প্ৰণয়ন হ’ব।
অসম চৰকাৰে ৰাজ্যখনত মটৰ পৰিবহণ শ্ৰমিকসকলৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বাবে এক উপযুক্ত কল্যাণমূলক কাৰ্যসূচী বিকশিত কৰিবলৈ ‘অসম পৰিবহইণ কৰ্মী সামাজিক সুৰক্ষা আঁচনি ২০২০’ প্ৰণয়ন কৰিছে।
ৰাজ্যৰ বাহিৰত আৰু বিদেশত সংস্থাপন লাভ কৰাৰ প্ৰত্যাশীসকলে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰমিক নিয়োগৰ বাবে প্ৰস্তাৱিত অসম ব্যক্তিগত সংস্থাপন এজেন্সী (নিয়ন্ত্ৰণ) নীতি ২০২৪ত অধিসূচিত কৰা হৈছে। এই শ্ৰমিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ব্যক্তিগত সংস্থাপন প্ৰদান কৰা সংস্থাসমূহক নিয়ন্ত্ৰণ কৰাৰ লক্ষ্য এই নীতিৰ জৰিয়তে গ্ৰহণ কৰা হৈছে।
বিভাগটোৱে শ্ৰমিকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ জীৱন সহজ কৰি তুলিবলৈ প্ৰযুক্তি ব্যৱহাৰ সুলভ কৰি তুলিছে। ই-শ্ৰম এক্স-গ্ৰেছিয়া, নিৰ্মাণ শ্ৰমিকৰ ই-পঞ্জীয়ন, অনলাইন পোনপটীয়া লাভালাভ হস্তান্তৰ (ডিবিটি), অনলাইন উপকৰ সংগ্ৰহ ব্যৱস্থাৰ লগতে মুকলি হ’ব লগা নিৰ্মাণ সখী প’ৰ্টেল আদিৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ অন্যতম উদাহৰণ। ২০২১-২২ বৰ্ষত ই-শ্ৰম প’ৰ্টেলত হোৱা পঞ্জীয়নৰ বাবে অসমে উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় শ্ৰেষ্ঠ ৰাজ্যৰ স্বীকৃতি লাভ কৰিছে। এতিয়া ফলাফল দ্ৰুত হৈছে। অনলাইন পঞ্জীয়ন ব্যৱস্থাৰ বাবে নিৰ্মাণ শ্ৰমিকৰ পঞ্জীয়নৰ সংখ্যা ৭.২৫ লাখলৈ বৃদ্ধি হৈছে।
কল্যাণমূলক লাভালাভ বিতৰণৰ বাবে ডিবিটিৰ ব্যৱহাৰে ২০২৩-২৪ বৰ্ষত ৩৮,১২৬গৰাকী শ্ৰমিকক সেৱা আগবঢ়াবলৈ বিভাগটোক সক্ষম কৰি তুলিছে। এনেদৰে বিতৰণ কৰা ধনৰ পৰিমাণ আছিল ৬৭.১২ কোটি টকা। অসম ভৱন আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক আৰু কল্যাণ পৰিষদে এই পঞ্জীয়নভুক্ত হিতাধিকাৰীসকলক ৪৩০.১২ কোটি টকা বিতৰণ কৰিছে। ইলেক্ট্ৰ’নিক্স গভৰ্নমেণ্ট ৰিচিপ্ট একাউণ্টিং ছীষ্টেম (EGRAS) জৰিয়তে পৰিষদে বিভিন্ন বিভাগ আৰু সংস্থাৰ পৰা উপকৰ সংগ্ৰহ বৃদ্ধি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। ৩১ মাৰ্চলৈকে সংগৃ্হীত এনে ধনৰ পৰিমাণ আছিল ২৫৫৭.৬ কোটি টকা।
পৰিষদে পঞ্জীয়নভুক্ত হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ লাভ শ্ৰমিকসকলৰ বাবে নিশ্চিত কৰিছে। পৰিষদে শ্ৰমিকসকলৰ লগতে তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে গোগামুখ (ধেমাজি), বল্লমগুৰি (কোকৰাঝাৰ) আৰু ধমধমা (নলবাৰী) আদি বিভিন্ন স্থানত দক্ষতা বিকাশ প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰিছে।
সমগ্ৰ অসমত ব’ৰ্ডৰ জৰিয়তে স্থাপন হ’বলগীয়া শিক্ষানুষ্ঠানসমূহত পঞ্জীয়নভুক্ত ভৱন আৰু অন্যান্য নিৰ্মাণ কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক ৫০% আসন সংৰক্ষণ কৰাৰ এক দূৰদৰ্শী সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। উচ্চ শিক্ষা বিভাগ আৰু লোক কল্যাণ বিভাগৰ (ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ) সহায়ত ইতিমধ্যে এনে পাঁচখন শিক্ষানুষ্ঠানৰ নিৰ্মাণ আৰম্ভ হৈছে।
ৰাজ্যখনৰ শ্ৰমিকসকলক নিযুক্তি প্ৰদান কৰে মূলতঃ কাৰখানাসমূহে। আমি ২০২৩-২০২৪ বিত্তীয় বৰ্ষত ৩৫৯টা নতুন কাৰখানা পঞ্জীয়ন কৰি প্ৰায় ১৯,৪৬৫গৰাকী শ্ৰমিকক নিৰ্ধাৰিত আইনী সুৰক্ষাৰ পৰিধিৰ ভিতৰলৈ আনিছোঁ।
এটা উল্লেখযোগ্য বিষয় হৈছে যে প্ৰায় ৬.৫ লাখগৰাকী ‘কৰ্মচাৰী ৰাজ্য বীমা’ৰ (ইএছআই) হিতাধিকাৰীয়ে ইএছআইএছ. ডিছপেনচাৰী/চিকিৎসালয় আৰু গৌণ সহযোগিতাৰ অধীনৰ ব্যক্তিগত চিকিৎসা সেৱা প্ৰতিষ্ঠানসমূহৰ জৰিয়তে সকলো ধৰণৰ আৰু নগদবিহীন চিকিৎসাসেৱা লাভ কৰাটো নিশ্চিত কৰা হৈছে। সুস্বাস্থ্যৰ গুৰুত্ব আৰু পৰিচ্ছন্নতা সম্পৰ্কে আমি অসমৰ বিভিন্ন জিলাত ৫ টা স্বাস্থ্য আৰু সজাগতা শিবিৰৰ আয়োজন কৰিছোঁ। ইএছআই হিতাধিকাৰীসকলৰ স্বাস্থ্য সেৱা নিশ্চিতকৰণৰ অৰ্থে অসমৰ সকলো জিলাতে মুঠ ৩৭খন গৌণ সহযোগিতাৰ ব্যৱস্থা কৰা হৈছে।
অসমৰ চাহ বাগিচাসমূহত ৰাজ্যখনৰ এক বৃহৎসংখ্যক শ্ৰমিক নিযুক্ত হৈ থাকে। ২০২৩-২৪ বিত্তীয় বৰ্ষত আমি অসম চাহ শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ অধীনত ৩৪,১৯২গৰাকী নতুন সদস্যৰ অন্তৰ্ভুক্ত কৰা হৈছে। এই বিত্তীয় বৰ্ষতে ৩৩খন চাহ বাগিচা/চাহ কাৰখানা অসম চাহ শ্ৰমিক-কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ অধীনলৈ অনা হৈছে। বিভাগটোৱে শ্ৰমিকৰ কল্যাণৰ দিশত ব্যক্তিগত আৰু বেচৰকাৰী খণ্ডৰ বিভিন্ন সংগঠনসমূহকো অন্তৰ্ভুক্ত কৰিছে। চাহ বাগিচাত বহুকেইখন এম্বুলেন্সৰ ব্যৱস্থাৰ বাবে বিভাগে শেহতীয়াকৈ হান্স ফাউণ্ডেশ্যনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।
আমি জানো, আমাৰ শ্ৰমিকসকলৰ কল্যাণ এক অবিৰত ব্যৱস্থা। আমি আমাৰ এই কৰ্মক সঠিক ৰূপত আগুৱাই নিবলৈ প্ৰতিদিনে সংকল্পবদ্ধ হৈ আছোঁ।