বাংলাদেশৰ স্বাধীনতাৰ বাবে ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুদ্ধৰ সময়ত সক্ৰিয় ভূমিকা পালন কৰা প্ৰাক্তন সৈনিকসকলৰ লগতে মহিলা মুক্তি যুঁজাৰু, বীৰাংগনা আৰু তেওঁলোকৰ পৰিয়ালকে ধৰি ৩০০গৰাকীক কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সম্বৰ্ধনা জনায়।
১৯৭১ চনৰ ১৬ ডিচেম্বৰত প্ৰায় ৯৩,০০০ পাকিস্তানী সৈন্য আৰু চৰকাৰী বিষয়াৰ আত্মসমৰ্পণৰ লগেলগে ভাৰতে আটাইতকৈ বৃহৎ তথা নিৰ্ণায়ক সামৰিক জয় লাভ কৰে আৰু এনেদৰে ১৯৭১ চনৰ ৩ ডিচেম্বৰত আৰম্ভ হোৱা ভাৰত-পাক যুদ্ধৰ সমাপ্তি ঘটে।
ভাৰতৰ এই বৃহৎ বিজয় ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা য’ত অসমৰ ৰাইজে মুক্তি বাহিনীলৈ সহায় আগবঢ়াই আৰু জনসাধাৰণক আশ্ৰয় দি এক নিৰ্ণায়ক ভূমিকা পালন কৰিছিল। এই অনুষ্ঠানটো ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি কেন্দ্ৰৰ এক শ্ৰদ্ধাপূৰ্বক অনুষ্ঠান।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন সৈনিকসকলক ৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ সম্পদ হিচাপে অভিহিত কৰি তেওঁলোকক প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। প্ৰাক্তন সৈনিকসকলক সম্বৰ্ধনা জনোৱাৰ বাবে অসম চৰকাৰৰ প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, এই অনুষ্ঠানত কেৱল সশস্ত্ৰ বাহিনীৰ প্ৰতিয়েই নহয়, দেশৰ গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতিও সন্মানৰ ভাবনা প্ৰতিফলিত হৈছে।
ভাৰত-বাংলাদেশ সীমান্তত শান্তি আৰু সুস্থিৰতা নিশ্চিত কৰি অঞ্চলটোত উন্নয়নৰ এক নতুন যুগৰ সূচনা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহৰ মাজত থকা সমন্বয়কে তেখেতে কৃতিত্ব দিয়ে।
অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ‘The Bravehearts of 1971’ নামৰ এখন গ্ৰন্থৰো শুভ উন্মোচন কৰে।