বঙাইগাঁও জিলাৰ যোগীঘোপাত শেহতীয়াকৈ এগৰাকী ১৬ বছৰীয়া অন্তঃসত্ত্বা নাবালিকাই দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লয়৷ ঘটনা অনুসৰি বাল্য বিবাহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত পৰিয়ালৰ লোকে অন্তঃসত্ত্বা নাবালিকাগৰাকীক চিকিৎসালয়ৰ পৰিৱৰ্তে নিজ ঘৰতেই সন্তান প্ৰসৱ কৰোৱাৰ চেষ্টা কৰিছিল৷ পাছত অতি সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও যাত্ৰাপথতে নাবালিকাগৰাকীৰ কৰুণ মৃত্যু ঘটে৷ ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে নাবালিকাগৰাকীৰ স্বামী আৰু শহুৰেকক গ্ৰেপ্তাৰ কৰে৷
এনেধৰণৰ ঘটনা অসমৰ ভিন্ন অঞ্চলত সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে৷ প্ৰসূতিজনিত মৃত্যুৰ অন্যতম কাৰণ হ’ল অপ্ৰাপ্তবয়স্ক অৱস্থাত গৰ্ভধাৰণ৷
যোৱা ২৩ জানুৱাৰীত অসম কেবিনেটত বাল্য বিবাহ প্ৰতিৰোধ অভিযান বিষয়ত গ্ৰহণ কৰা হয় এক বিশেষ সিদ্ধান্ত৷ বাল্য বিবাহ সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫ত প্ৰকাশ পোৱা তথ্যৰ বিষয়ে উল্লেখ কৰি শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা আইন (প’ক্স’), ২০১২ আৰু বাল্য বিবাহ প্ৰতিৰোধ আইন, ২০০৬ৰ অধীনত বাল্য বিবাহৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৰক্ষী-প্ৰশাসনক নিৰ্দেশনা প্ৰদান কৰে৷ সেই অনুসৰি আৰক্ষীয়ে ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰে৷
মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা তথ্য অনুসৰি ১৭ ফেব্ৰুৱাৰীলৈকে বাল্য বিবাহৰ বিৰুদ্ধে পঞ্জীয়নভুক্ত গোচৰৰ সংখ্যা ৪,২৩৫, মুঠ অভিযুক্তৰ সংখ্যা ৬, ৭০৭, মুঠ গ্ৰেপ্তাৰৰ সংখ্যা ৩,০৪৭, ন্যায়িক জিম্মাত আছে ২,৫৮৭গৰাকী আৰু আৰক্ষীৰ জিম্মাত আছে ৫৬গৰাকী৷
বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, মহিলা আৰু শিশু কল্যাণৰ বাবে কাম কৰি থকা ব্যক্তিবিশেষে ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ প্ৰতি ইতিবাচক সঁহাৰি প্ৰদান কৰে৷ উল্লেখ্য যে শান্তিৰ ন’বেল বঁটাপ্ৰাপক কৈলাশ সত্যাৰ্থীয়ে প্ৰতিষ্ঠা কৰা কৈলাশ সত্যাৰ্থী চিলড্ৰেনছ ফাউণ্ডেশ্যনে এই অভিযানৰ প্ৰশংসা কৰে৷
“দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসম চৰকাৰে শিশু সুৰক্ষাৰ ক্ষেত্ৰত থকা আইন আখৰে আখৰে পালন কৰি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, ” ফাউণ্ডেশ্যনটোৱে সংবাদ মাধ্যমত প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত এনেদৰে উল্লেখ কৰে৷
শিশুৰ অধিকাৰ সুৰক্ষা তথা বাল্য বিবাহৰ বিষয়ত বহু বছৰ ধৰি কাম কৰি অহা শিশু অধিকাৰ স্বেচ্ছাসেৱী সংগঠন ‘উৎসাহ’ৰ প্ৰতিষ্ঠাপক মিগোৱেল দাসে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয় “অধিকাৰৰ দৃষ্টিভংগীৰে চাবলৈ গ’লে বাল্য বিবাহ হৈছে শিশুৰ অধিকাৰ উলংঘা কৰা৷ বাল্য বিবাহ ৰোধ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপ সচাঁকৈয়ে আদৰণীয়৷ এই পদক্ষেপে জনসাধাৰণক আইনৰ প্ৰতি অধিক সজাগ আৰু দায়বদ্ধ কৰি তুলিব৷’’
২০১৫ চনৰপৰাই শিশু অধিকাৰ কৰ্মী হিচাপে সমৰ্পিত মনোভাৱেৰে কাম কৰি অহা বৰপেটা নিবাসী ৰফিকুল ইছলামে বাল্য বিবাহ ৰোধ কৰিবলৈ বিভিন্নধৰণেৰে প্ৰচেষ্টা চলাই আহিছে আৰু এইক্ষেত্ৰত তেখেতে বহুতো প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে৷ “২০১৬ চনৰ কথা, হাউলীত এখন বাল্য বিবাহ চলি আছিল৷ আমি বিবাহস্থলীত উপস্থিত হৈ বিবাহখন বন্ধ কৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও কইনা আৰু দৰাপক্ষই বিবাহ বন্ধ কৰিবলৈ অমান্তি হৈছিল৷ যথেষ্ট অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বাবে আমি উভতি আহিবলৈ বাধ্যত পৰিছিলোঁ৷ অৱশ্যে বিবাহখন সম্পন্ন নহ’ল বুলি আমি বিভিন্ন সূত্ৰৰ পৰা পাছত জানিবলৈ পালোঁ৷ আমি এনে বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ, ” তেখেতে কয়৷
বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰি ৰফিকুল ইছলামে কয় “মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপৰ প্ৰতি আমাৰ সমৰ্থন আছে৷ এইক্ষেত্ৰত নাবালিকাসকলৰ সুৰক্ষা মূল কথা৷ আৰ্থিকভাৱে দুৰ্বল আৰু নিৰক্ষৰ পৰিয়ালসমূহত এনেধৰণৰ প্ৰৱণতা বিশেষভাৱে দেখা যায়৷ সেয়েহে ‘বেটী বচাও বেটী পঢ়াও’ মনোভাৱেৰে শিক্ষাৰ পোহৰ বিলাই এই অভিযানক ইতিবাচক দিশেৰে অধিক গতিশীলতা প্ৰদান কৰা উচিত৷”
‘অসমৰ শোণিতপুৰ জিলাৰ চাহ বাগিচা কৰ্মীসকলৰ বিশেষ প্ৰসংগ সাপেক্ষে গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ অধিকাৰ’ বিষয়ত গৱেষণা কৰি শেহতীয়াকৈ পিএইচ ডি ডিগ্ৰী লাভ কৰা তেজপুৰ আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড॰ মৃদুলা শৰ্মাই কয় “মোৰ গৱেষণাৰ সময়ছোৱাত দেখিছিলোঁ যে চাহ বাগিচা অঞ্চলত বাল্য বিবাহৰ প্ৰৱণতা বহু পৰিমাণে আছে৷ তেওঁলোকে কম বয়সতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া হোৱাৰ বাবে মাতৃ আৰু সন্তানৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে৷ প্ৰেমজনিত কাৰণ, পৰিয়ালৰ আৰ্থিক অৱস্থা, শিক্ষা আৰু নিৰাপত্তাৰ অভাৱ আদিকে ধৰি বিভিন্ন কাৰণে কম বয়সত বিয়া হ’বলৈ ইন্ধন যোগায়৷ এই অপৰাধ নিৰ্মূল কৰিবলৈ অসম চৰকাৰৰ পদক্ষেপ গ্ৰহণযোগ্য৷ স্থানীয় অঞ্চল বিশেষে সজাগতামূলক কাৰ্যসূচী, শিক্ষা আৰু স্বাস্থ্যৰ বিষয়ত সঠিক ব্যৱস্থাপনা প্ৰদানৰ জৰিয়তে এই অভিযানে এক নতুন গতি লাভ কৰিব পাৰে৷”
বাল্য বিবাহৰ বলি হোৱা একাংশ কন্যাৰ বাবে প্ৰয়োজনীয় পুনৰ্বাসনৰ ব্যৱস্থা প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ বাজেটত এই সম্পৰ্কীয় এক পুঁজিও আবণ্টন কৰা হ’ব৷ “বাল্য বিবাহৰ সমস্যাসমূহৰ প্ৰতি ৰাইজক সজাগ তথা অভিযোগ গ্ৰহণ কৰিবলৈ এটা কল চেণ্টাৰ কাৰ্যকৰী কৰা হ’ব৷ লগতে ৰাজ্যৰ যিকোনো অংশত বাল্য বিবাহৰ ঘটনা সন্দৰ্ভত চৰকাৰৰ সৈতে চোৰাংচোৱা তথ্যৰ ভাগ-বাটোৱাৰা কৰিবলৈ এটা নেটৱৰ্ক গঠন কৰা হ’ব, ” মুখ্যমন্ত্ৰীয়ে কয়৷